৫ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

৫ মে' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২৫ তম (অধিবৰ্ষত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হয়।
  2. ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম হয়।
  3. ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক হেনৰিক ছিনকিৱজৰ জন্ম হৈছিল। তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।
  4. ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ। তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৪৪ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ সভাপতি মইদুল ইছলাম বৰাই মৃত্যুক সাৱতি লয়।
  2. ২০০৬ চনৰ আজিৰ দিনটোতে মৃত্যু হয় প্ৰসিদ্ধ সংগীত শিল্পী নৌছাদৰ।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক।
  2. ১৯৮৪ চনৰ আজিৰ দিনটোত ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়।
  3. ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ।
  4. আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল।
  5. ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়।
  6. আজি নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]