১৪ জুন (ইংৰাজী : 14 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬৫তম (অধিবৰ্ষ ত ১৬৬তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০০টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১৯২৬ - পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে।
১৯৭৫ - ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে।
১৯৯১ - চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয়।
১৯৯৯ - থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে।
২০০২ - হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।
২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
২০০৩ - ফুটবল জগতৰ তাৰকা ডেভিদ বেকহাম ক ইংলেণ্ডৰ ৰাণীৰ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।
২০০৪ - চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা য়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰিছিল।
২০১৩ - চিম্পল গগৈ ৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে তুমি যদি কোৱা নামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে।
১৯০৯ - ই এম এছ নাম্বুডিৰিপদ, তেখেতে ১৯৬৭ চনত কেৰালাত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰিছিল। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালঘাটত।
১৯৫৯ - পীতাম্বৰ দেৱ গোস্বামী , আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। জন্ম স্থান - ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰ।
১৯৪৬ - জন ল'গি বেয়াৰ্ড, টেলিভিছন আৱিষ্কাৰক।
১৯৬৮ - ছালভাটোৰ কোৱাছিমডোৰ, ইটালীৰ প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয়।
১৯৮৮ - ইভা আচাও , এগৰাকী অসমীয়া অভিনেত্ৰী। (জন্ম: ১০ এপ্ৰিল , ১৯৪০)
২০১১ - সুপ্ৰভা দেৱী , অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা। তাই ‘নয়নমণি ’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল। (জন্ম: ২৪ ডিচেম্বৰ , ১৯৩৭)