১৪ ফেব্ৰুৱাৰী
Jump to navigation
Jump to search
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ||||||
২০২১ |
১৪ ফেব্ৰুৱাৰী (ইংৰাজী: 14 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২০টা দিন (অধিবৰ্ষত ৩২১ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- ২০০৫ চনৰ আজিৰ দিনটোতে ভিডিঅ' বিতৰণৰ ৱেবছাইট ইউটিউব আৰম্ভ কৰা হৈছিল।
- ১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰথম হোমিওপেথিক মেডিকেল কলেজ কলকাতাত স্থাপন কৰা হৈছিল।
- ১৮৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম ভোটিং মেচিনৰ ব্যৱহাৰ কৰা হয়।
- ১৯৪৬ চনত যুক্তৰাজ্যৰ কেন্দ্ৰীয় বেংক, বেংক অফ ইংলেণ্ডৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। চুইডেনৰ স্ভেৰিজেচ ৰিস্কবেংকৰ পিছত এইটোৱেই বিশ্বৰ দ্বিতীয় প্ৰাচীন কেন্দ্ৰীয় বেংক আৰু বিশ্বৰ ৮ম প্ৰাচীন বেংক।
- ১৯২৯ চনৰ আজিৰ দিনটোতে বেক্টেৰিয়াবিদ ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ আবিষ্কাৰ বেক্টেৰিয়া নিমূৰ্লকাৰী যুগান্তকাৰী এণ্টিবায়োটিক পেনিচিলিন আবিষ্কাৰ কৰে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল ১৮৮১ চনৰ ৬ আগষ্টত। ১৯৫৫ চনৰ ১১ মাৰ্চত মৃত্যু। তেওঁক ১৯৪৫ চনত নোবেল বঁটা প্ৰদান কৰা হয়।
- ২০০৩ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম ক্লোনিং ভেড়া ডলীক মাৰি পেলোৱা হয়। নানা ৰোগে আক্ৰমণ কৰাৰ বাবে বিজ্ঞানীসকলে ডলীক মাৰি পেলাবলৈ বাধ্য হয়। ১৯৯৬ চনৰ ৫ জুলাইত স্কটলেণ্ডৰ ৰোজালিন ইনষ্টিটিউটত ডলীৰ জন্ম হৈছিল। ডলীৰ জন্মৰ কথা লুকুৱাই ৰখা হৈছিল যদিও ১৯৯৭ চনৰ ২২ ফেব্ৰুৱাৰীত এই কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰা হয়।
- ১৯৯০ – ভয়েজাৰ ১ মহাকাশযানে প্ৰথম পৃথিৱীৰ আলোকচিত্ৰ তোলে, যি পেল ব্লু ডট (Pale Blue Dot) নামেৰে প্ৰসিদ্ধ হয়।
- ১৫৫৬ – আকবৰৰ ৰাজ অভিষেক কৰা হয়।
জন্ম[সম্পাদনা কৰক]
- ১৪৮৩ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট বাবৰৰ জন্ম হৈছিল (মৃত্যু - ২৬ ডিচেম্বৰ ১৫৩০)।
- ১৯৫২ চনৰ আজিৰ দিনটোতে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ জন্ম।
- ১৯৩৩ চনৰ আজিৰ দিনটোতে সুন্দৰী অভিনেত্ৰী মধুবালা (মমতাজ জাহান দেহলভী)ৰ জন্ম (মৃত্যু ২৩ ফেব্ৰুৱাৰী ১৯৬৯)।
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
- ভেলেণ্টাইন দে (প্ৰেমৰ দিৱস)।
- ভাৰতবৰ্ষত পিতৃ-মাতৃ পূজন দিৱস।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|