লিপিড
Jump to navigation
Jump to search
লিপিড (ইংৰাজী: Lipids) হৈছে চৰ্বী, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য খাদ্যপ্ৰাণ (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে। প্ৰসাধন সামগ্ৰী, আৰু খাদ্য উদ্যোগৰ লগতে নেন'টেকনলজিত লিপিডৰ ব্যৱহাৰ কৰা হয়।
বৈশিষ্ট[সম্পাদনা কৰক]
- লিপিড পানীত অদ্ৰবণীয়।
- ই বৰণহীন, স্বাদহীন আৰু গন্ধহীন।
- ই ইথাৰ, এলকহ'ল, বেনজিন, ক্লোৰ'ফৰ্ম, এচিটন, পেট্ৰ'লিয়াম ইত্যাদি দ্ৰৱণত দ্ৰৱণীয়।
- ইয়াক ফেটি এচিডৰ এষ্টাৰ হিচাপে পোৱা যায়।
- ই পানীতকৈ পাতল বাবে পানীত উপঙে।
- জল অপসাৰণৰ শেষত ই ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত হয়।
- আনৱিক ওজন বৃদ্ধিৰ লগে লগে ইয়াৰ গলনাংকও বৃদ্ধি পায়।