চিফিলিছ
| চিফিলিছ | |
|---|---|
| শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Electron micrograph of Treponema pallidum | |
| আই.চি.ডি.-10 | A50-A53 |
| আই.চি.ডি.-9 | 090-097 |
| ডিজিজেছ ডে'টাবে'ছ | 29054 |
| মেডলাইন প্লাছ | 000861 |
| ইমেডিচিন | med/2224 emerg/563 derm/413 |
| MeSH | D013587 |
চিফিলিছ (ইংৰাজী: Syphilis) হ’ল মূলতঃ যৌনসংগমৰ জৰিয়তে বিয়পা ৰোগ। ট্ৰিপ’নেমা পেলিডাম নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।[1]
কাৰণ
[সম্পাদনা কৰক]চিফিলিছৰ ঘাঁ আন ব্যক্তিক স্পৰ্শৰ যোগেৰে বিয়পে। এই ঘাঁ, পুৰুষৰ লিংগ, মহিলাৰ যোনী, মলদ্বাৰ বা মলভাণ্ডাৰত হয়। এই ঘাঁ ওঠ বা মুখৰ ভিতৰতো হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ চিফিলিছ হ’লে গৰ্ভস্থ শিশুটিৰো এই ৰোগ হ’ব পাৰে। শৌচাগাৰ, কম’ডৰ চিট, দৰ্জাৰ হেণ্ডেল, চুইমিংপুল, গৰম পানীৰ বাথটাব, একেই সাজ-পোছাক পিন্ধিলে বা বাচন ব্যৱহাৰ কৰিলে চিফিলছ নিবিয়পে।[2]
লক্ষণ
[সম্পাদনা কৰক]বীজাণু দেহত সোমোৱাৰ পৰা লক্ষণ দেখা দিয়ালৈকে প্ৰায় ৯ৰ পৰা ৯০ দিন পৰ্য্যন্ত সময় লাগে। অৱশ্যে চিফিলিছত আক্ৰান্ত বহু লোকৰ কেইবা বছৰলৈকে কোনো লক্ষণেই দেখা নিদিয়ে।[3]
প্ৰাথমিক অৱস্থা
[সম্পাদনা কৰক]এটা বা ততোধিক ঘাঁৰ সৃষ্টি হ’লে চিফিলিছৰ প্ৰাথমিক অৱস্থাৰ উমান পোৱা যায়। চিফিলিছৰ সংক্ৰমণ হোৱাৰপৰা ১০-৯০ দিনৰ ভিতৰত প্ৰথম উপসৰ্গ আৰম্ভ হয়(ইয়াৰ গড় দিন ২১)। ঘাঁডোখৰ সাধাৰণতে টান, গোল, সৰু আৰু বেদনাহীন হয়। যি ঠাইৰে চিফিলছ শৰীৰত প্ৰৱেশ কৰে-সেই ঠাইতে সাধাৰণতে ঘাঁ হয়। ঘাঁটো ৩ৰ পৰা ৬ সপ্তাহলৈ থাকে আৰু নিজে নিজে ভাল হৈ যায়। তথাপিও প্ৰাথমিক অৱস্থাত চিকিৎসা নকৰিলে সংক্ৰমণ দ্বিতীয় অৱস্থালৈ গতি কৰে। তদুপৰি লিম্ফ ন'দৰ আকাৰ বৃদ্ধি পোৱা দেখা যায়। কিন্তু কোনোধৰণৰ বিষ নহয় আৰু ঘাঁ সৃষ্টিৰ ৭-১০ দিন পিছত হয়।[4]
দ্বিতীয় অৱস্থা
[সম্পাদনা কৰক]ছালত গুটি গুটি ওলোৱা আৰু আৱৰণত ঘাঁ সৃষ্টি হ’লে চিফিলিছৰ দ্বিতীয় অৱস্থাৰ আৰম্ভ হয়। এই গুটিবোৰ নখজুৱায়। এই গুটিবোৰ হাতৰ তলুৱা আৰু ভৰিৰ পতাত একেলগে ঠাহ খাই হ’ব পাৰে। এইবোৰ ৰঙচুৱা বা ৰঙচুৱা খৈৰী ৰঙৰ হব পাৰে। শৰীৰত আন ঠাইত আন আঁকাৰতো এই গুটিবোৰ হ’ব পাৰে। এনে গুটি হোৱাৰ উপৰিও জ্বৰ, লিম্ফ গ্ৰন্থি উখহি উঠা, ডিঙি চেৰচেৰাই থকা, চুলি সৰা, মূৰৰ বিষ, শৰীৰৰ ওজন কমি যোৱা, মাংসপেশী টান মাৰি ধৰা, ভাগৰ লগা আদি উপসৰ্গও দেখা যাব পাৰে।
সুপ্ত অৱস্থা
[সম্পাদনা কৰক]বহু লোকৰ ক্ষেত্ৰত দ্বিতীয় অৱস্থাৰ পিছত বহু বছৰ পৰ্য্যন্ত চিফিলিছৰ কোনো লক্ষণ দেখা নাযায়। এনে ক্ষেত্ৰত কিন্তু ৰক্তাম্বু বিজ্ঞানৰ(Serology) পৰীক্ষাৰ ফলাফলে বেমাৰ বিধ নিশ্চিত কৰে। ই পৰৱৰ্তী পৰ্য্যায়ত তৃতীয় তথা অন্তিম পৰ্যায়লৈ পৰিৱৰ্তিত হ'ব পাৰে অথবা স্বয়ংক্ৰিয় ভাৱে আৰোগ্য হ'ব পাৰে।[5] [6][7][8]
শেষ অৱস্থা
[সম্পাদনা কৰক]দ্বিতীয় অৱস্থাৰ উপসৰ্গবোৰ নোহোৱা হ’লেই শেষ অৱস্থা (পলম অৱ্স্থা)আৰম্ভ হয়। সঠিক সময়টো ধৰিব পৰা নাযায়। চিফিলিছৰ এই দেৰীকৈ হোৱা পৰ্য্যায়ত শৰীৰৰ ভিতৰৰ অংগ বিশেষকৈ মগজু, স্নায়ু, চকু, হৃদপিণ্ড, তেজ, ধমনী, যকৃত, হাড় আদি লাহে লাহে ক্ষতি হ’বলৈ ধৰে। এই ক্ষতি বহু বছৰৰ পাছতহে বুজিব পৰা যায়। চিফিলিছৰ এই শেষ পৰ্য্যায়ৰ ক্ষতিৰ ফলত মাংস পেশীৰ সঞ্চালনত অসুবিধা, অসাৰ ভাব, অৱশতা, লাহে লাহে দৃষ্টি শক্তি কমি যোৱা আৰু স্মৃতি বিভ্ৰমৰ দৰে উপসৰ্গও দেখা যায়। এই ক্ষতিৰ ফলত আক্ৰান্ত ব্যক্তিৰ মৃত্যুও হ’ব পাৰে।[9][10]
সংক্ৰমণ
[সম্পাদনা কৰক]এগৰাকী গৰ্ভৱতী মহিলা কিমান দিন আগৰপৰা চিফিলিছ ৰোগত ভুগিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মৃত শিশু প্ৰসৱ কৰিব নে প্ৰসৱৰ পিছতেই শিশুটিৰ মৃত্যু হ’ব সেইটো ক’ব পৰা যায়। কোনো ধৰণৰ লক্ষণ বা উপসৰ্গ দেখা নিদিয়াকৈয়ো সংক্ৰমিত শিশুৰ জন্ম হ’ব পাৰে। জন্মৰ লগে লগে চিকিৎসা নকৰিলে কেইসপ্তাহমানৰ ভিতৰতে অতি জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসা নকৰিলে শিশুটিৰ বৃদ্ধিত পলম হোৱা, মৃগীৰোগ বা শিশুটিৰ মৃত্যুও হ’ব পাৰে।
চিফিলিছ আৰু এইচ আই ভি ৰ মাজত সম্পৰ্ক
[সম্পাদনা কৰক]যৌনাংগত চিফিলিছৰ ঘাঁ থাকিলে, সংগমৰ সময়ত এইচ আই ভিৰ সংক্ৰমণ অতি সহজে হয়। চিফিলিছ থকা ৰোগীৰ এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা ২ৰ পৰা ৫ গুণ বাঢ়ি যায়।[11]
প্ৰতিৰোধ
[সম্পাদনা কৰক]এবাৰ চিফিলিছ হোৱাৰ পাছত দ্বিতীয় বাৰ নহ’বৰ বাবে শৰীৰে প্ৰতিৰোধৰ সৃষ্টি নকৰে। সফল চিকিৎসাৰ পাছতো পুনৰ সংক্ৰমণৰ সম্ভাৱনা থাকে। চিফিলিছ নহ’বৰ বাবে অতি সহজ উত্তম উপায় হ’ল যৌন সম্পৰ্ক নকৰা। মদ বা ড্ৰাগছ নোখোৱাটোও চিফিলিছ ৰোধৰ এক উপায়। কিয়নো মাদক দ্ৰব্যৰ ৰাগীতে ক্ষতিকাৰক যৌন কাৰ্য্য সংঘটিত কৰা হয়।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Tudor, Maria E.; Ahmad M. Al Aboud (2025 Jan —). "Syphilis". StatPearls Publishing; NCBI Bookshelf. https://www.ncbi.nlm.nih.gov/books/NBK534780/। আহৰণ কৰা হৈছে: 1 September 2025.
- ↑ "Syphilis – CDC Fact Sheet" (as-IN ভাষাত). Centers for Disease Control and Prevention (CDC). https://www.cdc.gov/std/syphilis/stdfact-syphilis.htm। আহৰণ কৰা হৈছে: 1 September 2025.
- ↑ Red Book: Report of the Committee on Infectious Diseases (27th সম্পাদনা). প্ৰকাশক Elk Grove Village, IL: American Academy of Pediatrics. 2006. পৃষ্ঠা. xxxiv, 992. ISBN 978-1-58110-207-9.
- ↑ Eccleston, Kathryn; Collins, Lisa; Higgins, S. P. (2008). "Primary syphilis". International Journal of STD & AIDS খণ্ড 19 (3): 145–151. doi:10.1258/ijsa.2007.007258.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;RedBookSyphilisনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ O'Byrne, Patrick; MacPherson, Paul (28 June 2019). "Syphilis". BMJ খণ্ড 365: l4159. doi:10.1136/bmj.l4159. PMID 31253629.
- ↑ "Ward 86 Practice Recommendations: Syphilis". hivinsite.ucsf.edu. http://hivinsite.ucsf.edu/InSite?page=md-ward86-syphilis। আহৰণ কৰা হৈছে: 29 July 2019.
- ↑ Peeling, Rosanna W.; Mabey, David; Kamb, Mary L.; Chen, Xiang-Sheng; Radolf, Justin D.; Benzaken, Adele S. (12 October 2017). "Syphilis". Nature Reviews Disease Primers খণ্ড 3 (1): 17073. doi:10.1038/nrdp.2017.73. PMID 29022569.
- ↑ "Syphilis". MSD Manual Professional Edition. https://www.msdmanuals.com/professional/infectious-diseases/sexually-transmitted-infections-stis/syphilis। আহৰণ কৰা হৈছে: 1 September 2025.
- ↑ "Syphilis". DermNet NZ. https://dermnetnz.org/topics/syphilis। আহৰণ কৰা হৈছে: 1 September 2025.
- ↑ "The Association Between Syphilis Infection and HIV Acquisition" (as ভাষাত). National Institutes of Health. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC11945469/। আহৰণ কৰা হৈছে: 1 September 2025.
- ↑ "Syphilis - STI Treatment Guidelines" (as-IN ভাষাত). Centers for Disease Control and Prevention (CDC). https://www.cdc.gov/std/treatment-guidelines/syphilis.htm। আহৰণ কৰা হৈছে: 1 September 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| Syphilis প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- "Syphilis - CDC Fact Sheet" Centers for Disease Control and Prevention (CDC)
- UCSF HIV InSite Knowledge Base Chapter: Syphilis and HIV Archived 2013-01-20 at the Wayback Machine
আইএনডিজি দল।