তেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজৰ প্ৰৱাহ:
ৰঙা = অক্সিজেনযুক্ত তেজ
নীলা = অক্সিজেন ৰহিত তেজ

তেজ বা ৰক্ত (ইংৰাজী: Blood) হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰম'ন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই নিয়ে। তেজ এবিধ তৰল সংযোজক কলা। ই প্লাজমা আৰু ৰক্তকণিকাৰে গঠিত। তেজত প্লাজমাৰ পৰিমাণ ৫৫ শতাংশ আৰু ৰক্তকণিকাৰ পৰিমাণ ৪৫ শতাংশ।[1] তেজৰ ৰক্তকণিকাসমূহ প্লাজমাত ওপঙি থাকে আৰু তেজৰ সোঁতত ইহঁত প্ৰবহমান হৈ থাকে এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ ৮% তেজ থাকে।[2]

প্লাজমা[সম্পাদনা কৰক]

ৰক্তকণিকাবিহীন তেজৰ তৰল অংশই হ'ল প্লাজমা। ইয়াৰ ৰং পাতল হালধীয়া। ই কিছুমান অজৈৱিক আৰু জৈৱিক উপাদানেৰে গঠিত। অজৈৱিক উপাদানসমূহ হ'ল: ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ ক্ল'ৰাইড, বাইকাৰ্বনেট, ছালফেট, ফছফেট, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন ইত্যাদি। জৈৱিক উপাদানসমূহ হ'ল: প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড, হৰম'ন, এনমিয়া, ইউৰিয়া, ইউৰিক এচিড, এণ্টিবডি ইত্যাদি। প্লাজমাত খাদ্যৰ সৰল অৱস্থাসমূহ যেনে- গ্লুক'জ, এমিন' এচিদ ইত্যাদি দ্ৰৱীভূত হৈ থাকে।[3] প্লাজমাত থকা এই দ্ৰৱিত বস্তুবোৰৰ বাবে প্লাজমাৰ এটা আঠালতীয়া গুণ থাকে। এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড আদি যৌগবোৰ প্লাজমাত থকা অলাগতিয়াল নাইট্ৰ'জেন জাতীয় ৰেচন দ্ৰব্য। দেহৰ পৰা উলিয়াই দিয়াৰ উদেশ্যে প্লাজমাই এইবোৰক উৎপন্ন হোৱা স্থানৰ পৰা ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে।

প্লাজমাৰ ক্ৰিয়াসমূহ
  • ৰক্তকণাবোৰ শৰীৰৰ বিভিন্ন অংশলৈ যাওঁতে বাহন হিচাপে কাম কৰে।
  • কোষৰ শ্বসন কাৰ্যৰ ফলত কোষবোৰত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাক বাইকাৰ্বনেট আয়ন হিচাবে কলাসমূহৰপৰা আনি হাঁওফাঁওৰ বায়ুত এৰি দিয়ে।
  • খোৱা খাদ্য খাদ্যনলীত পচন হোৱাৰ পাছত পুষ্টিকৰ দ্ৰৱ্য সমূহ শৰীৰৰ সকলো অংশৰ কলাসমূহলৈ লৈ যায়।
  • শৰীৰৰ গঠন, বৰ্ধন আৰু কিছুমান জৈৱিক ক্ৰিয়া নিয়ন্ত্ৰণকাৰী হৰম'নহীন গ্ৰন্থিৰপৰা বিভিন্ন কাৰ্যকৰ অংগলৈ কঢ়িয়াই নিয়ে।
  • বিপাকৰ ফলত শৰীৰত সৃষ্টি হোৱা বিভিন্ন ৰেচন দব্য ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে।
  • প্লাজমাত দ্ৰৱিতহৈ থকা ফাইব্ৰিন'জেন আৰু প্ৰ'থ্ৰমবিন নামৰ দুবিধ প্ৰটিনে কোনো ঠাইত আঘাত পাই তেজ ওলালে তেজ গোট মৰাট অংশগ্ৰহণ কৰে।

ৰক্তকণিকা[সম্পাদনা কৰক]

লোহিত ৰক্তকণিকা, অনুচক্ৰিকা আৰু শ্বেত ৰক্তকণিকা

তেজত তিনিবিধ ৰক্তকণিকা পোৱা যায়: লোহিত ৰক্তকণিকা (Red Blood Cells), শ্বেত ৰক্তকণিকা (White Blood Cells) আৰু অনুচক্ৰিকা (Platelets)।

লোহিত ৰক্তকণিকা[সম্পাদনা কৰক]

লোহিত ৰক্তকণিকাবোৰ আকাৰত সৰু। ইয়াৰ আকৃতি এখন ক্ষুদ্ৰ উভয়াতল (Bi-concave) থালৰ (Dish)ৰ নিচিনা। মানুহৰ লগতে আন তন্যপায়ী প্ৰাণীৰ লোহিত ৰক্তকণিকাৰ কোষকেন্দ্ৰ নাথাকে। স্তন্যপায়ী প্ৰাণীৰ ভিতৰত কেৱল উটৰ লোহিত ৰক্তকণাহে কোষকেন্দ্ৰযুক্ত। সেয়ে ইহঁতৰ আকৃতি চেপেটা। অস্তন্যপায়ী মেৰুদণ্ডী প্ৰাণীৰ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত আৰু মাজ অংশ উঠঙা। ৰক্ত ৰক্তকণিকাবোৰত হিম’গ্ল’বিন নামৰ এবিধ ৰঙা শ্বাসৰঞ্জক (Respiratory pigment) থাকে আৰু ইয়াৰ বাবেই তেজৰ ৰং ৰঙা হয়। লোহিত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল- ইয়াত থকা হিম’গ্ল’বিনৰ দ্বাৰা হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াই বিভিন্ন কলাসমূহক যোগান ধৰা। সাধাৰণ স্বাস্থ্যৰ পূৰ্ণবয়স্ক পুৰুষ এজনৰ প্ৰতি ঘন মিলিমিটাৰ তেজত লোহিত ৰক্তকণিকা থাকে গড়ে ৫.০-৫.৫ মিলিয়ন আৰু মহিলাৰ তেজত থাকে গড়ে ৪.৫-৪.৫ মিলিয়ন।[4][5] বয়স অনুসৰি এই সংখ্যাৰ তাৰতময হয়। বাসস্থানৰ উচ্চতা অনুসৰিও লোহিত ৰক্তকণিকাৰ পৰিমাণত ভিন্নতা আহে। লোহিত ৰক্তকণিকাবোৰে সিহঁতৰ কোষৰসত যথেষ্ট পৰিমাণে হিম’গ্ল’বিন (hemoglobin) সংৰক্ষণ কৰিব পাৰে। হিম’গ্ল’বিন হ'ল লোহিত ৰক্তকণিকাত থকা অক্সিজেন কঢ়িওৱা এটা বৰণ (pigment)।[6] সুস্থ মানুহৰ প্ৰতি ১০০ মি.লি. তেজত ১২-১৬ গ্ৰাম পৰ্যন্ত হিম’গ্ল’বিন থাকে। প্ৰত্যেক গ্ৰাম হিম’গ্ল’বিনে প্ৰায় ১.৩৯ মি.লি. অক্সিজেন বান্ধি ৰাখিব পাৰে।

লোহিত ৰক্তকণিকাৰ ক্ৰিয়াসমূহ
  • লোহিত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল অক্সিজেনৰ পৰিবহণ। ইয়াত অক্সিজেনৰ প্ৰতি অতি আসক্তি থকা হিম’গ্ল’বিন যৌগই অক্সিজেনৰ লগত অক্সিহিম’গ্ল’বিন নামৰ অস্থায়ী যৌগৰ সৃষ্টি কৰি ইয়াক হাঁওফাঁওৰ পৰা কলা-কোষবোৰলৈ কঢ়িয়াই লৈ যায়।
  • কলাকোষৰপৰা ওলোৱা কাৰ্বন ডাই অক্সাইড, বাইকাৰ্বনেট হিচাবে হাঁওফাঁওলৈ কঢ়িয়াই অনাত লোহিত ৰক্তকণিকাবোৰে সহায় কৰে।
  • লোহিত ৰক্তকণিকাবোৰে ইহঁতৰ গাত থকা হিম’গ্ল’বিনৰ দ্বাৰা তেজৰ pH-ৰ মান স্থিৰ কৰি ৰাখে।
  • লোহিত ৰক্তকণিকাই প্ৰটিন খাদ্যৰপৰা ওলোৱা এমিন' এচিদবোৰ শোষণ স্থানৰপৰা কঢ়িয়াই নি দেহৰ কোষবোৰক যোগান ধৰে।
  • ইয়াৰ কোষবোৰে তেজত ধনাত্মক আৰু ঋণাত্মক আয়নৰ সমতা ৰক্ষা কৰে।
  • তেজৰ আদ্ৰতা ৰক্ষা কৰাত লোহিত ৰক্তকণিকাবোৰে বিশেষ ভূমিকা পালন কৰে।

শ্বেত ৰক্তকণিকা[সম্পাদনা কৰক]

শ্বেত ৰক্তকণিকাবোৰ বৰণহীন আৰু কোষকেন্দ্ৰযুক্ত। ইয়াৰ কোষকেন্দ্ৰৰ আকাৰ ভিন্ন প্ৰকাৰৰ। কিছুমান শ্বেতৰক্তকণিকাৰ কোষপ্ৰৰস দানাযুক্ত (Granular) আৰু আন কিছুমান দানাবিহীন (Agranular)। ইয়াৰ ওপৰত ভিত্তি কৰি শ্বেতৰক্তকণিকাসমূহক 'দানাযুক্ত শ্বেত ৰক্তকণিকা' (Granulocyte) আৰু 'দানাবিহীন শ্বেত ৰক্তকণিকা' (Agranulocyte) এই দুটা ভাগত ভগোৱা হৈছে।

দানাযুক্ত শ্বেত ৰক্তকণিকা

দানাযুক্ত শ্বেত ৰক্তকণিকাৰ কোষৰ চাইট'প্লাজম কণিকাময় বা দানাযুক্ত। দানাযুক্ত শ্বেত ৰক্তকণিকা আকৌ তিনি প্ৰকাৰৰ: 'নিউ'ট্ৰফিল' (Neutrophil), 'ইয়ছিন'ফিল' (Eosinophil) আৰু 'বেছ'ফিল' (Basophil)।

নিউ'ট্ৰফিল, ইয়'ছিন'ফিল আৰু বেছ'ফিল
  • নিউ'ট্ৰফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ বহুখণ্ডযুক্ত। ইয়াৰ চাইট'প্লাজম দানাযুক্ত আৰু অম্ল তথা ক্ষাৰযুক্ত দুবিধ ৰঞ্জৰদ্বাৰা গঠিত। এইবোৰ কোষে শৰীৰ আক্ৰমণকাৰী বীজাণু কৌশিক গ্ৰাস বা ফেগ'চাইট'ছিছ (phagocytosis) প্ৰক্ৰিয়াৰ দ্বাৰা বিনাশ কৰে আৰু দেহক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।[7] এই কোষবোৰ ৰসায়ন সংবেদী অৰ্থাৎ এই কোষবোৰে দেহৰ কোনো স্থানত জীবাণুৱে উৎপন্ন কৰা অনিষটকাৰী দ্ৰব্যৰ উপস্থিতিৰ উমান অতি সহজে পায় আৰু সংক্ৰমিত স্থানলৈ গৈ জীবাণুবোৰ ধ্বংস কৰে। এনে কাৰ্য কৰিবলৈ নিউট্ৰ'ফিল কোষোৰ তেজৰ কৈশিক নলীৰ বেৰৰ অতি সৃক্ষ্ম বিন্ধাবোৰেদি আকৃতিৰ পৰিবৰ্তন ঘটাই আন্তঃকোষীয় স্থানলৈ ওলাই আহে। এই পৰিঘটনাক ডায়েপেডেছিছ (diapedesis) বোলা হয়।
  • ইয়'ছিন'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ দ্বিখণ্ডযু্ক্ত। অম্লযুক্ত ৰঞ্জকেৰে ইয়'ছিন'ফিলৰ কোষৰ দানাবোৰ ৰঞ্জিত হয়। শৰীৰত কোনো পৰজীৱিয়ে প্ৰৱেশ কৰি থিতাপি ললে ইয়'ছিন'ফিল অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হয় আৰু পৰজীৱিয়ে উৎপন্ন কৰা কলাসমূহলৈ যায়। পৰজীৱি বোৰ অন্তঃভক্ষণ কৰিবলৈ ডাঙৰ হোৱা বাবে ইয়'ছিন'ফিলবোৰে পৰজীৱিৰ গাত লাগি ধৰি কেতবোৰ দ্ৰব্য উৎপন্ন কৰি এৰি দিয়ে আৰু এই দ্ৰব্যবোৰেই পৰজীৱিক মৃত্যু ঘটায়। ইয়'ছিন'ফিলৰ আৰু এটা বৈশিষ্ট্য যে কোনো কলাত যদি কোনো প্ৰকাৰৰ এলাৰ্জিৰ বাবে বিক্ৰিয়া ঘটে তেন্তে সিহঁতে সেই ঠাইত জুম বান্ধেগৈ।[8]
  • বেছ'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ ত্ৰিখণ্ডযুক্ত। ইহঁতৰ দানাযুক্ত চাইট'প্লাজম ক্ষাৰযুক্ত ৰঞ্জকেৰে ৰঞ্জিত হয়। তেজত থকা বেছ'ফিলকণা আৰু তাৰ লগতে কেতবোৰ ৰক্তকেশিকাৰ বাহিৰফালে থকা মাষ্টকোষে হেপাৰিণ (heparin) নামৰ এবিধ দ্ৰব্য প্ৰস্তুত কৰে। বেছ'ফিল আৰু মাষ্টকোষ এই দুয়োবিধ কোষে প্ৰস্তুত কৰা হেপাৰিণ তেজৰ দ্বাৰা প্ৰৱাহিত হৈ থাকে। এই হেপাৰিণৰ বাবেই ৰক্তপ্ৰৱাহৰ ভিতৰত তেজ গোট নামাৰে বা চেকুৰা নাবান্ধে। তদুপৰি কোনো ৰক্তবাহিকাৰ বেৰত কোনো স্নেহকণা লাগি থাকিলে তাক সহজে এৰোৱাই পুনৰ তেজৰ সোঁতত যাব পৰা কৰে। কিছুমাণ এলাৰ্জিৰ ক্ষেত্ৰত বেছ'ফিল আৰু মাষ্টকোষবোৰে গুৰোত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়। যি ধৰণৰ এণ্টিবডিৰ উপস্থিতিত সেই বিশেষ এলাৰ্জি হয় তেনে এণ্টিবডিবোৰ এই দুবিধ শ্বেতকণাৰ লগত বান্ধখাই পৰাৰ প্ৰৱণতা দেখা যায়। এই প্ৰৱণতাই শৰীৰক এক বিশেষ ধৰণৰ অসংক্ৰমণতাৰ সুৰক্ষা দিয়ে।[9]
দানাবিহীন শ্বেত ৰক্তকণিকা

এইবিধ শ্বেত ৰক্তকণিকাৰ চাইট'প্লাজমত কোনো ধৰণৰ দানা নাথাকে। দানাবিহীন শ্বেত ৰক্তকণিকাবোৰ দুই প্ৰকাৰৰ: 'মন'চাইট' (Monocyte) আৰু 'লিম্ফ'চাইট' (Lymphocyte)।

মন'চাইট আৰু লিম্ফ'চাইট
  • মন'চাইট: এইবিধ ৰক্তকণিকাৰ আকাৰ আটাইটকৈ ডাঙৰ। কোষকেন্দ্ৰ বৃক্কাকৃতিৰ। বেক্টেৰিয়া বা আন কোনো ধৰণৰ বীজাণু তেজত প্ৰৱেশ কৰিলে মন'চাইট বোৰ কৌশিক নলীৰপৰা ওলাই গৈ কলাত সুমুৱাই আৰু ফেগ'ছাইটিছৰ দ্বাৰা বীজাণুবোৰ গ্ৰাস কৰি সংক্ৰমণৰ পৰা দেহক ৰক্ষা কৰে। এনে কাৰ্যত মন'চাইট বোৰৰ আকাৰ অতিকৈ বৃদ্ধি পায়। মন'চাইট ৰ এনে অৱস্থাক মেক্ৰফাজ (macrophase) বোলা হয়।[10]
  • লিম্ফ'চাইট: এইবিধ ৰক্তকণিকা দানাবিহীন। ইহঁতৰ কোষকেন্দ্ৰ ডাঙৰ আৰু গোলাকাৰ। এইবিধ ৰক্তকণিকাৰ প্ৰধান কাৰ্য হৈছে এণ্টিবডি সৃষ্টি কৰি দেহক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা। লিম্ফ'চাইটবোৰ লসিকা গ্ৰন্থি বা আন লসিকাজনিত কলাত উৎপন্ন হৈ অনবৰত তেজৰ সোঁতলৈ আহি থাকে।[11]

অনুচক্ৰিকা[সম্পাদনা কৰক]

অনুচক্ৰিকা

অনুচক্ৰিকাবোৰ আটাইবোৰ ৰক্তকণাতকৈ সৰু। অনুচক্ৰিকাবোৰ ২-৪ মাইক্ৰকোণ ব্যাসৰ বৃত্তাকাৰ বা উপবৃত্তাকাৰ চাক একোটাৰ দৰে। এইবোৰক প্ৰকৃততে ৰক্তকণা বুলিব নোৱাৰি। এইবোৰত কোষপ্ৰৰস থাকে যদিও কোষকেন্দ্ৰ নাথাকে। কোষকেন্দ্ৰ নাথাকিলেও অনুচক্ৰিকাবোৰত কোষপ্ৰৰসৰ ভালেমান অংগিকা থাকে বাবে কম সময়ৰ কাৰণে হ'লেও সিহঁতে গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে। অনুচক্ৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল ৰক্তবাহিকাৰপৰা হোৱা ৰক্তপাত বন্ধ কৰি শৰীৰত তেজৰ পৰিমাণ সংৰক্ষণ কৰা। এই প্ৰক্ৰিয়াক তেজৰ চেকুৰ মৰা (Blood clotting) বুলিও জনা যায়।[12]

ৰক্তদল[সম্পাদনা কৰক]

ৰক্তদানৰ ক্ৰম

খৃঃ ১৯০০-ত কাৰ্ল লেণ্ডিয়াৰ নামৰ অষ্ট্ৰীয়াৰ এগৰাকী চিকৎসাবিদে তেজ সংৰচনাৰ (blood transfusion) সময়ত দেখা দিয়া আঁহোৱাহসমূহ দূৰ কৰিবৰ বাবে চলোৱা পৰীক্ষা-নীৰিক্ষাত তেজৰ গ্ৰুপসমূহ আৱিস্কৃত হয়।[13] তেজৰ গ্ৰুপ চাৰিটা- A, B, AB আৰু O। গাইগুটীয়াভাৱে সকলো মানুহৰ তেজৰ গ্ৰুপ এই চাৰিটাৰ ভিতৰত যিকোনো এটা হয়। তেজত দুই প্ৰকাৰৰ প্ৰটিন থাকে। এই প্ৰটিনে তেজ সংৰচনাৰ সময়ত বিশেষ ভূমিকা পালন কৰে। এই দুবিধ প্ৰটিনক এণ্টিজেন আৰু এণ্টিবডি বোলা হয়। ৰক্ত সংৰচনাৰ মূল ভেটি এয়ে যে একে এণ্টিজেন-এণ্টিবডি একেলগে থাকিব নোৱাৰে অৰ্থাৎ এণ্টিজেন A আৰু এণ্টিবডি A, এণ্টিজেন B আৰু এণ্টিবডি B একেলগে থাকিব নোৱাৰে। ৰক্ত সংৰচনাৰ সময়ত দাতা আৰু গ্ৰহীতাৰ মাজত এনে ধৰণৰ বিসংগতি যাতে নহয় তাক চোৱাটোৱেই ৰক্তদলৰ মূল উদ্দেশ্য। বিভিন্ন ৰক্তদলৰ তেজত এণ্টিজেন-এণ্টিবডিৰ উপস্থিতি এনে ধৰণৰ:[14]

  • A ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- A আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-B থাকে।
  • B ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- B আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-A থাকে।
  • AB ৰক্তদলৰ লোহিতকণাত এণ্টিজেন-A আৰু এণ্টিজেন-B দুয়োবিধ থাকে কিন্তু ইয়াৰ প্লাজমাত কোনো এণ্টিবডি নাথাকে।
  • O ৰক্তদলৰ লোহিতকণাত কোনো এণ্টিজেন নাথাকে কিন্তু ইয়াৰ প্লাজমাত এণ্টিবডি-A আৰু এণ্টিবডি-B দুয়োবিধেই থাকে।

ৰক্তদানৰ ক্ষেত্ৰত O গ্ৰুপে সকলোকে, A আৰু B গ্ৰুপে AB গ্ৰুপক ৰক্ত দান কৰিব পাৰে। অৰ্থাৎ O গ্ৰুপে কেৱল O গ্ৰুপৰ, A গ্ৰুপে O আৰু A গ্ৰুপৰ আৰু B গ্ৰুপে O আৰু B গ্ৰুপৰ, AB গ্ৰুপে A, B, AB আৰু O গ্ৰুপৰ তেজ গ্ৰহণ কৰিৰ পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.ivy-rose.co.uk/HumanBody/Blood/Blood_StructureandFunctions.php
  2. Alberts, Bruce (2005). "Leukocyte functions and percentage breakdown". Molecular Biology of the Cell. NCBI Bookshelf. Retrieved 2007-04-14.
  3. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত সাধাৰণ বিজ্ঞানৰ পাঠ্যপুঠি, লেখক- ড॰ ৰাতুল চন্দ্ৰ ৰাজখোৱা, ড॰ জয়ন্ত বাৰুকিয়াল
  4. http://dypayurved.com/weblecture/Sharir_kriya/Blood_%20RBC.pdf
  5. http://www.virtualmedicalcentre.com/anatomy/blood-function-and-composition/30
  6. http://medical-dictionary.thefreedictionary.com/Hemoglobin
  7. http://academic.brooklyn.cuny.edu/biology/bio4fv/page/phago.htm
  8. http://web.archive.org/web/20080720172415/http://www.apfed.org/downloads/What_is_an_Eosinophil.pdf
  9. http://ai.jsaweb.jp/pdf/058010021.pdf
  10. http://medical-dictionary.thefreedictionary.com/monocyte-macrophage+system
  11. http://www.medfriendly.com/lymphocyte.html
  12. http://www.itpvillage.com/downloads/gp/All_about_Platelets.pdf
  13. http://www.nobelprize.org/educational/medicine/landsteiner/readmore.html
  14. http://users.rcn.com/jkimball.ma.ultranet/BiologyPages/B/BloodGroups.html

বাহ্যিক সংযোগ[সম্পাদনা কৰক]