ন'বেল বঁটা বিজয়ী (সাহিত্য)

সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।[1] ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি, এই বঁটা ন'বেল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰু ছুইডিছ একাডেমীৰ দ্বাৰা প্ৰদান কৰা হয়।[2] প্ৰতিজন বিজয়ীয়ে এখন পদক, এখন ডিপ্লোমা আৰু এক আৰ্থিক পুৰস্কাৰ লাভ কৰে, যাৰ পৰিমাণ বছৰৰ সৈতে সলনি হৈছে।[3] ১৯০১ চনত প্ৰথম বিজয়ী চুলি প্ৰুড’মে ১৫০,৭৮২ ছুইডিছ ক্ৰোনা লাভ কৰিছিল, যি ২০১৮ চনৰ জানুৱাৰী অনুসৰি প্ৰায় ৮,৮২৩,৬৩৭.৭৮ ক্ৰোনাৰ সমতুল। এই বঁটা প্ৰতিবছৰে ১০ ডিচেম্বৰত ষ্টকহল্মত ন'বেলৰ মৃত্যুদিনত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়।[4]
২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা মুঠ ১২১ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে।[5] ইয়াৰ ভিতৰত ১৮ গৰাকী মহিলা বিজয়ী, যি সংখ্যাটো শান্তিৰ বাবে ন'বেল বঁটাৰ পিছতেই দ্বিতীয় স্থানত আছে।[6][7] ২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা ইংৰাজী ভাষাত লিখা ২৯ গৰাকী লেখকে লাভ কৰিছে, যাৰ পিছত ফ্ৰেঞ্চ ভাষাত ১৬ গৰাকী আৰু জাৰ্মান ভাষাত ১৪ গৰাকী বিজয়ী আছে। ৰাষ্ট্ৰীয়ভাৱে ফ্ৰান্সৰ বিজয়ীৰ সংখ্যা আটাইতকৈ বেছি।
দেশ অনুসৰি নোবেল বিজয়ী
[সম্পাদনা কৰক]১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীৰ দেশসমূহ তলত দিয়া হ’ল:
দেশ | সংখ্যা |
---|---|
![]() |
১৬ |
![]() |
১৩ |
![]() |
১৩ |
![]() |
৯ |
![]() |
৮ |
![]() |
৬ |
![]() |
৬ |
![]() |
৬ |
![]() ![]() |
৫ |
![]() |
৪ |
![]() |
৪ |
![]() |
৩ |
![]() |
২ |
![]() |
২ |
![]() |
২ |
![]() |
২ |
![]() |
২ |
![]() |
২ |
![]() |
২ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
![]() |
১ |
ভাষা অনুসৰি নোবেল বিজয়ী
[সম্পাদনা কৰক]১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীয়ে তলত উল্লেখ কৰা ভাষাসমূহত সাহিত্য ৰচনা কৰিছিল:
ভাষা | সংখ্যা |
---|---|
ইংৰাজী | ২৯ (৩২)১ |
ফ্ৰেন্স | ১৬ |
জাৰ্মান | ১৪ (১৫)২ |
স্পেনিছ | ১১ |
ছুইডিছ | ৭ |
ইটালিয়ান | ৬ |
ৰাছিয়ান | ৬ |
প'লিচ | ৫ |
ন'ৰৱেজিয়ান | ৪ |
ডেনিছ | ৩ |
চীনা | ২ |
গ্ৰীক | ২ |
জাপানী | ২ |
আৰবী | ১ |
বাংলা | ১ |
চেক | ১ |
ফিনিচ | ১ |
হিব্ৰু | ১ |
হাংগেৰিয়ান | ১ |
আইচলেণ্ডিক | ১ |
কোৰিয়ান | ১ |
প্ৰ'ভেন্সাল (অ'ক্সিটান) | ১ |
পৰ্তুগীজ | ১ |
চাৰ্বো-ক্ৰোয়েচিয়ান | ১ |
টাৰ্কিচ | ১ |
ইদ্দিছ | ১ |
১ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩)য়ে বাংলা আৰু ইংৰাজীত, স্যামুয়েল বেকেট (১৯৬৯)য়ে ফ্ৰেন্স আৰু ইংৰাজীত, আৰু জ'ছেফ ব্ৰডস্কি (১৯৮৭)য়ে ৰাছিয়ান কবিতা আৰু ইংৰাজী গদ্য লিখিছিল। এই তিনিগৰাকী বিজয়ীক বাংলা, ফ্ৰেন্স আৰু ৰাছিয়ানত অন্তৰ্ভুক্ত কৰা হৈছে।[8]
২কাৰ্ল আদল্ফ জেলাৰূপ (১৯১৭)য়ে ডেনিছ আৰু জাৰ্মান ভাষাত লিখিছিল।
লিংগ অনুসৰি নোবেল বিজয়ী
[সম্পাদনা কৰক]১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা বিজয়ীৰ লিংগ অনুযায়ী বিতৰণ তলত দিয়া হ’ল:
দশক | পুৰুষ | স্ত্ৰী |
---|---|---|
১৯০০–১৯০৯ | ৯ | ১ |
১৯১০–১৯১৯ | ৯ | ০ |
১৯২০–১৯২৯ | ৮ | ২ |
১৯৩০–১৯৩৯ | ৮ | ১ |
১৯৪০–১৯৪৯ | ৫ | ১ |
১৯৫০–১৯৫৯ | ১০ | ০ |
১৯৬০–১৯৬৯ | ১০ | ১ |
১৯৭০–১৯৭৯ | ১১ | ০ |
১৯৮০–১৯৮৯ | ১০ | ০ |
১৯৯০–১৯৯৯ | ৭ | ৩ |
২০০০–২০০৯ | ৭ | ৩ |
২০১০–২০১৯ | ৭ | ৩ |
২০২০–২০২৯ | ২ | ৩ |
মুঠ | ১০৩ | ১৮ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Alfred Nobel – The Man Behind the Nobel Prize". Nobel Foundation. http://nobelprize.org/alfred_nobel/। আহৰণ কৰা হৈছে: 2008-10-16.
- ↑ "The Nobel Prize Awarders". Nobel Foundation. http://nobelprize.org/prize_awarders/। আহৰণ কৰা হৈছে: 2008-10-16.
- ↑ "The Nobel Prize". Nobel Foundation. http://nobelprize.org/nobel_prizes/। আহৰণ কৰা হৈছে: 2008-10-07.
- ↑ "The Nobel Prize Award Ceremonies". Nobel Foundation. http://nobelprize.org/award_ceremonies/। আহৰণ কৰা হৈছে: 2008-10-16.
- ↑ "All Nobel Laureates in Literature". Nobel Foundation. http://nobelprize.org/nobel_prizes/literature/laureates/। আহৰণ কৰা হৈছে: 2008-10-16.
- ↑ "Women Nobel Laureates". Nobel Foundation. http://nobelprize.org/nobel_prizes/lists/women.html। আহৰণ কৰা হৈছে: 2008-10-16.
- ↑ "Nobel Prize Winners: How Many Women Have Won Awards?". telegraph.com. https://www.telegraph.co.uk/news/worldnews/11922707/Nobel-Prize-winners-How-many-women-have-won-awards.html.
- ↑ "Number of Nobel Laureates in Literature Sorted in Languages". https://www.nobelprize.org/nobel_prizes/facts/literature/। আহৰণ কৰা হৈছে: 2017-06-14.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী (সাহিত্য) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website of the Royal Swedish Academy of Sciences Archived 2008-12-16 at the Wayback Machine
- Official website of the Nobel Foundation
- Read the Nobels - a collaborative Litblog featuring reviews of individual books by Nobel Laureates.
|