৬ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২২ |
৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰ শেষ হ'বলৈ ১৭৮ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৮৫ - ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
- ১৯৪৪ - নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
- ১৯৪৮ - নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
- ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
- ১৯৭৫ - ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
- ২০১৩ - যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৯০৭ - ফ্ৰিডা কাল', মেক্সিকোৰ চিত্ৰ শিল্পী। (মৃঃ ১৩/০৭/১৯৫৪)
- ১৯২৬ - মহিম বৰা,'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
- ১৯৩৫ - ১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
- ১৯৪৬ - জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
- ১৯৪৬ - ছিলভেষ্টাৰ ষ্টেলন, হলিউডৰ অভিনেতা, ৰেম্ব' আৰু ৰকী বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৫৪ - গেয়াৰ চায়মন ওম (অ'ম), জাৰ্মান পদাৰ্থ বিজ্ঞানী, ওম সূত্ৰৰ আৱিষ্কাৰক।
- ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
- ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
- ১৯৬০ - সূৰ্য বৰা, সাহিত্যিক, সাংবাদিক, শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী। তেখেতক দুৰ্বত্তই হত্যা কৰে।
- ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
- ২০০২ - ধীৰুভাই আম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
দিৱস[সম্পাদনা কৰক]
- কোমোৰোছৰ স্বাধীনতা দিৱস।
- গল্পৰ দিন।
|