সমললৈ যাওক

ন'বেল বঁটা বিজয়ী (সাহিত্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Mats Malm, বৰ্তমান ছুইডিছ একাডেমীৰ স্থায়ী সচিব, ২০২২ চনৰ সাহিত্যৰ বাবে ন'বেল বঁটা ঘোষণা কৰি আছে

সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।[1] ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি, এই বঁটা ন'বেল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰু ছুইডিছ একাডেমীৰ দ্বাৰা প্ৰদান কৰা হয়।[2] প্ৰতিজন বিজয়ীয়ে এখন পদক, এখন ডিপ্লোমা আৰু এক আৰ্থিক পুৰস্কাৰ লাভ কৰে, যাৰ পৰিমাণ বছৰৰ সৈতে সলনি হৈছে।[3] ১৯০১ চনত প্ৰথম বিজয়ী চুলি প্ৰুড’মে ১৫০,৭৮২ ছুইডিছ ক্ৰোনা লাভ কৰিছিল, যি ২০১৮ চনৰ জানুৱাৰী অনুসৰি প্ৰায় ৮,৮২৩,৬৩৭.৭৮ ক্ৰোনাৰ সমতুল। এই বঁটা প্ৰতিবছৰে ১০ ডিচেম্বৰত ষ্টকহল্মত ন'বেলৰ মৃত্যুদিনত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়।[4]

২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা মুঠ ১২১ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে।[5] ইয়াৰ ভিতৰত ১৮ গৰাকী মহিলা বিজয়ী, যি সংখ্যাটো শান্তিৰ বাবে ন'বেল বঁটাৰ পিছতেই দ্বিতীয় স্থানত আছে।[6][7] ২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা ইংৰাজী ভাষাত লিখা ২৯ গৰাকী লেখকে লাভ কৰিছে, যাৰ পিছত ফ্ৰেঞ্চ ভাষাত ১৬ গৰাকী আৰু জাৰ্মান ভাষাত ১৪ গৰাকী বিজয়ী আছে। ৰাষ্ট্ৰীয়ভাৱে ফ্ৰান্সৰ বিজয়ীৰ সংখ্যা আটাইতকৈ বেছি।

দেশ অনুসৰি নোবেল বিজয়ী

[সম্পাদনা কৰক]

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীৰ দেশসমূহ তলত দিয়া হ’ল:

দেশ সংখ্যা
 ফ্ৰান্স ১৬
 আমেৰিকা যুক্তৰাষ্ট্ৰ ১৩
 যুক্তৰাজ্য ১৩
 জাৰ্মানী
 ছুইডেন
 পোলেণ্ড
 স্পেইন
 ইটালী
 ৰাছিয়া/ ছ'ভিয়েট সংঘ
 আয়াৰলেণ্ড
 নৰৱে
 ডেনমাৰ্ক
 অষ্ট্ৰিয়া
 চিলি
 গ্ৰীচ
 জাপান
 দক্ষিণ আফ্ৰিকা
 ছুইজাৰলেণ্ড
 চীন
 অষ্ট্ৰেলিয়া
 বেলাৰুছ
 বেলজিয়াম
 বুলগেৰিয়া
 কানাডা
 কলম্বিয়া
 চেক’শ্লভাকিয়া
 ইজিপ্ত
 ফিনলেণ্ড
 গুৱেটমালা
 হাংগেৰী
 আইচলেণ্ড
 ভাৰত
 ইজৰাইল
 মৰিছাছ
 মেক্সিকো
 নাইজেৰিয়া
 পেৰু
 পৰ্তুগাল
 ৰোমানিয়া
 ছেইণ্ট লুছিয়া
 দক্ষিণ কোৰিয়া
 তাঞ্জানিয়া
 তুৰস্ক
 য়ুগোশ্লভিয়া

ভাষা অনুসৰি নোবেল বিজয়ী

[সম্পাদনা কৰক]

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীয়ে তলত উল্লেখ কৰা ভাষাসমূহত সাহিত্য ৰচনা কৰিছিল:

ভাষা সংখ্যা
ইংৰাজী ২৯ (৩২)
ফ্ৰেন্স ১৬
জাৰ্মান ১৪ (১৫)
স্পেনিছ ১১
ছুইডিছ
ইটালিয়ান
ৰাছিয়ান
প'লিচ
ন'ৰৱেজিয়ান
ডেনিছ
চীনা
গ্ৰীক
জাপানী
আৰবী
বাংলা
চেক
ফিনিচ
হিব্ৰু
হাংগেৰিয়ান
আইচলেণ্ডিক
কোৰিয়ান
প্ৰ'ভেন্সাল (অ'ক্সিটান)
পৰ্তুগীজ
চাৰ্বো-ক্ৰোয়েচিয়ান
টাৰ্কিচ
ইদ্দিছ

ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩)য়ে বাংলা আৰু ইংৰাজীত, স্যামুয়েল বেকেট (১৯৬৯)য়ে ফ্ৰেন্স আৰু ইংৰাজীত, আৰু জ'ছেফ ব্ৰডস্কি (১৯৮৭)য়ে ৰাছিয়ান কবিতা আৰু ইংৰাজী গদ্য লিখিছিল। এই তিনিগৰাকী বিজয়ীক বাংলা, ফ্ৰেন্স আৰু ৰাছিয়ানত অন্তৰ্ভুক্ত কৰা হৈছে।[8]

কাৰ্ল আদল্ফ জেলাৰূপ (১৯১৭)য়ে ডেনিছ আৰু জাৰ্মান ভাষাত লিখিছিল।

লিংগ অনুসৰি নোবেল বিজয়ী

[সম্পাদনা কৰক]

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা বিজয়ীৰ লিংগ অনুযায়ী বিতৰণ তলত দিয়া হ’ল:

দশক পুৰুষ স্ত্ৰী
১৯০০–১৯০৯
১৯১০–১৯১৯
১৯২০–১৯২৯
১৯৩০–১৯৩৯
১৯৪০–১৯৪৯
১৯৫০–১৯৫৯ ১০
১৯৬০–১৯৬৯ ১০
১৯৭০–১৯৭৯ ১১
১৯৮০–১৯৮৯ ১০
১৯৯০–১৯৯৯
২০০০–২০০৯
২০১০–২০১৯
২০২০–২০২৯
মুঠ ১০৩ ১৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]