গিয়ৰ্গ ছিমন ওম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গিয়ৰ্গ ছিমন ওম

জন্ম ১৬ মাৰ্চ, ১৭৮৯
আৰ্লাংগেন, ব্ৰেণ্ডেনবাৰ্গ-বেইৰিয়থ,পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ
(বৰ্তমানৰ জাৰ্মানী)
মৃত্যু ৬ জুলাই, ১৮৫৪ (৬৫ বছৰ)
মিউনিখ, বাভাৰিয়া সাম্ৰাজ্য, জাৰ্মান সংঘত,
(বৰ্তমানৰ জাৰ্মানী)
বাসস্থান ব্ৰেণ্ডেনবাৰ্গ-বেইৰিয়থ, বাভাৰিয়া
জাতীয়তা জাৰ্মান
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান (বিদ্যুতশক্তিৰ অধ্যয়ন)
কৰ্মস্থান মিউনিখ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান আৰ্লাংগেন বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা কাৰ্ল খ্ৰীষ্টিয়ান ভন লেংগছডৰ্ফ
জনা যায় ওমৰ সূত্ৰ
ওমৰ ফেজৰ সূত্ৰ
ওমৰ ধ্বনিৰ সূত্ৰ
উল্লেখনীয় বঁটা ক'পলেই পদক(১৮৪১)

গিয়ৰ্গ ছিমন ওম (ইংৰাজীGeorg Simon Ohm),(/m/,[1] জাৰ্মান: [ˈɡeːɔʁk ˈʔoːm];[2][3] ১৬ মাৰ্চ ১৭৮৯ – ৬ জুলাই ১৮৫৪) আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ-ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল; যিটো কোষ আৱিষ্কাৰ কৰিছিল ইটালীয়ান বিজ্ঞানী আলেচেন্দ্ৰো ভল্টাই। নিজে সাজি উলিওৱা সঁজুলিৰ দ্বাৰা ওমে উদ্ভাৱন কৰিছিল যে-পৰিবাহীৰ এডালত প্ৰয়োগ কৰা বিভৱ ভেদ আৰু তাৰ পৰিণতিস্বৰূপে উৎপন্ন হোৱা বিদ্যুৎ প্ৰৱাহৰ মাজত এক প্ৰত্যক্ষ আনুপাতিকতা আছে। বিদ্যুৎ প্ৰৱাহ আৰু বিভৱ পাৰ্থক্যৰ মাজত থকা এই সম্পৰ্কটোক ওমৰ সূত্ৰ বুলি কোৱা হয়।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

গিয়ৰ্গ ওমৰ জন্ম হৈছিল পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ অধীনস্থ আৰ্লাংগেনৰ (বৰ্তমানৰ জাৰ্মানী) এটা প্ৰটেষ্টাণ্ট পৰিয়ালত। তেওঁৰ পিতৃ জোহান ওল্ফগেংগ ওম আছিল এগৰাকী তলামিস্ত্ৰী। আনহাতে মাতৃ মাৰিয়া এলিজাবেথ বেক আছিল আৰ্লাংগেনৰ এগৰাকী দৰ্জীৰ জীয়েক। গিয়ৰ্গ ওমৰ অভিভাৱকে আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছিল যদিও, ওমৰ দেউতাক জোহান ওম এগৰাকী সন্মানীয় ব্যক্তি আছিল। তেওঁ হাইস্কুল পৰ্যায়লৈকে নিজে নিজেই পঢ়া-শুনা কৰিছিল আৰু পুতেককো স্ব-আৰ্জিত শিক্ষাৰেই শিক্ষিত কৰিছিল।[5] পৰিয়ালৰ সাতোটা সন্তানৰ কেৱল তিনিটিহে কৈশোৰত ভৰি দিবলৈ সক্ষম হৈছিল। গিয়ৰ্গ ওম, তেওঁৰ ভ্ৰাতৃ মাৰ্টিন ওম যি পাছলৈ এগৰাকী বিশিষ্ট গণিতজ্ঞ হৈছিল, আৰু তেওঁলোকৰ ভগ্নী এলিজাবেথ বাৰবাৰা। গিয়ৰ্গ ওমৰ দহ বছৰ হওঁতেই মাতৃ ঢুকাইছিল। [6]

শৈশৱৰ আদিছোৱাৰ পৰাই, গিয়ৰ্গ আৰু মাৰ্টিনক দেউতাকে পঢ়া-শুনা কৰোৱাইছিল। পিতৃ জোহানে তেওঁলোকক উচ্চ শ্ৰেণীৰ অংক, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু দৰ্শন পঢ়াইছিল। এঘাৰ বছৰৰ পৰা পোন্ধৰ বছৰলৈকে গিয়ৰ্গ ওমে আৰ্লাংগেন জিমনেছিয়ামত শিক্ষাগ্ৰহণ কৰিছিল। কিন্তু বিজ্ঞান শিক্ষাৰ লগত নামমাত্ৰহে পৰিচয় হৈছিল-যিটো কথাই দেউতাকে প্ৰদান কৰা শিক্ষাৰ মাজত এটা পাৰ্থক্যৰ সৃষ্টি কৰিছিল। ফ্ৰেডেৰিখ-আলেকজেণ্ডাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্ল খ্ৰীষ্টিয়ান ভন লেংগছডৰ্ফে আগবঢ়োৱা অভিমত অনুযায়ী- এই বৈশিষ্ট্যটোৱে ওমৰ পৰিয়াল আৰু বাৰ্ণলি পৰিয়ালৰ মাজত এটা সাদৃশ্যৰ সৃষ্টি কৰিছিল।[7]

কৰ্মজীৱন[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়ৰ জীৱন[সম্পাদনা কৰক]

মিউনিখ কাৰিকৰী বিশ্ববিদ্যালয়ত ওমৰ এটা স্মাৰক, উইলহেম ভন ৰুমানৰ দ্বাৰা, থেৰেছিয়েনষ্ট্ৰাছে চৌহদত(Theresienstrasse Campus)

১৮০৬ চনৰ ছেপ্টেম্বৰ মাহত ওমে Gottstadt bei Nidauৰ এখন বিদ্যালয়ত এগৰাকী অংকৰ শিক্ষক হিচাপে যোগদান কৰিলে। ওমে হেইডলবাৰ্গত অধ্যাপক লেংগছডৰ্ফৰ লগত গাণিতিক অধ্যয়ন পুনৰ অধ্যয়ন কৰিব বিচাৰিছিল। অৱশ্যে লেংগছডৰ্ফে ওমক নিজাবৱীয়াকৈ অংক পঢ়িবলৈ উপদেশ দিলে। লগতে ইউলাৰ, লেপলাচ, লেক্ৰ'ইক্সৰ কৰ্মৰাজী অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিলে। ওমে তেওঁৰ উপদেশ মানিলে আৰু ১৮০৯ চনৰ মাৰ্চত অংকৰ শিক্ষকৰ পদটো ত্যাগ কৰিলে। তাৰপিছত তেখেত নিউছটেলত গণিতৰ এগৰাকী ব্যক্তিগত টিউটৰ হৈ পৰে। দুবছৰকাল তেখেতে লেংগছডৰ্ফৰ উপদেশ মানি চলি গণিতৰ অধ্যয়ন কৰি থাকিল আৰু টিউটৰৰ ভূমিকাও পালন কৰি থাকিল। ১৮১১ চনৰ এপ্ৰিল মাহত তেওঁ আৰ্লাংগেন বিশ্ববিদ্যালয়লৈ উভতি আহে।[8]

শিক্ষকতাৰ জীৱন[সম্পাদনা কৰক]

নিজাববীয়াকৈ কৰা অধ্যয়নসমূহেই ওমক তেওঁৰ ডক্তৰেট ডিগ্ৰী অৰ্জনত সহায় কৰিছিল। যিটো ডিগ্ৰী তেওঁ আৰ্লাংগেন বিশ্ববিদ্যালয়ৰ পৰা ১৮১১ চনৰ ২৫ অক্টোবৰত লাভ কৰিছিল। তেওঁ ততালিকে সেই শিক্ষানুষ্ঠানতে গণিতৰ শিক্ষক হিচাপে যোগদান কৰে যদিও দুৰ্বল সম্ভাৱনাৰে হেতু তিনিটা ষান্বাসিকৰ পাছতে সেই পদ ত্যাগ কৰে। শিক্ষক হিচাপে আহৰণ কৰা দৰমহাৰে তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ অসুবিধা পাইছিল। বাভাৰিয়ান চৰকাৰে তেওঁক বেমবাৰ্গৰ এখন নিম্ন মানৰ বিদ্যালয়ত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক হিচাপে নিযুক্তি দিলে। ১৮১৩ চনৰ জানুৱাৰীত ওমে সেই বিদ্যালয়ত যোগদান কৰিলে। কিন্তু তেওঁ চাকৰিটো কৰি সুখী নহ'ল, সেইকাৰণে নিজৰ সামৰ্থ জাহিৰ কৰিবৰ বাবে তেওঁ জ্যামিতি সম্পৰ্কে এখন প্ৰাথমিক পাঠ্যপুথি লিখা কামত মনোনিৱেশ কৰিলে। ১৮১৬ চনৰ ফেব্ৰুৱাৰিত বিদ্যালয়খন বন্ধ হ'ল। তাৰপিছত বাভাৰিয়ান চৰকাৰে ওমক পঠাই দিলে অধিকসংখ্যক শিক্ষাৰ্থীয়ে শিক্ষাদান কৰি থকা বেমবাৰ্গৰ অইন এখন বিদ্যালয়লৈ-যাতে তেওঁ গণিতৰ পাঠদান কাৰ্যত সহায় কৰিব পাৰে। বেমবাৰ্গত নিজৰ দায়িত্ব পালন কৰি ওমে তেওঁৰ জ্যামিতি সম্পৰ্কীয় সম্পূৰ্ণ পাণ্ডুলিপিটো প্ৰুছিয়াৰ ৰজা উইলহেম-তৃতীয়লৈ প্ৰেৰণ কৰিলে। ৰজাই পাণ্ডুলিপিটো পঢ়ি সন্তুষ্টি প্ৰকাশ কৰিলে আৰু তেওঁক ১৮১৭ চনৰ ১১ ছেপ্টেম্বৰত ক'লনৰ জেছুইট জিমনেছিয়ামত এটা পদত নিযুক্তি দিলে। এই বিদ্যালয়খনৰ বিজ্ঞান শিক্ষাত এক বিশেষ নাম আছিল। ওমে গণিতৰ উপৰিও এইখন বিদ্যালয়ত পদাৰ্থ বিজ্ঞান পঢ়াবলগীয়া হৈছিল। পদাৰ্থ বিজ্ঞানৰ প্ৰয়োগশালা(লেবৰটেৰী)টোও সুগঠিত আৰু যন্ত্ৰ-সৰঞ্জামেৰে সুসমৃদ্ধ আছিল। যাৰ ফলত ওমে পদাৰ্থ বিজ্ঞান সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সুবিধা লাভ কৰিলে। তলামিস্ত্ৰীৰ পুতেক হিচাপে তেওঁ যান্ত্ৰিক সঁজুলিৰ ব্যৱহাৰিক জ্ঞান কিছুমান ইতিমধ্যেই আহৰণ কৰি থৈছিল। [6]

১৮২৭ চনত ওমে লিখা Die galvanische Kette, mathematisch bearbeitet (The Galvanic Circuit Investigated Mathematically) পুথিখন প্ৰকাশ হ'ল। পিছে ওমৰ শিক্ষানুষ্ঠানখনে তেওঁৰ কৰ্মক সমৰ্থন নজনালে। পৰিণতিস্বৰূপে ওমে তেওঁৰ পদটো ত্যাগ কৰিলে। ওমে তাৰপিছত পলিটেকনিক স্কুল অৱ নুৰেমবাৰ্গ লৈ এখন আৱেদন পত্ৰ পঠিয়ালে আৰু তেওঁৰ নিযুক্তিটো শিক্ষানুষ্ঠানখনে নিশ্চিত কৰিলে। ১৮৩৩ চনত ওমে নুৰেমবাৰ্গৰ পলিটেকনিক স্কুলত উপস্থিত হ'ল আৰু ১৮৫২ চনত তেওঁ মিউনিখ বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান বিভাগটোৰ অধ্যাপকৰ পদত অধিষ্ঠিত হয়। [9][10]

১৮৪৯ চনত, ওমে আণৱিক পদাৰ্থ বিজ্ঞান Beiträge zur Molecular-Physik (ইংৰাজীত: Molecular Physics) নামৰ কিতাপখন প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাত ওমে লিখিছিল যে-কিতাপখন তেওঁ দ্বিতীয় আৰু তৃতীয় খণ্ড এটাও লিখিব বিচাৰে, আৰু যদিহে ঈশ্বৰে জীয়াই ৰাখে, তেন্তে চতুৰ্থ খণ্ডটোও... ("and if God gives me length of days for it, a fourth.")। অৱশ্যে গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা এটা মৌলিক আৱিষ্কাৰ ছুইডেনৰ এজন বিজ্ঞানীয়েই ইতিমধ্যেই কৰিছে বুলি জানিবলৈ পোৱাত ওমে সেইখন প্ৰকাশ নকৰিলে আৰু ক'লে যে- ঘটনাটোৱে মই ভবা 'মানুহে পাতে, ঈশ্বৰে ভাঙে' শীৰ্ষক কথাটোক নতুন আৰু সতেজ কৰি তুলিছে। যিটো প্ৰকল্পই মোৰ অনুসন্ধান-কাৰ্যক কিছু উদ্দীপনা যোগাইছিল, সেইয়া এতিয়া ধোঁৱাৰ লগত বিলীন হৈ গৈছে আৰু তাৰ ঠাইত মই নভবা কিবা এটাই খোপনি পুতিছে। ("The episode has given a fresh and deep sense for my mind to the saying 'Man proposes, and God disposes.The project that gave the first impetus to my inquiry has been dissipated into mist, and a new one, undesigned by me, has been accomplished in its place.")[11]

ওমৰ সূত্ৰ[সম্পাদনা কৰক]

ওমৰ সূত্ৰৰ প্ৰাচলসমূহ বিভৱ ভেদ(V), বৈদ্যুতিক প্ৰৱাহ(I) আৰু বৈদ্যুতিক ৰোধ(R)

ওমৰ সূত্ৰটো[1] পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল তেওঁৰ বিখ্যাত গ্ৰন্থ Die galvanische Kette, mathematisch bearbeitetত; (অনুবাদ-The Galvanic Circuit Investigated Mathematically) (১৮২৭)-য'ত তেওঁ বিদ্যুতৰ সম্পূৰ্ণ তত্ত্বটো উল্লেখ কৰিছিল। [10] তেখেতে নিজৰ সূত্ৰটোক বৈদ্যুতিক বৰ্তনীৰ দুটা চৰম বিন্দুৰ মাজত ক্ৰিয়া কৰি থকা বিদ্যুৎচালক বলক বৈদ্যুতিক প্ৰবাহৰ শক্তি আৰু বৈদ্যুতিক ৰোধ গুণফল হিচাপে প্ৰকাশ কৰিছিল। (electromotive force acting between the extremities of any part of a electrical circuit is the product of the strength of the electric current, and the electrical resistance of that part of the circuit.)[12][13]

এই গ্ৰন্থখন আৰম্ভ হয় এটা গাণিতিক পৃষ্ঠভূমিৰে। যি পৃষ্ঠভূমিৰ সহায় লৈ তেওঁৰ কৰ্মখিনি বুজিব পাৰি। যদিও তেওঁৰ উদ্ভাৱনে বৈদ্যুতিক প্ৰবাহৰ সূত্ৰ আৰু প্ৰয়োগক গভীৰভাৱে প্ৰভাৱ পেলাইছিল,[9] সূত্ৰটোক সেইসময়ত গুৰুত্বসহকাৰে গ্ৰহণ কৰা হোৱা নাছিল। ওমে বিশ্বাস কৰিছিল যে বিদ্যুতৰ মাজৰ এই যোগাযোগ কিছুমান নিকটস্থ কণিকা অৰ্থাৎ ওচৰা-উচৰিকৈ থকা কণিকাৰ মাজত সম্পন্ন হৈছিল। সেই পৰিভাষাটো("contiguous particles") ওমে নিজে ব্যৱহাৰ কৰিছিল। এই গৱেষণাপত্ৰখনে তেওঁৰ এই ধাৰণাটোকে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল, আৰু বিশেষকৈ তেওঁৰ এই উদ্ভাৱনৰ লগত জোছেফ ফোৰিয়াৰ আৰু ক্লোডে-লুইছ নেভিয়াৰৰ ধাৰণাটোৰ বৈজ্ঞানিক বৈসাদৃশ্যকো ব্যাখ্যা কৰিছিল। [14]

সূত্ৰটো উদ্ভাৱনৰ বাবে ওমে ব্যৱহাৰ কৰা "ধাৰণাগত কাঠামো"টোৰ সম্বন্ধে আৰ্চিবাল্ডে(Archibald) অধ্যয়ন কৰে। [15] ওমৰ এই উদ্ভাৱনে "বৰ্তনী তত্ত্ব" নামৰ এটা বিশেষ বিষয়ৰ আৰম্ভণি কৰিছিল। অৱশ্যে নতুন শতিকাতহে এই ক্ষেত্ৰখন বিশেষ স্বীকৃতি লাভ কৰিছিল। [16]

মৃত্যু[সম্পাদনা কৰক]

১৮৫৪ চনত এইগৰাকী বিজ্ঞানীয়ে মিউনিখত শেষ নিশ্বাস ত্যাগ কৰে। [10]তেওঁক Alter Südfriedhof -ত অন্তিম সৎকাৰ কৰা হয়।

টোকা[সম্পাদনা কৰক]

^ বৈদ্যুতিক প্ৰবাহ যে বিভৱ ভেদৰ সমানুপাতিক, এই কথাটো প্ৰথমে আৱিষ্কাৰ কৰিছিল হেনৰি কেভেণ্ডিছে, কিন্তু কেভেণ্ডিচে তেওঁৰ আৱিষ্কাৰটো তেওঁৰ জীৱনকালত ক'তোৱেই প্ৰকাশ কৰোৱা নাছিল আৰু ১৮৭৯ চনলৈকে তাৰ বিষয়ে মানুহে গম পোৱা নাছিল। ওমে তাৰপিছত নিজাবৱীয়াকৈ স্বতন্ত্ৰভাৱে এই আৱিষ্কাৰটো কৰিছিল। সেয়ে এই সূত্ৰটোৰ নাম তেওঁৰ নামেৰেই ৰখা হ'ল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Ohm". Random House Webster's Unabridged Dictionary.
  2. Dudenredaktion; Kleiner, Stefan; Knöbl, Ralf (2015) (German ভাষাত). Das Aussprachewörterbuch (7th সম্পাদনা). প্ৰকাশক Berlin: Dudenverlag. ISBN 978-3-411-04067-4. https://books.google.com/books?id=T6vWCgAAQBAJ. 
  3. Krech, Eva-Maria; Stock, Eberhard; Hirschfeld, Ursula; Anders, Lutz Christian (2009) (German ভাষাত). Deutsches Aussprachewörterbuch. প্ৰকাশক Berlin: Walter de Gruyter. ISBN 978-3-11-018202-6. https://books.google.com/?id=E-1tr_oVkW4C&dq=deutsches+ausspracheworterbuch. 
  4. https://sites.google.com/site/siptahforyou/electricity/face/georg-ohm
  5. Keithley, Joseph F. (1999). The Story of Electrical and Magnetic Measurements: From 500 BC to the 1940s. John Wiley & Sons
  6. 6.0 6.1 "Famous Scientists and their Inventions - Georg Ohm". cool components. Nov 13, 2019. https://coolcomponents.co.uk/blogs/news/famous-scientists-and-their-inventions-georg-ohm। আহৰণ কৰা হৈছে: 21 May 2020. 
  7. http://mathshistory.st-andrews.ac.uk/Biographies/Ohm.html
  8. "Georg Simon Ohm". School of Mathematics and Statistics University of St Andrews, Scotland. http://mathshistory.st-andrews.ac.uk/Biographies/Ohm.html। আহৰণ কৰা হৈছে: 19 May 2020. 
  9. 9.0 9.1 সাঁচ:EB1911
  10. 10.0 10.1 10.2 Chisholm 1911, পৃষ্ঠা. 34.
  11. Kneller, Karl Alois; Kettle, Thomas Michael (1911). Christianity and the leaders of modern science; a contribution to the history of culture in the nineteenth century. Freiburg im Breisgau, pp. 17–18
  12. Die galvanische kette: mathematisch By Georg Simon Ohm Pg. 181
  13. The galvanic circuit investigated mathematically By Georg Simon Ohm Pg. 202
  14. B. Pourprix, "G. S. Ohm théoricien de l'action contiguë," Archives internationales d'histoire des sciences 45(134) (1995), pp. 30–56
  15. T Archibald, "Tension and potential from Ohm to Kirchhoff," Centaurus 31 (2) (1988), pp. 141–163
  16. Belevitch, V, "Summary of the history of circuit theory", Proceedings of the IRE, vol 50, Iss 5, pp. 848–855, May 1962 doi:10.1109/JRPROC.1962.288301.