সুৰাইয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰাইয়া
জন্ম সুৰাইয়া জামাল শ্বেখ
১৫ জুন, ১৯২৯
লাহোৰ, পঞ্জাব প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ পাকিস্তানৰ পঞ্জাব)
মৃত্যু ৩১ জানুৱাৰী, ২০০৪ (৭৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সমাধিস্থল বড়া কবৰস্তান, মেৰিন লাইন, মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা অভিনেত্ৰী, নেপঠ্য কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩৬-১৯৬৩
জনা যায় হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু গান
উল্লেখযোগ্য কৰ্ম তদবীৰ (১৯৪৩), অনমোল ঘড়ী (১৯৪৬), মিৰ্জা গালিব (১৯৫৩)
স্বাক্ষৰ

সুৰাইয়া জামাল শ্বেখ (ইংৰাজী: Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল।[1] ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ হিন্দী ছবিৰ তেওঁ শীৰ্ষস্থানীয় নায়িকা আছিল। তেওঁ এগৰাকী প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পীও আছিল আৰু ‘নয়ি দুনীয়া’ (১৯৪২) ছবিৰে গীতৰ জগতত প্ৰবেশ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৬ত শিশুশিল্পীৰ ৰূপত সুৰাইয়া

সুৰাইয়াৰ জন্ম লাহোৰত ১৯২৯ৰ ১৫ জুনত হৈছিল। আজিজ জামাল শ্বেখ আৰু মুমতাজ শ্বেখ তেওঁৰ দেউতাৰ আৰু মাক আছিল। তেওঁ এবছৰীয়া থাকোঁতেই পৰিয়ালটো বোম্বেৰ মেৰিন ড্ৰাইভলৈ গুছি আহে। তেওঁলোকে বোম্বেত লগ পায় মোমায়েক ১৯৩০ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ প্ৰখ্যাত ভিলেইন এম জহৰক।[3][1] তেওঁ বোম্বেৰ নিউ হাইস্কুলত বা বৰ্তমানৰ ছোৱালীৰ জে.বি. পেটিট হাইস্কুলত পঢ়া-শুনা কৰে। সুৰাইয়াৰ শৈশৱৰ বন্ধু ৰাজ কাপুৰ, মদন মোহনৰ (সঙ্গীত পৰিচালক) সৈতে সৰুতে অল ইণ্ডিয়া ৰেডিঅ’ৰ শিশুৰ অনুষ্ঠানত গীত গাইছিল।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

অভিনেত্ৰী ৰূপে[সম্পাদনা কৰক]

এজনী শিশুশিল্পী ৰূপে সুৰাইয়াত ১৯৩৬ চনত জদ্দন বাইৰ মেডাম ফেচনৰ যোগেদি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে।[5] পিছলৈ মোমায়েক এম জহুৰৰ সহযোগিতাত এটা গুৰত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিবলৈ সুবিধা পায়। ১৯৪১চনত স্কুল বন্ধ থকা অৱস্থাত মোমায়েকৰ লগত তাজমহলৰ (১৯৪১) শ্বুটিং চাবলৈ বোম্বেৰ মোহন ষ্টুডিঅ’লৈ যায়। পৰিচালক নানুভাই ৱকিলে সুৰাইয়াৰ কমনীয়তা দেখি মুমতাজৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিয়ে।[6]

কণ্ঠশিল্পী ৰূপে[সম্পাদনা কৰক]

সুৰাইয়াই ১৯৪২ চনত সৰু ১৩ বছৰ বয়সত ‘’নয়ী দুনিয়া’ (১৯৪২) ছবিত ‘বুট কৰুঁ মেঁ পলিচ বাবু’ গীতটো গাই নেপথ্য কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ নৌচাদৰ সঙ্গীতত এ.আৰ. কাৰদাৰৰ ছবি ‘সাৰদা’ (১৯৪২), ‘কানুন’ (১৯৪৩) আৰু ‘সংযোগ’ত (১৯৪৩) গীত গাইছিল।[7]

মান্না দেই গোৱা প্ৰথমখন হিন্দী ছবি ‘তামান্না’ত (১৯৪২) তেওঁৰ সৈতে সুৰাইয়ায়েও ‘জাগো আয়ী উষা’ শীৰ্ষক গীতটো গাইছিল আৰু সেইটোৱে দুয়ো একেলগে গোৱা একমাত্ৰ দ্বৈতকণ্ঠৰ গীত।[8] আকৌ ১৯৪২ত ‘ষ্টেচন মাষ্টৰ’ ছবিত নৌচাদৰ সঙ্গীতত ৰাজকুমাৰীৰ লগতে সুৰাইয়ায়ো গাইছিল।[9] Suraiya acted in both these films.[2]

সন্মান আৰু স্বীকৃতি[সম্পাদনা কৰক]

ভাৰতীয় ডাক টিকটত সুৰাইয়া, ২০১৩

১৯৪৬ত সুৰাইয়া, নুৰ জাহান আৰু সুৰেন্দৰ অভিনীত অনমোল ঘড়ীয়ে বোম্বে আৰু ভাৰতৰ অন্যান্য ঠাইত ৰূপালী জয়ন্তী সপ্তাহ পালন কৰে।[10]

১৯৫১ চনত চলচ্চিত্ৰ সাপ্তাহিক স্ক্ৰীণৰ উদ্বোধনী সংখ্যাৰ বেটুপাতত সুৰাইয়াৰ আলোকচিত্ৰ প্ৰকাশ পায়।[11]

১৯৫৪ত তেওঁৰ ছবি মিৰ্জা গালিবে দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ সোণৰ পদক পায়। অনুষ্ঠানত ভাৰতৰ তদানিন্তত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে মন্তব্য কৰে যে সুৰাইয়াই ছবিখনত প্ৰাণৰ সঞ্চাৰ কৰিছে।[12][13]

১৯৯৬ত সুৰাইয়াক স্ক্ৰীণ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়।[14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 https://www.rediff.com/movies/2004/feb/06sd5.htm
  2. 2.0 2.1 Mahaan, Deepak (20 February 2014) "In her own orbit". The Hindu. Retrieved 8 November 2018.
  3. Why did Suraiya break Dev Anand's heart?. MagnaMags (20 March 2014). Retrieved 8 November 2018.
  4. Came like a Meteor. The Hindu (6 February 2004). Retrieved 8 November 2018.
  5. Dwyer, Rachel (2002). Cinema India: The Visual Culture of Hindi Film. Rutgers University Press. ISBN 978-0-81353-175-5. 
  6. Nevile, Pran (21 July 2017) The story of Suraiya. The Hindu. Retrieসৎved 8 November 2018.
  7. Premchand, Manek (2018). The Hindi Music Jukebox: Exploring Unforgettable Songs. Notion Press. পৃষ্ঠা. 89–. ISBN 978-1-64324-760-1. https://books.google.com/books?id=M2xlDwAAQBAJ&pg=PT89. 
  8. 10 most popular songs of Manna Dey – Movies News. Indiatoday.in. Retrieved 8 November 2018.
  9. Saajan Ghar Aaye Lyrics | Saajan Ghar Aaye Station Master lyrics. lyricsgram.com. Retrieved 8 November 2018.
  10. http://cineplot.com/wajid-ali-shah-1953/
  11. Anniversary Special. The Indian Express (3 October 2014). Retrieved 2018-11-08.
  12. Suraiya, A Voice from the Past – An Interview Archived 2021-02-28 at the Wayback Machine. Indian Melody. Retrieved 8 November 2018.
  13. Kaur, Devinder Bir (8 February 2004). "SURAIYA A Tribute O door jaane wale...". The Sunday Tribune. http://www.tribuneindia.com/2004/20040208/spectrum/main4.htm. 
  14. Singing queen Suraiya battles for life. Sify.com (31 January 2004). Retrieved 8 November 2018.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]