সমললৈ যাওক

আলফ্ৰেড ন'বেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলফ্ৰেড ন'বেল
জন্ম আলফ্ৰেড বাৰ্ণাড ন'বেল
২১ অক্টোবৰ, ১৮৩৩
ষ্ট'কহ'ম, চুইডেন
মৃত্যু ১০ ডিচেম্বৰ, ১৮৯৬ (৬৩ বছৰ)
ছেনাৰিম', ইটালী
সমাধিস্থল Norra begravningsplatsen, ষ্ট'কহ'ম
59°21′24.52″N 18°1′9.43″E / 59.3568111°N 18.0192861°E / 59.3568111; 18.0192861
পেচা ৰসায়ানবিদ, অভিযন্তা, উদ্ভাৱক
জনা যায় ডাইনামাইটৰ উদ্ভাৱন, ন'বেল বঁটা
স্বাক্ষৰ

আলফ্ৰেড বাৰ্ণাড ন'বেল (ইংৰাজী: Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেতে ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫৫ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডিনামাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি ন'বেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কৰি যায়।[1] সাংশ্লেষিক মৌল ন'বেলিয়ামক তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী 'ডাইনামাইট ন'বেল' আৰু 'এজ্‌ক' ন'বেল' আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।

আলফ্ৰেড বাৰ্ণাড ন'বেলৰ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ষ্টকহমত।[2] পিতৃৰ নাম আছিল ইমানুৱেল ন'বেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল। ইমানুৱেল ন'বেল ষ্টকহমৰ ৰয়েল ইনষ্টিটিউট অব্ টেকন'লজিৰ ছাত্ৰ আৰু পিছত এগৰাকী ইঞ্জিনীয়াৰ হৈছিল।

ন'বেলৰ পিতৃ ইমানুৱেল ন'বেলে জীৱিকাৰ আশাত ষ্টকহম এৰি ৰাছিয়ালৈ আহে আৰু যুদ্ধৰ সা-সঁজুলি আৰু ছাবমেৰিণৰ কাৰখানা স্থাপন কৰে। কিন্তু ব্যৱসায় লাভজনক নোহোৱাত দ্বিতীয় পুত্ৰ লুইগৰ হাতত ব্যৱসায় গতাই দি ছেইণ্ট পিটাৰ্ছবাগলৈ আহে। ইয়াত তেওঁৰ ব্যৱসায়ৰ উন্নতি হয় আৰু যুদ্ধৰ সা-সঁজুলি আৰু বিস্ফোৰক পদাৰ্থৰ নিৰ্মাণকাৰী হিচাপে পৰিচয় লাভ কৰে। ইয়াৰ পিছত আলফ্ৰেড ন'বেলক ব্যক্তিগত শিক্ষকৰ ওচৰত ৰসায়ন বিজ্ঞান আৰু ভাষাজ্ঞান শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হয়। তেওঁ কম দিনৰ ভিতৰতে ৰসায়ন বিজ্ঞানৰ বহু কথা শিকিছিল লগতে ইংৰাজী, ফৰাচী, জাৰ্মান আৰু ৰুছ ভাষা সুন্দৰকৈ কব পৰা হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ পেৰিছৰ বিখ্যাত ৰসায়নবিদ অধ্যাপক টি জে পেল'জৰ ব্যক্তিগত পৰীক্ষাগাৰত কাম কৰিবলৈ লয়। তাতেই তেওঁ ইটালীৰ ৰসায়নবিদ আছানিঅ' ছ'ব্ৰেৰ'ক লগ পায় যিয়ে বিস্ফোৰক পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণ আৱিষ্কাৰ কৰিছিল। এই পৰীক্ষাগাৰত বিভিন্ন কৰ্ম প্ৰক্ৰিয়া শিকি আলফ্ৰেড আমেৰিকালৈ যায়। আৰু তাতেজন এৰিকছন নামৰ এজন বিজ্ঞানীৰ লগত কাম কৰিবলৈ লয়। এইদৰে বিভিন্ন অভিজ্ঞতা লৈ আলফ্ৰেড দেউতাকৰ ওচৰলৈ ঘূৰি আহে। কিন্তু ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁ দেউতাকে পুত্ৰ আলফ্ৰেড আৰু এমিলক লৈ আকৌ ষ্টকহমলৈ গুচি আহে।

ষ্টকহমৰ ওচৰতে থকা হলেনবাৰ্গত দেউতাকৰ সহায়ত বিজ্ঞানাগাৰ সাজি ভায়েক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিচাৰিণৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে। তেওঁ লক্ষ্য কৰে যে আৰু ছিলিকাৰ মিশ্ৰণে এটা আঠাৰ সৃষ্টি কৰে আৰু পিছত এই আঠাই লোৰ আকাৰ লয়, যিটোৰে মাটিত গাঁত কৰিবলৈ সহজ হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কামত আগ বঢ়াৰ এবছৰ পাছতেই নাইট্ৰ'গ্লিচাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ সৈতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়, লগতে গোটেই কাৰখানাটো বিধ্বস্ত হৈ যায়। ছুইডেনৰ চৰকাৰে কাৰখানাটো বন্ধ কৰি দিয়াৰ উপৰিও ওচৰে পাজৰে তেনেধৰণৰ আন কাৰখানা নিৰ্মাণত নিষেধাজ্ঞা জাৰি কৰে। আলফ্ৰেড হতাশ হ’ল যদিও কম দিনৰ ভিতৰতে মালাৰেন হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে। ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয়। ইমান দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে। আৰু অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। যাৰ বাবে তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে। এই আৱিষ্কাৰে শিল ভাঙিবলৈ,সুৰংগৰ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে। আলফ্ৰেড ন'বেলে বিশ্বৰ কুৰিখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰে। তেওঁ হৈ পৰিল এজন সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী।

বিস্ফোৰকৰ বাহিৰেও ন'বেলৰ আন আৱিষ্কাৰসমূহ আছিল ছিন্থেটিক ৰবৰ আৰু চামৰা,কৃত্ৰিম ছিল্ক,কৃত্ৰিম গাট্টা,পাৰ্চা,কোমল তীখাৰ পৰা নিৰ্মিত আত্মৰক্ষা ঢাল ইত্যাদি। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ ৩৫৫টা পেটেণ্ট আছিল।[3]

ন'বেল বঁটা

[সম্পাদনা কৰক]

১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড ন'বেলে পেৰিছৰ ছুইডিছ-নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে। তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব। আৰু তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্বৰ বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ’ব। এই ধন পাঁচটা সমান অংশত ভাগ হ’ব। এই অংশকেইটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ’ব। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা ছুইডিছ একাডেমী অব্ ছায়েন্স, চিকিৎসা বিজ্ঞানৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা কেৰ’লিনস্কা ইনষ্টিটিউটে, সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহমত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান কৰিব নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে। বঁটাপ্ৰাপ্ত গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ’ব পাৰে।

আলফ্ৰেড ন'বেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল। এই কমিটিত তেওঁ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে আৰু ভতিজাক ইমানুল ন'বেলক সহায়কাৰী হিচাপে মনোনীত কৰিছিল। ন'বেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম ন'বেল বঁটা বুলি ঘোষণা কৰে। ১৯০১ চনৰ ১০ ডিচেম্বৰত ন'বেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম ন'বেল বটা ঘোষণা কৰা হয়। আৰু তেতিয়াৰ পৰা এই বঁটা দি অহা হৈছে।

সাংসাৰিক জীৱন

[সম্পাদনা কৰক]

আলফ্ৰেড ন'বেলে অকলশৰীয়া জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ আছিল অবিবাহিত। ১৮৭৬ চনত ভিয়েনাৰ এখন বাতৰি কাকতত ন'বেলে এটা বিজ্ঞাপন প্ৰকাশ কৰিলে যে তেওঁক এগৰাকী মহিলা সংগী লাগে। ইয়াৰ কিছুদিন পিছত বাৰ্থা কিনস্কাই নামৰ যুৱতী এগৰাকী ন'বেলৰ ওচৰলৈ আহিল। তেওঁ নিজৰ আগৰ নাম সলাই বাৰ্থা ভন ছাটনাৰ ৰাখিলে। তেওঁ ন'বেলৰ সান্নিধ্যলৈ আহিল যদিও দুয়োৰে মাজত বন্ধুত্বহে হ’ল। মৃত্যুপৰ্যন্ত বাৰ্থা ন'বেলৰ বিশ্বস্ত বন্ধু হৈ থাকিল।

নোবেল আছিল লুথাৰিয়ান আৰু পেৰিছত বাস কৰা বছৰবোৰত তেওঁ নিয়মিতভাৱে পাষ্টৰ নাথান ছ'ডাৰব্লমৰ নেতৃত্বত চাৰ্চ অৱ ছুইডেন এব্ৰ'ডত যোগদান কৰিছিল আৰু ১৯৩০ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। [4] যৌৱনত তেওঁ অজ্ঞানী আছিল আৰু পিছলৈ নাস্তিক হৈ পৰিছিল যদিও তথাপিও তেওঁ গীৰ্জালৈ উদাৰতাৰে দান দিছিল।[5][6][7][8]

১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছানৰেম’স্থিত নিজা বাসগৃহত আলফ্ৰেড ন'বেলৰ ৬২ বছৰ বয়সত মৃত্যু হয়।[9][10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Golden, Frederic (16 October 2000). "The Worst and the Brightest". Time. https://content.time.com/time/subscriber/article/0,33009,998209,00.html.
  2. "Alfred Nobel's life and work". Nobel Prize. 13 March 2015. https://www.nobelprize.org/alfred-nobel/alfred-nobels-life-and-work/.
  3. সম্ভাৰ, অসমীয়া প্ৰতিদিন, ২৩ আগষ্ট ২০১৫, ড॰ পবিত্ৰ কুমাৰ পাটোৱাৰী
  4. "Nobel of Peace Laureates". March 2013. https://www.nobelprize.org/prizes/peace/1930/soderblom/biographical/.
  5. "Alfred Nobel – St. Petersburg, 1842–1863". Nobel Prize. 5 December 2014. https://www.nobelprize.org/alfred-nobel/alfred-nobel-st-petersburg-1842-1863/.
  6. "The anti-Semitic, chauvinistic side of Alfred Nobel". The Jewish Independent. 16 July 2018. https://thejewishindependent.com.au/anti-semitic-chauvinistic-side-alfred-nobel.
  7. Lim, Alane (27 April 2020). "Biography of Alfred Nobel, Inventor of Dynamite". Dotdash Meredith. https://www.thoughtco.com/alfred-nobel-biography-4176433 আহৰণ কৰা হৈছে: 12 June 2024.
  8. "The man behind the Nobel Prize: Remembering Alfred Nobel on his 184th birth anniversary". The New Indian Express. 21 October 2017. https://www.newindianexpress.com/galleries/world/2017/Oct/21/the-man-behind-the-nobel-prize-remembering-alfred-nobel-on-his-184th-birth-anniversary-100926.html.
  9. Gozzo, Lorenette (23 June 2016). "Alfred Nobel's final years in Sanremo". Nobel Prize. https://www.nobelprize.org/alfred-nobel/alfred-nobels-final-years-in-sanremo/.
  10. "Alfred Nobel – en mångsidig man [Alfred Nobel – a versatile man]" (sv ভাষাত). The Nobel Prize. December 2019. Archived from the original on 21 October 2021. https://web.archive.org/web/20211021140326/https://nobelprizemuseum.se/wp-content/uploads/2019/12/Alfred-Nobel-faktatext.pdf আহৰণ কৰা হৈছে: 29 June 2026.

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]
  • Nobel, Alfred Bernhard in the 1911 Encyclopædia Britannica
  • Schück, H, and Sohlman, R., (1929). The Life of Alfred Nobel. London: William Heineman Ltd.
  • Alfred Nobel US Patent No 78,317, dated 26 May 1868
  • Evlanoff, M. and Fluor, M. Alfred Nobel – The Loneliest Millionaire. Los Angeles, Ward Ritchie Press, 1969.
  • Sohlman, R. The Legacy of Alfred Nobel, transl. Schubert E. London: The Bodley Head, 1983 (Swedish original, Ett Testamente, published in 1950).
  • Jorpes, J.E. Alfred Nobel. British Medical Journal, Jan.3, 1959, 1(5113): 1–6.
  • Sri Kantha, S. Alfred Nobel's unusual creativity; an analysis. Medical Hypotheses, April 1999; 53(4): 338–344.
  • Sri Kantha, S. Could nitroglycerine poisoning be the cause of Alfred Nobel's anginal pains and premature death? Medical Hypotheses, 1997; 49: 303–306.

বহিঃ সংযোগ

[সম্পাদনা কৰক]