ইব'লা ভাইৰাছ ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইব'লা ভাইৰাছজনিত ৰোগ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

১৯৭৬ চনত Mayinga N'Seka নামৰ ইব'লা ৰোগীগৰাকীৰ ওচৰত দুগৰাকী নাৰ্চ থিয় হৈ থকা দৃশ্য। অভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁৰ কেইদিনমানৰ পাছতে মৃত্যু হয়।
আই.চি.ডি.-10 A98.4
আই.চি.ডি.-9 065.8
ডিজিজেছ ডে'টাবে'ছ 18043
মেডলাইন প্লাছ 001339
ইমেডিচিন med/626
MeSH D019142

ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (ইংৰাজী: Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ (Myalgia) আৰু মূৰৰ বিষ ৰোগে অগ্ৰগতি পোৱাৰ লগে লগে অন্যান্য লক্ষণ যেনে বমি, ডায়েৰিয়া আদিৰ পৰা যকৃৎ আৰু কিডনী বিকল হৈ পৰিব পাৰে। [1]

ৰোগৰ সংক্ৰমণৰ কাৰণ[সম্পাদনা কৰক]

সংক্ৰমিত জন্তুৰ (সাধাৰণতে বান্দৰ বা ফল বাদুলী/fruit bat) তেজ বা দেহ প্ৰৰসৰ লগত সংস্পৰ্শৰ পৰা হ'লে এই ৰোগ হয়।[1] বতাহৰ যোগেদি প্ৰাকৃতিক পৰিবেশত ৰোগ বিয়পাৰ প্ৰমাণ নাই।[2] ফল বাদুলীয়ে নিজে সংক্ৰমিত নোহোৱাকৈ ভাইৰাছবিধ কঢ়িয়াব আৰু বিয়পাব পাৰে। এবাৰ মানুহৰ সংক্ৰমণ হ'লে ই আন মানুহলৈ বিয়পিব পাৰে। বাছি যোৱা পুৰুষ দুমাহলৈকে বীৰ্যৰ জৰিয়তে ৰোগ বিয়পাব পাৰে। ৰোগনিৰ্ণয়ৰ বাবে একেধৰণৰ লক্ষণ থকা আন ৰোগ যেনে মেলেৰিয়া, কলেৰা আৰু আন ভাইৰেল ৰক্তক্ষৰিত ৰোগৰ সম্ভাৱনা প্ৰথমে বাদ দিয়া হয়। ৰোগ নিশ্চিত কৰিবলৈ তেজৰ নমুনা ভাইৰেল প্ৰতিদেহ, ভাইৰেল আৰ এন এ, বা ভাইৰাছৰ বাবে পৰীক্ষা কৰা হয়।[1]

ৰোগৰ লক্ষণ[সম্পাদনা কৰক]

ইব'লাৰ লক্ষণসমূহ[3]

ইব'লাৰ চিহ্ন আৰু লক্ষণবোৰ হঠাতে ইনফ্লুৱেঞ্জাৰ দৰে ভাগৰ লগা, জ্বৰ, মূৰৰ বিষ, গাঁঠিৰ বিষ আৰু পেটৰ বিষেৰে আৰম্ভ হয়।[4][5] বমি, হাগনী আৰু আভোক প্ৰায়েই হয়।[5] কমকৈ হোৱা লক্ষণবোৰ হৈছে: ডিঙিৰ বিষ, বুকুৰ বিষ, হিকটি, উশাহ চুটি হোৱা আৰু গিলাত অসুবিধা।[5] সংক্ৰমণ হোৱা আৰু লক্ষণৰ আৰম্ভণিৰ মাজৰ গড় সময় ৮ৰ পৰা ১০ দিন, কিন্তু এয়া ২ৰ পৰা ২১ দিনলৈকে হ'ব পাৰে।[5] ছালত ৰঙচুৱা দাগ পৰিব পাৰে (৫০% ৰোগীৰ ক্ষেত্ৰত)। EVD-ৰ প্ৰাৰম্ভিক লক্ষণ মেলেৰিয়া, ডেংগি জ্বৰ বা আন ক্ৰান্তীয় জ্বৰৰ দৰে আৰু তাৰ পাছত ৰোগ ৰক্তক্ষৰণ স্তৰলৈ আগবাঢ়ে।[4]

This may be done by checking such animals for infection and killing and properly disposing of the bodies if the disease is discovered. Properly cooking meat and wearing protective clothing when handling meat may also be helpful, as are wearing protective clothing and washing hands when around a person with the disease. Samples of bodily fluids and tissues from people with the disease should be handled with special caution.[1]

-->

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Ebola virus disease Fact sheet N°103". World Health Organization. March 2014. http://www.who.int/mediacentre/factsheets/fs103/en/। আহৰণ কৰা হৈছে: 12 April 2014. 
  2. "2014 Ebola Virus Disease (EVD) outbreak in West Africa". WHO. Apr 21 2014. http://www.who.int/ith/updates/20140421/en/। আহৰণ কৰা হৈছে: 3 August 2014. 
  3. Ebola Hemorrhagic Fever from Centers for Disease Control and Prevention.P age last updated: January 28, 2014.
  4. 4.0 4.1 Gatherer D (2014). "The 2014 Ebola virus disease outbreak in West Africa". J. Gen. Virol. খণ্ড 95 (Pt 8): 1619–1624. doi:10.1099/vir.0.067199-0. PMID 24795448. 
  5. 5.0 5.1 5.2 5.3 "Ebola Hemorrhagic Fever Signs and Symptoms". CDC. January 28, 2014. http://www.cdc.gov/vhf/ebola/symptoms/index.html। আহৰণ কৰা হৈছে: 2 August 2014. 
Bibliography

বাহ্যিক সংযোগ[সম্পাদনা কৰক]