১৫ জুন
Jump to navigation
Jump to search
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০১৯ |
১৫ জুন (ইংৰাজী: 15 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম (অধিবৰ্ষত ১৬৭তম) দিন। বছৰ শেষ হ'বলৈ ১৯৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
- আজি শ্বহীদ কুশল কোঁৱৰৰ স্মতি দিৱস ৷ ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল ৷
- ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
- আজিৰ দিনটোত কলকাতাৰ প্ৰসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা হয়।
- বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতে ৷
- ১২১৫ চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
- ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৫ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|