ডলী (ভেড়া)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডলী

ডলী চৰ্ম সংৰক্ষণ কৰি ৰখা হৈছে
অন্য নাম 6LLS (ক'ড নাম)
প্ৰজাতি পোহনীয়া ভেড়া, ফিন-ডৰছেট
লিংগ স্ত্ৰী
জন্ম ৫ জুলাই ১৯৯৬
ৰ'জলিন ইন্সটিটিউট, মিড্‌ল'থিয়ান, স্কটলেণ্ড
মৃত্যু ১৪ ফেব্ৰুৱাৰী ২০০৩ (বয়স ৬ বছৰ)
ৰ'জলিন ইন্সটিটিউট, মিড্‌ল'থিয়ান, স্কটলেণ্ড
সমাধি ক্ষেত্ৰ স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় (ছবিত দেখুওৱা হৈছে)
Nation from স্কটিছ
কিহৰ বাবে জনাজাত প্ৰাপ্তবয়স্ক ছ'মাটিক কোষৰপৰাক্ল'নিং কৰি জন্ম দিয়া প্ৰথম স্তন্যপায়ী প্ৰাণী
সন্তান ছটা পোৱালি (বনী; যময ছেলী আৰু ৰ'জী; লাকী, ডাৰ্চী আৰু কটন)
Named after ডলী পাৰ্টন[1]
ডলী (ভেড়া)
মৃত্যুৰ কাৰণ হাঁও-ফাঁওৰ ৰোগ আৰু বিভিন্ন হাড়ৰ ৰোগ

ডলী (ইংৰাজী: Dolly (sheep)) (৫ জুলাই ১৯৯৬ – ১৪ ফেব্ৰুৱাৰী ২০০৩) হৈছে এজনী মাইকী পোহনীয়া ভেড়া আৰু ই হৈছে নিউক্লিয়াৰ পৰিবৰ্তন পদ্ধতিৰে এটা প্ৰাপ্তবয়স্ক ছ'মাটিক কোষৰ পৰা ক্ল’নিং কৰি জন্ম দিয়া প্ৰথম স্তন্যপায়ী প্ৰাণী

উৎপত্তি[সম্পাদনা কৰক]

স্কটলেণ্ডৰ ইডেনবাৰ্গ বিশ্ববিদ্যালয়ৰ আৰু ইডেনবাৰ্গৰ জৈৱ-প্ৰযুক্তিবিদ্যা কোম্পানী পি.পি.এল. থেৰাপেটিক্‌ছৰ অন্তৰ্গত ৰ'জলিন ইন্সটিটিউটকেইথ কেম্পবেল, ইয়ান উইলমাট আৰু সহকৰ্মীসকলে ডলীৰ ক্লন কৰিছিল। ডলীৰ ক্লনিংৰ খৰচ পি.পি.এল. থেৰাপেটিক্‌ছ আৰু কৃষি মন্ত্ৰালয়ে যোগান ধৰিছিল।[2] ১৯৯৬ চনৰ ৫ জুলাইত ডলীৰ জন্ম হৈছিল আৰু তাইৰ সপ্তম জন্ম দিনলৈ পাঁচ মাহ আগতে হাঁও-ফাঁওৰ ৰোগৰ ফলত তাইৰ মৃত্যু হৈছিল।[3] বি.বি.চি নিউজ আৰু ছাইণ্টিফিক আমেৰিকানকে ধৰি বিভিন্ন উৎসৰ মতে ডলী হৈছে "পৃথিৱীৰ আটাইতকৈ বিখ্যাত ভেড়া"।[4][5]

ডলীৰ ক্লনিংৰ বাবে দাতা কোষ হিচাপে ব্যৱহাৰ কৰা কোষ এক স্তন্য গ্ৰন্থিৰ পৰা লোৱা হৈছিল, আৰু এটা স্বাস্থ্যৱান ক্লনৰ উৎপাদনে প্ৰমাণ কৰিছিল যে দেহৰ কিছুমান নিৰ্দিষ্ট অংশৰ কোষে এক পূৰ্ণাংগ জীৱৰ পুনৰনিৰ্মাণ কৰিব পাৰে।

মৃত্যু[সম্পাদনা কৰক]

২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰীত, ক্ৰমাগতভাৱে বৃদ্ধি হোৱা হাঁও-ফাঁওৰ ৰোগ আৰু বিভিন্ন ধৰণৰ হাড়ৰ ৰোগৰ বাবে ডলীক ইচ্ছামৃত্যু প্ৰদান কৰা হয়।[6] সাধাৰণতে এটা ফিন ডৰছেট প্ৰায় ১১-১২ বছৰ জীয়াই থাকে, কিন্তু ডলী ৬.৫ বছৰহে জীয়াই থাকিল। মৰণোত্তৰ পৰীক্ষাত তাই অ'ভাইন পালমনেৰি এডেন'কাৰচিনমা (জাগছেইক্টে বুলিও জনাজাত) নামৰ এক প্ৰকাৰৰ হাঁও-ফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি গম পোৱা গৈছিল,[7] ই হৈছে ভেড়াৰ এটা সাধাৰণ ৰোগ আৰু ই জে.এছ.আৰ.ভি. নামৰ এক ৰেট্ৰ'ভাইৰাছৰ বাবে হয়।[8] ৰ'জলিনৰ বিজ্ঞানীসকলৰ মতে এই ৰোগৰ সৈতে ক্লনিংৰ কোনো সম্পৰ্ক নাই কাৰণ এনে প্ৰজাতিৰ অন্য ভেড়াও এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।[6] ঘৰৰ ভিতৰত ৰখা ভেড়াৰ বাবে এনে ৰোগ অতি মাৰাত্মৰ আৰু সুৰক্ষাৰ খাতিৰত ডলীক ঘৰৰ ভিতৰতেই ৰখা হৈছিল।

কিছুলোকে ডলীৰ মৃত্যুৰ কাৰণ এইবুলি অনুমান কৰিছিল যে, ডলীক এজনী ছবছৰীয়া ভেড়াৰ পৰা ক্লনিং কৰা হৈছিল বাবে তাই জন্মতেই ছবছৰীয়া হৈ জন্মিছিল।[9] এই ধাৰণাৰ এটা মূল ভিত্তিয়ে দেখুৱাইছিল যে ডলীৰ টেল'মিয়েৰবোৰ চুটি আছিল, যাৰ ফলত ডলীৰ বয়স বাঢ়িছিল।[10][11] ৰ'জলিন ইন্সটিটিউটৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে, ডলীৰ স্বাস্থ্য পৰীক্ষা কৰি তাইৰ দেহত এনেকৈ আগতীয়া বয়স বৃদ্ধি হ’ব পৰা কোনো ধৰণৰ বিসংগতি পোৱা হোৱা নাছিল।[9]

২০১৬ চনত বিজ্ঞানীসকলে ১৩টা ক্লন ভেড়াত কোনো বিসংগতি নাই বুলি প্ৰকাশ কৰে, ইয়াৰে চাৰিটাৰ ক্লনিং ডলীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কোষৰ দৰে একে কোষৰ পৰা কৰা হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "1997: Dolly the sheep is cloned". BBC News. 22 February 1997. http://news.bbc.co.uk/onthisday/hi/dates/stories/february/22/newsid_4245000/4245877.stm. 
  2. Edwards, J. (1999). "Why dolly matters: Kinship, culture and cloning". Ethnos খণ্ড 64 (3–4): 301–324. doi:10.1080/00141844.1999.9981606. 
  3. "Dolly the sheep clone dies young". BBC News. 14 February 2003
  4. "Is Dolly old before her time?". BBC News (London). 27 May 1999. http://news.bbc.co.uk/1/hi/sci/tech/353617.stm। আহৰণ কৰা হৈছে: 4 October 2009. 
  5. Lehrman, Sally (July 2008). "No More Cloning Around". Scientific American. http://www.sciam.com/article.cfm?id=no-more-cloning-around। আহৰণ কৰা হৈছে: 21 September 2008. 
  6. 6.0 6.1 Dolly's final illness Archived 27 February 2008 at the Wayback Machine Roslin Institute, Accessed 21 February 2008 Cached version
  7. Bridget M. Kuehn Goodbye, Dolly; first cloned sheep dies at six years old Archived 4 October 2009 at the Wayback Machine American Veterinary Medical Association, 15 April 2003
  8. Palmarini M (2007). "A Veterinary Twist on Pathogen Biology". PLoS Pathog. খণ্ড 3 (2): e12. doi:10.1371/journal.ppat.0030012. PMID 17319740. PMC 1803002. http://pathogens.plosjournals.org/perlserv/?request=get-document&doi=10.1371/journal.ppat.0030012. [সংযোগবিহীন উৎস]
  9. 9.0 9.1 Was Dolly already 'old' at birth? Roslin Institute, Accessed 4 April 2010
  10. Shiels PGএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "etal" (1999). "Analysis of telomere length in Dolly, a sheep derived by nuclear transfer". Cloning খণ্ড 1 (2): 119–25. doi:10.1089/15204559950020003. PMID 16218837. 
  11. Shiels PGএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "etal" (1999). "Analysis of telomere lengths in cloned sheep". Nature খণ্ড 399 (6734): 316–7. doi:10.1038/20580. PMID 10360570.