বিশ্ব স্বাস্থ্য দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব স্বাস্থ্য দিৱস
বিশ্ব স্বাস্থ্য দিৱস
বিশ্ব স্বাস্থ্য সংস্থাৰ পতাকা
পালন কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ৭ এপ্ৰিল
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে তাৰিখত
অৱধি এদিনীয়া
সংঘটন বাৰ্ষিক

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।[1] বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে। গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয়।[2]

বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস.[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. World Health Organization: World Health Day. Accessed 16 March 2011.
  2. Global Health Council: World Health Day Archived 2011-09-30 at the Wayback Machine by Lara Endreszl, 7 April 2009.
  3. World Health Organization: WHO campaigns.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]