এইড্ছ
এইড্ছ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() The red ribbon is a symbol for solidarity with HIV-positive people and those living with AIDS. | |
আই.চি.ডি.-10 | B24 |
আই.চি.ডি.-9 | 042 |
ডিজিজেছ ডে'টাবে'ছ | 5938 |
মেডলাইন প্লাছ | 000594 |
ইমেডিচিন | emerg/253 |
MeSH | D000163 |
প্ৰবন্ধটোত ব্যৱহৃত সংক্ষিপ্তকৰণসমূহ AIDS: Acquired immune deficiency syndrome |
এইডছ (AIDS) সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ। Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে। প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তেজত থকা শ্বেত ৰক্তকণিকাৰ Lymphocyte নামৰ কোষবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। বিভিন্ন বাহ্যিক বীজাণু – ভাইৰাছ, বেক্টেৰিয়া, প্ৰট'জ'ৱা, ভেঁকুৰ ইত্যাদিয়ে শৰীৰক অনবৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই বাহ্যিক শত্ৰুবোৰক Lymphocyte বোৰে তেজৰ লগত মিহলি হৈ থকা শৰীৰক সঞ্জিৱিত কৰা এবিধ ৰস (hormone) আৰু কিছুমান বিশেষ কোষৰ সহায়ত প্ৰতিৰোধ কৰে। তাৰ বাবে Lymphocyte বোৰে এবিধ বিশেষ বীজাণু প্ৰতিষেধক কোষৰ সৃষ্টি কৰে, সেইবোৰক এণ্টিবডি বোলে। শৰীৰৰ এই বীজাণু প্ৰতিৰোধকাৰী প্ৰক্ৰিয়াটোক Immune System বোলা হয়। Deficiency-য়ে অভাৱ বুজায় আৰু Syndrome মানে লক্ষণ।
গতিকে AIDS ৰোগটো আচলতে ৰোগ নহয়। ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা ভাগি পৰাৰ অৱস্থাটোহে। তেনে অৱস্থা শৰীৰলৈ আহি পৰিলেই সুবিধাবাদী নানানটা বীজাণুৱে শৰীৰক আক্ৰমণ কৰি শৰীৰটোক মৃত্যু মুখলৈ ঠেলি লৈ যায়। সৰল ভাষাত AIDS হ’ল এবিধ মাৰাত্মক ব্যাধি।[1]
কাৰক আৰু লক্ষণ[সম্পাদনা কৰক]
AIDS-ৰ মূল কাৰণ হ'ল HIV (Human Immunodeficiency Virus) নামৰ ভাইৰাছবিধৰ অৱস্থিতি। এই HIV ভাইৰাছে শৰীৰক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা কোষবোৰ আক্ৰমণ কৰে। ফলত দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমি আহি অৱশেষত সম্পূৰ্ণ নোহোৱা হৈ যায়। তাৰ ফলত বিভিন্ন বীজাণু বা দেহত থকা সুবিধাবাদী বীজাণুবোৰে (Opportunistic organism) ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছটোৰ দেহত লিপিড আৰু প্ৰটিনেৰে গঠিত আৱৰণ থাকে। ইহঁতৰ ৰোগ কালান্তৰ সময় (incubation period) ১৫ ৰ পৰা ৫৭ মাহ। মানৱ দেহত এই ভাইৰাছটোৰ স্থিতি এলিজা (ELISA)পৰীক্ষা আৰু ওৱেষ্টাৰ্ণ ব্লট (Western blot) নামৰ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
এইড্ছৰ প্ৰাথমিক লক্ষণসমূহ
- দেহৰ সাধাৰণ দুৰ্বলতা।
- দেহৰ ৰোগ প্ৰতিৰোধকাৰী তন্ত্ৰ সম্পূৰ্ণৰূপে ধংশ হয় আৰু এনে অৱস্থাত ভাইৰাচ, বেক্টেৰিয়া, প্ৰট'য'ৱা, ভেঁকুৰ আদি বীজাণুৰ দ্বাৰা যিকোনো ৰোগ বা ৰোগৰ লক্ষণে দেখা দিব পাৰে। সাধাৰণতে জ্বৰ, কাহ, পেটৰ ৰোগ, পেশীৰ বিষ, ওজন কমি যোৱা আদি লক্ষণেই প্ৰধান।
- বিভিন্ন ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, যক্ষ্মা ৰোগ, মুখ আৰু ডিঙৰ ৰোগ আদি ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ আন কিছুমান লক্ষণ।
- স্নায়ুতন্ত্ৰ আক্ৰান্ত হোৱাৰ ফলত মস্তিস্ক ৰোগীয়া হয় আৰু ফলত স্মৃতিশক্তি বা চিন্তাশক্তি লোপ পায়।
সংক্ৰমণ আৰু নিবাৰণ[সম্পাদনা কৰক]
এইড্ছ ভাইৰাছ এজন আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমণ কাৰকসমূহ হ'লঃ
- যৌন সংস্পৰ্শ (Sexual contact):- এইচ আই ভি (HIV)ভাইৰাছ, আক্ৰান্ত ব্যক্তিৰ শুক্ৰাণুৰস(semen), যোনীৰস (veginal secretion) আৰু স্তনৰ গাখীৰত পোৱা গৈছে। সেয়ে যৌন সংৰ্স্পৰদ্বাৰা এই ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয়। পৃথিৱীৰ প্ৰায় শতকৰা ৭০ৰপৰা ৮০ ভাগ সংক্ৰমণ যৌন সংস্পৰ্শৰদ্বাৰাই হয়।
- তেজ সঞ্চাৰণ (Blood transfusion):- সংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে।
- এইচ আই ভি আক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্ৰমিত হয়।
- নিচাযুক্ত দ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয়।
- চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।
নিবাৰণৰ উপায়:-
এইড্ছত কোনো চিকিৎসা বা নিবাৰনৰ উপায় নাই। বিভিন্ন ৰোগৰ লক্ষণ হিচাবে প্ৰতিকাৰ দিয়া হয় যদিও প্ৰতিকাৰ কৰা কঠিন। সেয়ে বিশ্ব স্বাস্থ্য পৰিষদে এইড্ছত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কিছুমান সতৰ্কতামূলক ব্যৱস্থা উল্লেখ কৰিছে-
- যৌন সংস্পৰ্শ নিৰাপদ হোৱা উচিত। একাধিক ব্যক্তিৰ লগত যৌন সংস্পৰ্শ বিপদজনক সেয়ে সাবধানতা অৱনম্বন কৰাতো আৱশ্যক।
- সংশোধন নকৰা বেজী একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰা অনুচিত।
- তেজ সঞ্চাৰনৰ সময়ত সময়ত সম্পূৰ্ণভাবে তেজৰ পৰীক্ষা কৰি লব লাগে।
- আক্ৰান্ত ৰোগীয়ে সম্পূৰ্ণভাবে চিকিৎসকৰ পৰামৰ্শমতে ব্যৱস্থা লোৱা উচিত।
- জনশিক্ষাৰ জৰিয়তে এইড্ছত ৰোগৰ ভয়াবহাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব লাগে। এই উদ্দেশ্যে প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইড্ছত দিবস পালন কৰা হয়। [2]
ৰোগবিতৰণ (Epidemiology)[সম্পাদনা কৰক]
বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization) মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত[3]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। [4] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।[4] এইড্ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ।[4] পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ। [5] এইড্ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ। [6]
অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪ জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। [7]
গোলকীয় আৰু আঞ্চলিক পৰিসংখ্যা:
HIV থকা লোক | নতুনকৈ সংক্ৰমিত-২০০৯ | মৃত্যু-২০০৯ | ||
---|---|---|---|---|
চাহাৰা উপঅঞ্চল,আফ্ৰিকা | ২২.৫ নিযুত | ১.৮ নিযুত | ১.৩ নিযুত | |
দক্ষিণ-পূব এচিয়া | ৪.১ নিযুত | ২৭০০০০০ | ২৬০০০০ | |
পূব এচিয়া | ৭৭০০০০ | ৮২০০০ | ৩৬০০০ | |
মধ্য আৰু দ: আমেৰিকা | ১.৪ নিযুত | ৯২০০০ | ৫৮০০০ | |
দ: আমেৰিকা | ১.৫ নিযুত | ৭০০০০ | ২৬০০০ | |
উ: আৰু মধ্য ইউৰোপ | ৮২০০০০ | ৩১০০০ | ৮৫০০ | |
পূব ইউৰোপ আৰু মধ্য এচিয়া | ১.৪নিযুত | ১৩০০০০ | ৭৬০০০ | |
কেৰেবিয়ান | ২৪০০০০ | ১৭০০০ | ১২০০০ | |
উ: আফ্ৰিকা | ৪৬০০০০ | ৭৫০০০ | ২৪০০০ | |
ওচেনিয়া | ৫৭০০০ | ৪৫০০০ | ১৪০০ |
অসমত এইড্ছত ৰোগৰ চিকিৎসা[সম্পাদনা কৰক]
ইতিহাস[সম্পাদনা কৰক]
সামাজিক দায়বদ্ধতা[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ এইড্ছ, লেখক- ড॰ দীনেশ চন্দ্ৰ গোস্বামী আৰু ড॰ উৎপল কুমাৰ তামুলী
- ↑ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত সাধাৰণ বিজ্ঞানৰ পাঠ্যপুঠি, লেখক- ড॰ ৰাতুল চন্দ্ৰ ৰাজখোৱা, ড॰ জয়ন্ত বাৰুকিয়াল
- ↑ Tarantola, D. (2000). "Reducing HIV/AIDS risk, impact and vulnerability". Bull World Health Organ খণ্ড vol.78 (no.2). doi:10.1590/S0042-96862000000200013. ISSN 0042-9686. http://www.scielosp.org/scielo.php?pid=S0042-96862000000200013&script=sci_arttext.
- ↑ 4.0 4.1 4.2 UNAIDS 2011 pg. 1-10
- ↑ UNAIDS 2011 pg. 20-30
- ↑ UN2011 pg 40-50
- ↑ http://www.assamsacs.org/introduction.htm
- ↑ http://www.unaids.org/documents/20101123_FS_Global_em_en.pdf
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- http://commons.wikimedia.org/wiki/Category:AIDS
- http://en.wikinews.org/wiki/Category:AIDS
- http://assamsacs.org/iec.html
- http://www.isabelperez.com/aids.htm
- http://www.nlm.nih.gov/medlineplus/ency/article/003538.htm
|
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |