সমললৈ যাওক

জাতিসংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাতিসংঘ
Flag of জাতিসংঘ
Semi-official flag (1939)
জাতিসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
জাতিসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
স্থিতিIntergovernmental organisation
সচিবালয়জেনেভা
ভাষা
Typeআন্তঃচৰকাৰী সংস্থা
Establishmentযুদ্ধকালীন সময়
• ভাৰ্চাই সন্ধি
১০ জানুৱাৰী ১৯২০
• প্ৰথম সভা
১৬ জানুৱাৰী ১৯২০
• ভংগ
২০ এপ্ৰিল ১৯৪৬
পৰৱৰ্তী
United Nations
  1. ^ The headquarters were based from 1 November 1920 in the Palais Wilson in Geneva, Switzerland, and from 17 February 1936 in the purpose built Palace of Nations also in Geneva.

জাতিসংঘ (ইংৰাজী: League of Nations; লিগ অফ নেশ্বনছ) আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা।[1] প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন'-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ঠিত হয়। ইয়াৰ তিনিটা প্ৰধান অংগ আছিল: সভা (the Assembly), পৰিষদ (the Council), আৰু সচিবালয় (the Permanent Secretariat)। ইয়াৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ বিভাগ আছিল আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ স্থায়ী ন্যায়ালয় (Permanent Court of International Justice) আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (International Labour Organization)।

জাতিসংঘৰ মূল উদ্দেশ্য আছিল: (১) বিধি আৰু ন্যায়ৰ মাজেদি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, (২) যুদ্ধৰ অৱসান ঘটাৱাৰ বাবে প্ৰচেষ্টা চলোৱা আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তি কৰা, (৩) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত সম্পৰ্ক ৰক্ষা কৰা, আদি। জাতিসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতিৰ বাবে কাম আৰম্ভ কৰিছিল। কিন্তু জাতিসংঘৰ চুক্তিপত্ৰত ভালেমান আঁসোৱাহ থকাৰ বাবে বিশেষ ফলৱতী নহ'ল। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে দ্বিতীয়খন বিশ্বযুদ্ধ আৰম্ভ হয় আৰু লগে লগে জাতিসংঘৰ পতন হয়। ১৯৪৫ চনত ইয়াৰ উত্তৰসূৰী ৰূপে ৰাষ্ট্ৰসংঘ (United Nations)-ৰ স্থাপন হয়।

কুৰি শতিকাৰ আৰম্ভণিতে ১৯১৮ চনৰ পৰা ১৯১৮ চন পৰ্যন্ত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হয়। এই যুদ্ধ প্ৰলয়ংকাৰী আছিল আৰু পৃথিৱীৰ প্ৰায় সকলো উন্নত দেশেই ক্ষতিগ্ৰস্ত হৈছিল। সেইবাবে ফ্ৰান্সৰ ৰাজধানী পেৰিচ নগৰত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন' (Paris Peace Conference)-ত যােগ দিয়া বিশ্বৰ নেতৃবৰ্গই পৃথিৱীলৈ যাতে পুনৰ এনে ভয়াবহ যুদ্ধ নাহে তাৰ বাবে চিন্তা-চৰ্চা কৰি জাতিসংঘ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জন্ম দিয়ে। এই শান্তি আলােচনাৰ ফলস্বৰূপে কেইবাটাও সন্ধি স্বাক্ষৰিত হয়, যাৰ ভিতৰত উল্লেখযােগ্য সন্ধি আছিল 'ভাৰ্চাই সন্ধি' (Treaty of Versailles)। এই সন্ধিপত্ৰতেই জাতিসংঘৰ চুক্তিপত্ৰ (Covenant of the League of Nations) সন্ধিবিষ্ট কৰা হয়। তানুসাৰে ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘৰ স্থাপন কৰা হয়।[2]

জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, জাপান, জাৰ্মানীৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। ১৯৩৭ চনৰ জাপানৰ চীন আক্ৰমণ, ১৯৩৫ চনৰ ইটালীৰ ইথিওপিয়া আক্ৰমণ আৰু হিটলাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।

দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘৰ গঠন কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Christian, Tomuschat (1995). The United Nations at Age Fifty: A Legal Perspective. Martinus Nijhoff Publishers. পৃষ্ঠা. 77. ISBN 9789041101457. https://books.google.com/books?id=iz55RRayP34C&pg=PA77. 
  2. সমাজ বিজ্ঞান (দশম শ্ৰেণীৰ পাঠ্যপুথি). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী. ২০১২. পৃষ্ঠা. ২৩৮-২৩৯.