সমললৈ যাওক

ৰঘুনাথ মুৰ্মু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঘুনাথ মুৰ্মু
জন্ম ৫ মে', ১৯০৫
ময়ুৰভঞ্জ, উৰিষ্যা, ভাৰত
মৃত্যু ১ ফেব্ৰুৱাৰী, ১৯৮২ (৭৬ বছৰ)
পেচা ভাষাতত্ত্ববিদ, নাট্যকাৰ, লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি অল চিকি লিপিৰ উদ্ভাৱন

পণ্ডিত ৰঘুনাথ মুৰ্মু (চাঁওতালি: ᱨᱚᱜᱷᱩᱱᱟᱛᱷ ᱢᱩᱨᱢᱩ, ৫ মে' ১৯০৫ – ১ ফেব্ৰুৱাৰী ১৯৮২)[1] এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ লগতে চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।[2][3]

চমু জীৱনী

[সম্পাদনা কৰক]
পণ্ডিত ৰঘুনাথ মুৰ্মু

মুৰ্মুই ১৯০৫ চনৰ ৫ মে তাৰিখে এক পূৰ্ণিমা তিথিত উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰঙ্গপুৰ থানাৰ অন্তৰ্গত ডাহৰাডিহি গ্ৰামত জন্মগ্ৰহণ কৰে।[4] তেখেতে ১৯২৫ চনত অল চিকি লিপি উদ্ভাৱনৰ পিছত সেই লিপিতেই চাঁওতালি ভাষাত বিভিন্ন নাটক, কবিতা আৰু কিতাপ আদি লেখি উলিয়ালে। ১৯৭৭ চনত ঝাড়গ্ৰামৰ বেতাকুন্দৰিডিহিত তেখেত এখন চাঁওতালি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। ৰাঁচিৰ ধুমকুৰয়া কৰ্তৃক তেখেতক চাওঁতালি সাহিত্যত অৱদানৰ বাবে তেখেতক ডি॰ লিট উপাধি প্ৰদান কৰা হয়। চাৰুলাল মুখোপাধ্যায়ে মুৰ্মূকে এজন ধাৰ্মিক আৰু এগৰাকী আদিবাসী লেখক মাৰ্টিন ওঁৰাও তেখেতৰ দি ছান্থাল - এ ট্ৰাইব ইন চাৰ্চ অব দি গ্ৰেট ট্ৰেডিছন গ্ৰন্থত তেখেতক চাঁওতাল সকলৰ মহান শিক্ষক হিচাবে উল্লেখ কৰা হৈছে। তেতিয়াৰ পৰা তেখেতক চাওঁতাল আদিবাসী সকলৰ মাজত গুৰু গোমকে (অৰ্থাৎ "মহান শিক্ষক") নামে খ্যাতি অৰ্জন কৰে।[5][6] ৰঘুনাথ মুৰ্মু ১৯৮১ চনৰ ১ ফেব্ৰুৱাৰী দিনা এই সংসাৰৰ পৰা বিদায় লয়।

উল্লেখযোগ্য ৰচনা

[সম্পাদনা কৰক]
  • বিন্দু চন্দন (বিন্দু চা্ন্দা্ন) (নাটক)
  • হাকেগে ধন (হাকেগে ধা্ন্) (নাটক)
  • খেৰৱাল বিৰ (খেৰৱাল বিৰ) (নাটক)
  • চিদৗ কানহু চাঁওতাল হুল (চিদৗ কানহু ছান্থাল হুল্) (নাটক)
  • হাগ চেৰেঞ (কাব্য)
  • হিতল (হিতৗলা্) (কাব্য)
  • বাহা চেৰেঞ (কাব্য)
  • এলাখা পঠব (এলাখা পাঠপ্)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Pandit Raghunath Murmu". Anagrasarkalyan.gov.in. Archived from the original on 14 February 2016. https://web.archive.org/web/20160214153604/http://www.anagrasarkalyan.gov.in/htm/raghu-murmu.html আহৰণ কৰা হৈছে: 13 November 2015.
  2. "Naveen declares birthday of Raghunath Murmu a holiday". Times of India. May 18, 2016. https://timesofindia.indiatimes.com/city/bhubaneswar/Naveen-declares-birthday-of-Raghunath-Murmu-a-holiday/articleshow/52329861.cms আহৰণ কৰা হৈছে: 2017-12-04.
  3. "Odisha Government Portal". Orissa.gov.in. http://orissa.gov.in/e-magazine/Orissareview/2011/aug/engpdf/51-52.pdf আহৰণ কৰা হৈছে: 3 December 2017.
  4. Nayak, Dr. Rajkishore (10 May 2017). "ପ୍ରଣମ୍ୟ ପୁରୁଷ: ପଣ୍ଡିତ ରଘୁନାଥ ମୁର୍ମୁ". Suryaprava. Archived from the original on 2017-06-27. https://web.archive.org/web/20170627033509/http://suryaprava.co.in/epaper/m/56173/591267e91deb7 আহৰণ কৰা হৈছে: 15 May 2017.
  5. Pathy, J (1988) (en ভাষাত). Ethnic Minorities in the Process of Development. Rawat Book Sellers. পৃষ্ঠা. 174. ISBN 9788170330554. https://books.google.co.uk/books?id=z48eAAAAMAAJ.
  6. (en ভাষাত) Indian Linguistics. 47-50. 1987. p. 18. https://books.google.co.uk/books?id=vmkaAQAAIAAJ.