ৰক্তদল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত ABO এণ্টিজেনৰ উপস্থিতি-অনুপস্থিতি চাই ৰক্তদল আংশিকভাৱে নিৰ্ণয় কৰা হয়।

ৰক্তদল (বা তেজৰ গ্ৰুপ) তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত তেনে এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট, গ্লাইক'প্ৰ'টিন বা গ্লাইক'লিপিড হ'ব পাৰে। ইয়াৰে কোনো কোনো এণ্টিজেন আন কলাৰ কোষতো থাকে। ৰক্ত কণিকাৰ পৃষ্ঠত থকা এনে কেইবাটাও এণ্টিজেন এটা এলিল (allele)ৰ পৰা উদ্ভুত হৈ এটা ৰক্তদল প্ৰণালী গঠন কৰে।[1] ৰক্তদলত পিতৃ-মাতৃ দুয়োজনৰ অৱদান থাকে। ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন ((ISBT) সংস্থাই এতিয়ালৈকে ৩৬ টা মানৱ ৰক্তদল পদ্ধতি আৰু ৩৪৬ টা এটিজেন চিনাক্ত কৰিছে।[2] আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ৰক্তদল প্ৰণালী হৈছে ABO আৰু Rh ৰক্তদল পদ্ধতি।

ৰক্তদল পদ্ধতি[সম্পাদনা কৰক]

এটা সম্পূৰ্ণ ৰক্তদল বৰ্ণনা কৰিবলৈ হ'লে লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থকা প্ৰায় ৩০টা উপাদান উল্লেখ কৰিব লাগিব আৰু এজন লোকৰ ৰক্তদল তেজত এণ্টিজেনৰ ভিন ভিন মিশ্ৰণত ফুটি উঠে।[3] সাধাৰণতে এজন মানুহৰ জীৱনকালত একেটা ৰক্তদলেই থাকে, কাচিৎ সংক্ৰমণ, কৰ্কট ৰোগ বা স্ব-অনাক্ৰম্য ৰোগত এণ্টিজেনৰ সালসলনি হৈ ৰক্তদলো সলনি হ'ব পাৰে।[4][5][6][7] অস্থি মজ্জা সংস্থাপনৰ (bone marrow transplant) পাছতো ৰক্তদল সলনি হ'ব পাৰে। এজন মানুহে অন্য ABO প্ৰকাৰৰ মানুহৰ পৰা অস্থি মজ্জা গ্ৰহণ কৰিলে (যেনে- A গোটৰ ৰোগীয়ে O গোটৰ মজ্জা), ৰোগীৰ ৰক্তদলো দিয়াজনৰ দললৈ সলনি হ'ব।

কিছুমান ৰক্তদল আন ৰোগৰ লগত জড়িত হ'ব পাৰে। যেনে- কে'ল (Kell) এণ্টিজেন মেক্‌লিয়ড ছীন্দ্ৰ'মৰ ৰোগীত প্ৰায়ে পোৱা যায়।[8] আকৌ কিছুমান ৰক্তদলে ৰোগত আক্ৰান্ত হোৱা-নোহোৱাত প্ৰভাৱ পেলাব পাৰে। যেনে- ডাফী (Duffy) এণ্টিজেন নথকা লোকত কিছুমান মেলেৰিয়া প্ৰজাতিয়ে আক্ৰান্ত কৰিব নোৱাৰে।[9]

ABO ৰক্তদল পদ্ধতি[সম্পাদনা কৰক]

ABO blood group system: diagram showing the carbohydrate chains that determine the ABO blood group

ABO ৰক্তদল পদ্ধতিত দুবিধ এণ্টিজেন আৰু দুবিধ এণ্টিবডি জড়িত থাকে। এণ্টিজেন দুবিধ এণ্টিজেন A আৰু B। এণ্টিবডি দুবিধ এণ্টিবডি A আৰু B। এণ্টিজেনবোৰ লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে আৰু এণ্টিবডি ৰক্তপ্ৰৰসত (প্লাজমা) থাকে। এইদৰে সকলো মানুহকে চাৰিটা গোটত ভগাব পাৰি- এণ্টিজেন A থকা লোক (A গ্ৰুপ), এণ্টিজেন B থকা লোক (B গ্ৰুপ), A আৰু B দুইটা এণ্টিজেন থকা লোক (AB গ্ৰুপ) আৰু এটাও এণ্টিজেন নথকা লোক (O গ্ৰুপ)। এইসকল লোকৰ তেজত থকা এণ্টিবডি এনেধৰণৰ:

  1. এণ্টিজেন A এণ্টিবডি B
  2. এণ্টিজেন B এণ্টিবডি A
  3. এণ্টিজেন AB এণ্টিবডি নাই
  4. এণ্টিজেন নাই (O গ্ৰুপ) এণ্টিবডি A আৰু B।

একে এণ্টিজেন আৰু এণ্টিবডিৰ মাজত এগ্লুটিনেচন বিক্ৰিয়া (এণ্টিজেন-এণ্টিবডি বিক্ৰিয়া) হয় (যেনে, A এণ্টিজেনে A এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে আৰু B এণ্টিজেনে B এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে)।

মানুহৰ ৰক্ত সংচাৰণৰ বাবে ABO ৰক্তদল পদ্ধতি সকলোতকৈ গুৰুত্বপূৰ্ণ। ধাৰণা কৰা হয় যে ABO IgM প্ৰকাৰৰ এণ্টিবডিবোৰ জীৱনৰ প্ৰথম বছৰত খাদ্য, বেক্টেৰিয়া, ভাইৰাছ আদি পাৰিবেশক কাৰকৰ সংস্পৰ্শলৈ আদি সৃষ্টি হয়। তথাপি নৱজাতকৰ বাবেও ৰক্তদল সামঞ্জস্য পৰীক্ষা কৰা হয়।[10] কাৰ্ল লেণ্ডষ্টেইনাৰে ১৯০১ চনত প্ৰথম এই ৰক্তদলৰ বিষয়ে প্ৰকাশ কৰোঁতে গোটবোৰৰ নাম A/B/C দিছিল; পাছলৈ "C" টো "O" নাম দিয়ে।[11]

ফিন'টাইপ জিন'টাইপ
A AA বা AI
B BB বা BI
AB AB
O II

Rh ৰক্তদল পদ্ধতি[সম্পাদনা কৰক]

Rh পদ্ধতি (Rhৰ অৰ্থ Rhesus) মানুহৰ ৰক্ত সংচাৰণত দ্বিতীয় গুৰুত্বপূৰ্ণ পদ্ধতি। ইয়াৰে মূল Rh এণ্টিজেনবিধ D কাৰণ ই আনবোৰতকৈ বেছিকৈ প্ৰতিৰক্ষা প্ৰণালীৰ প্ৰতিক্ৰিয়া উৎপন্ন কৰিব পাৰে। D-ঋণাত্মক লোকৰ (অৰ্থাৎ Rh নিগেটিভ) স্বাভাৱিকভাৱে কোনো Rh এণ্টিবডি নাথাকে। কিন্তু গৰ্ভধাৰণৰ সময়ত গৰ্ভৰ শুশুৰ তেজ মাকলৈ আহিলে, বা D-ধণাত্মক লোকৰ তেজ ঋণাত্মক লোকে গ্ৰহণ কৰিলে এণ্টিবডি উৎপন্ন হ'ব।[12] Rh(D) এণ্টিজেনৰ উপস্থিতি-অনুপস্থিতি + বা − চিনেৰে দেখুওৱা হয়। যেনে A− গ্ৰুপ মানে ABO প্ৰকাৰ A আৰু Rh (D) এণ্টিজেন নাই।

আন ৰক্তদল পদ্ধতি[সম্পাদনা কৰক]

ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন সংস্থাই এতিয়ালৈকে প্ৰায় ৩৬টা ৰক্তদল পদ্ধতি চিনাক্ত কৰিছে।[13] ABO আৰু Rh এণ্টিজেনৰ লগতে আন বহু এণ্টিজেন লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে। যেনে এজন মানুহ AB, D পজিটিভ, আৰু একেসময়তে M আৰু N পজিটিভ (MNS পদ্ধতি), K পজিটিভ (Kell পদ্ধতি), Lea বা Leb নিগেটিভ (লিৱিছ পদ্ধতি) আদি হ'ব পাৰে।

চিকিৎসা বিজ্ঞানত গুৰুত্ব[সম্পাদনা কৰক]

  • ৰক্ত সংচাৰণ
  • নৱজাতকৰ ৰক্তভংগ ৰোগ (Hemolytic disease of the newborn)
  • তেজৰ সামগ্ৰী
  • লোহিত ৰক্ত কণিকা সামঞ্জস্যতা
  • প্লাজমা সামঞ্জস্যতা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Maton, Anthea; Jean Hopkins; Charles William McLaughlin; Susan Johnson; Maryanna Quon Warner; David LaHart; Jill D. Wright (1993). Human Biology and Health. প্ৰকাশক Englewood Cliffs NJ: Prentice Hall. ISBN 0-13-981176-1. https://archive.org/details/humanbiologyheal00scho. 
  2. Storry, J. R.; Castilho, L.; Chen, Q.; Daniels, G.; Denomme, G.; Flegel, W. A.; Gassner, C.; de Haas, M. et al. (2016). "International society of blood transfusion working party on red cell immunogenetics and terminology: report of the Seoul and London meetings". ISBT Science Series খণ্ড 11 (2): 118–122. doi:10.1111/voxs.12280. 
  3. "Table of blood group systems". International Society of Blood Transfusion. October 2008. http://ibgrl.blood.co.uk/isbt%20pages/isbt%20terminology%20pages/table%20of%20blood%20group%20systems.htm। আহৰণ কৰা হৈছে: 2008-09-12. 
  4. Dean 2005, The ABO blood group "... A number of illnesses may alter a person's ABO phenotype ..."
  5. "B antigen acquired by normal A1 red cells exposed to a patient's serum". Transfusion খণ্ড 27 (1): 41–4. 1987. doi:10.1046/j.1537-2995.1987.27187121471.x. PMID 3810822. 
  6. "Acquired B antigen and polyagglutination in a patient with gastric cancer". The Japanese Journal of Surgery খণ্ড 13 (6): 540–2. November 1983. doi:10.1007/BF02469500. PMID 6672386. 
  7. "Change in blood group in systemic lupus erythematosus". Lancet খণ্ড 369 (9557): 186–7; author reply 187. 2007. doi:10.1016/S0140-6736(07)60099-3. PMID 17240276. 
  8. Chown B.; Lewis M.; Kaita K. (October 1957). "A new Kell blood-group phenotype". Nature খণ্ড 180 (4588): 711. doi:10.1038/180711a0. PMID 13477267. 
  9. "The resistance factor to Plasmodium vivax in blacks. The Duffy-blood-group genotype, FyFy". The New England Journal of Medicine খণ্ড 295 (6): 302–4. August 1976. doi:10.1056/NEJM197608052950602. PMID 778616. 
  10. "Position statement: Red blood cell transfusion in newborn infants". Canadian Pediatric Society. April 14, 2014. https://www.cps.ca/en/documents/position/red-blood-cell-transfusion-newborn-infants. 
  11. Schmidt, P; Okroi, M (2001), "Also sprach Landsteiner – Blood Group 'O' or Blood Group 'NULL'", Infus Ther Transfus Med খণ্ড 28 (4): 206–8, doi:10.1159/000050239 
  12. Talaro, Kathleen P. (2005). Foundations in microbiology (5th সম্পাদনা). প্ৰকাশক New York: McGraw-Hill. পৃষ্ঠা. 510–1. ISBN 0-07-111203-0. 
  13. Joshua E. Brown (22 February 2012). "Blood Mystery Solved". University Of Vermont. http://www.uvm.edu/~uvmpr/?Page=news&storyID=13259। আহৰণ কৰা হৈছে: 11 June 2012. 

আতিৰিক্ত পাঠ্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]