বিশ্ব যক্ষ্মা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব যক্ষ্মা দিৱস
বিশ্ব যক্ষ্মা দিৱস
২০১২ চনৰ বিশ্ব যক্ষ্মা দিৱসৰ অংশগ্ৰহণকাৰীসকল
পালন কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ২৪ মাৰ্চ
উদযাপন যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা সৃষ্টি
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে তাৰিখত
অৱধি এদিনীয়া
সংঘটন বাৰ্ষিক

বিশ্ব যক্ষ্মা দিৱস বা বিশ্ব যক্ষ্মা ৰোগ দিৱস হৈছে যক্ষ্মা ৰোগৰ (TB) বিশ্বব্যাপী মহামাৰীৰ বিষয়ে জনসচেতনতা গঢ়ি তোলা আৰু এই ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰে ২৪ মাৰ্চত পালন কৰা এক আন্তৰ্জাতিক দিৱস। ২০১৮ চনত সমগ্ৰ বিশ্বত এক কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল, আৰু ১৫ লাখ লোক মৃত্যুমুখত পৰিছিল, ইয়াৰ বেছিভাগেই লোকেই আছিল নিম্ন আৰু মধ্যবিত্ত দেশৰ লোক। ইয়াৰ ফলত ই কোনো সংক্ৰামক ৰোগৰ বাবে হোৱা মৃত্যুৰ এটা প্ৰধান কাৰণ স্বৰূপ হৈ পৰে।[1]

বিশ্ব যক্ষ্মা দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ১১ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব হেপাটাইটিছ দিৱস, বিশ্ব ৰোগ প্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব চগাছ ৰোগ দিৱস, বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু বিশ্ব জীৱাণুৰোধী সজাগতা সপ্তাহ[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Global Tuberculosis Report". WHOWHO. 2019. https://www.who.int/tb/publications/global_report/tb19_Exec_Sum_12Nov2019.pdf?ua=1। আহৰণ কৰা হৈছে: ২২ মাৰ্চ ২০২৩. 
  2. World Health Organization: WHO campaigns.