সমললৈ যাওক

বিশ্ব স্বাস্থ্য সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব স্বাস্থ্য সংস্থা
منظمة الصحة العالمية
世界卫生组织+
Organization mondiale de la santé
Всемирная организация здравоохранения
Organización Mundial de la Salud
স্থাপিত  এপ্ৰিল ১৯৪৮; ৭৮ বছৰ আগত (1948-04-07)
প্ৰকাৰ ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা
Legal status সক্ৰিয়
Headquarters জেনেভা, ছুইজাৰলেণ্ড
ৱেবছাইট who.int
বিশ্ব স্বাস্থ্য সংস্থা
সংস্থাৰ ৰূপৰেখা
বাৰ্ষিক বাজেট US$4.4 billion (2016/17 FY)[1]

বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইছ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডজেনেভা চহৰত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘৰ উন্নয়ন গোটৰ সদস্য। জাতিসংঘৰ সময়ত গঠিত হোৱা স্বাস্থ্য সংস্থা ইয়াৰ পূৰ্বৱৰ্তী ৰূপ আছিল।

১৯৪৬ চনৰ ২২ জুলাই তাৰিখে বিশ্ব স্বাস্থ্য সভাত ৬১খন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ সংবিধানত স্বাক্ষৰ কৰে। স্থাপন হোৱাৰ পৰায়ে ই পৃথিৱীৰ পৰা বৰআইৰ নিৰ্মূলৰ বাবে কাম কৰিছিল। বৰ্তমান ইয়াৰ মুখ্য উদ্দেশ্য হল সংক্ৰামক ৰোগ যেনে, এইড্‌ছ, ইব'লা, মেলেৰিয়া, যক্ষ্মা ৰোগ ইত্যাদিৰ সংক্ৰমণ ৰোধ কৰা আৰু অসংক্ৰামক ৰোগৰ প্ৰভাৱ কম কৰিবলৈ চেষ্টা কৰা। যৌন স্বাস্থ্য, বিকাশ, বৃদ্ধাৱস্থা, পুষ্টি, খাদ্য সুৰক্ষা আৰু স্বাস্থ্যসন্মত সুষম আহাৰ ইত্যাদি বিষয়টো বিশ্ব স্বাস্থ্য সংস্থায়ে কাম কৰি আহিছে। স্বাস্থ্য বিষয়ক ৰূপৰেখা প্ৰস্তুত কৰা, আন্তৰ্জাতিক নীতি নিয়ম প্ৰৱৰ্তন কৰা আৰু স্বাস্থ্যজনিত বিষয় সমূহৰ বিষয়ে সজাগতা সৃষ্টি ইয়াৰ অন্যতম উদ্দেশ্য।

বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱসত বিশ্ব স্বাস্থ্য খতিয়ান প্ৰকাশ কৰে। গোটেই বিশ্বত চলোৱা সমীক্ষাৰ পৰা এই ৰিপৰ্ট প্ৰস্তুত কৰা হয়। বৰ্তমান ইথিয়পিয়া দেশৰ টেড্ৰছ আধানম বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান। তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল ২০১৭ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হৈছিল।[2]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 46°13′56″N 06°08′03″E / 46.23222°N 6.13417°E / 46.23222; 6.13417