১৮ ছেপ্টেম্বৰ (ইংৰাজী : 18 September ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৬১তম (অধিবৰ্ষ ত ২৬২তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৬১৫ - ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ' মোগল সম্ৰাট জাহাঙ্গীৰ ক লগ কৰিবলৈ আহি ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হয়।
১৮০৩ - ব্ৰিটিছে পুৰী দখল কৰে।
১৯৪৮ - হায়দৰাবাদৰ নিজামৰ সেনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰা বাবে অপাৰেছন প'ল' বাতিল কৰা হয়।
১৯৬৭ - নাগালেণ্ডত ইংৰাজী ভাষা নিৰ্দেশনাৰ মাধ্যম হিচাপে লোৱা হৈছিল।
৫৩ - ট্ৰ'জান (Trajan), ত্ৰয়োদশ ৰোমান সম্ৰাট।
১৭০৯ - চেমুৱেল জনছন (Samuel Johnson), ইংৰাজ শিক্ষাবিদ আৰু অভিধান প্ৰণেতা।
১৮৯৫ - জন ডিফেনবেকাৰ (John Diefenbaker), কানাডাৰ ত্ৰয়োদশ প্ৰধান মন্ত্ৰী।
১৮২৪ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমৰ প্ৰখ্যাত গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
১৯৪৬ - মুকুন্দকাম শৰ্মা , ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ।
১৯৫০ - শাবানা আজমী (Shabana Azmi), এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফী ৰ জীয়ৰী।
১৯৭৬ - ৰ'নাল্ড' (Ronaldo), ব্ৰাজিলৰ ১৯৯৪ আৰু ২০০২ চনৰ বিশ্ব কাপ বিজয়ী দলৰ মুখ্য় ফুটবল খেলুৱৈ। ২০০২ চনৰ বিশ্ব কাপ ফুটবলৰ ম'ষ্ট ভেলুৱেবল প্লেয়াৰ ।
৯৬ - ডমিচিয়ান (Domitian), ৰোমান সম্ৰাট।
১৮৭৩ - লিঅ'নাৰ্ড অইলাৰ (Leonhard Euler), চুইছ গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী, ভূগোলবিজ্ঞানী, নৈয়ায়িক (logician) আৰু অভিযন্তা আছিল। টপ'ল'জি আৰু গ্ৰাফ থিয়ৰী ৰ আৱিষ্কাৰক। (জঃ ১৫ এপ্ৰিল , ১৭০৭)
১৯৬১ - ডগ হেমাৰস্খ'ল্ড (Dag Hammarskjöld), ৰাষ্ট্ৰসংঘ ৰ দ্বিতীয় সচিব। শান্তিৰ ন'বেল বঁটা জয়ী। বিমান দুৰ্ঘটনাত নিহত হৈছিল। (জঃ ২৯ জুলাই , ১৯০৫)
১৯৭৮ - আব্ৰাহাম থ'মাছ কুভুৰ , ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
২০১১ - ৰামশৰণ দৰ্নাল , নেপালী নৃতাত্ত্ৱিক সংগীতবিজ্ঞানী।
২০১৩ - কেন নৰ্টন (Ken Norton), আমেৰিকান বক্সিং খেলুৱৈ।
২০২১ - ডঃবাণীকান্ত শৰ্মা। বিশিষ্ট শিক্ষাবিদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ অধ্যাপক, সু সাহিত্যিক,অভিধান প্ৰণেতা ।