পেনিচিলিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পেনিচিলিন
Penicillin core.svg
Penicillin core structure, where "R" is the variable group
Clinical data
AHFS/Drugs.com Micromedex Detailed Consumer Information
License data সাঁচ:Infobox drug/licence
Pregnancy
category
সাঁচ:Infobox drug/pregnancy category
Routes of
administration
Intravenous, intramuscular, by mouth
ATC code
Legal status
Legal status
  • In general: ℞ (Prescription only)
Pharmacokinetic data
Metabolism liver
Elimination half-life between 0.5 and 56 hours
Excretion Kidneys
Identifiers
CAS Number
PubChem CID
PubChem SID
IUPHAR/BPS
DrugBank
ChemSpider
UNII
KEGG
ChEBI
ChEMBL
NIAID ChemDB
PDB ligand
CompTox Dashboard (EPA)

পেনিচিলিন হৈছে কিছুমান প্ৰতিজৈৱিক (Antibiotic)ৰ সমষ্টি যাৰ ভিতৰত পেনিচিলিন জি, পেনিচিলিন ভি, পেনিচিলিন প্ৰকেইন আৰু বেঞ্জাথিন পেনিচিলিন অন্তৰ্ভুক্ত। এইবোৰ পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা উৎপন্ন হয়। [2]পেনিচিলিন বিটা লেক্টাম( β-lactam) প্ৰতিজৈৱিকৰ ভিতৰত পৰে।

আৱিষ্কাৰ[সম্পাদনা কৰক]

১৯২৮ চনত ন’বেল বঁটা প্ৰাপ্ত বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে [3]৷তেওঁ পেনিচিলিয়াম ন’টেটাম নামৰ ভেঁকুৰৰ প্ৰজাতিটোৰ পেনিচিলিন উৎপাদন কৰিছিল। ১৯৪২ চনৰ পৰাহে জনসাধাৰণে পেনিচিলিন বেক্টেৰিয়া সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা আৰম্ভ কৰে। [4]ইয়াৰ আগতে দেহৰ আঘাতবোৰত সংক্ৰমণ হোৱাৰ ফলত বিশ্বত প্ৰতি বছৰে লাখ লাখ লোক মৃত্যুমুখত পৰিছিল ৷ আনকি ইয়াৰ আগতে প্ৰথম মহাসমৰকে আদি কৰি ইতিহাসৰ বেছিভাগ যুদ্ধতেই আটাইতকৈ বেছি সংখ্যক সৈনিকৰ মৃত্যু দৰাচলতে যুদ্ধক্ষেত্ৰত হোৱা নাছিল ৷ এই মৃত্যুবোৰৰ গৰিষ্ঠসংখ্যকেই হৈছিল যুদ্ধক্ষেত্ৰত পোৱা আঘাতৰ স্থানত কেইদিনমান পিছত আৰম্ভ হোৱা সংক্ৰমণৰ ফলতহে ৷

পিছে, মহাসমৰৰ এই ভয়াবহ কালচোৱাত সৈনিক সকলক পেনিচিলিনেৰে চিকিৎসা কৰাত ক্ষেত্ৰত চিকিৎসক সকলৰ সন্মূখত এক ডাঙৰ বাধা আহি পৰিছিল ৷ সেই সময়চোৱাত বিশ্বৰ পেনিচিলিন উৎপাদন ক্ষমতা আছিল চাহিদাতকৈ বহু কম ৷ দৈনিক হাজাৰ হাজাৰ সৈনিকক পেনিচিলিনৰ প্ৰয়োজন হোৱাৰ সময়ত বিজ্ঞানী সকলে চাহিদাৰ এক সামান্য অংশ পেনিচিলিনহে দৈনিক উৎপাদন কৰিবলৈ সক্ষম আছিল ৷ গতিকে সেই সময়ত পৰিস্থিতি এনে আছিল যে চিকিৎসক সকলে জানিছিল যে কোনো এজন সৈনিকক পেনিচিলিন দিলে তেওঁ সুস্থ হৈ উঠিব ৷ কিন্তু যোগানৰ অভাৱৰ ফলত পেনিচিলিনৰ বেজী এটা লব নোৱাৰি চিকিৎসক সকলৰ সন্মূখতে অৱশেষত সেই সৈনিক জনৰ মৃত্যু হৈ গৈছিল ৷ এই বেদনাদায়ক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ বৃহৎ হাৰত পেনিচিলিন উৎপাদনৰ কোনো উপায়েই চিকিৎসক সকলৰ হাতত নাছিল ৷ কিন্তু ইয়াৰ মাজতে এদিন হঠাৎ সকলো সলনি হৈ গ'ল ৷ চিকিৎসক সকলে আৱিষ্কাৰ কৰিলে যে কোনো এজন লোকক পেনিচিলিন দিয়াৰ পিছত এই দৰৱৰ এটা অংশ দেহত ৰোগ প্ৰতিৰোধত লাগি যায় যদিও আন অংশটো প্ৰায় চাৰি ঘন্টাৰ পিছত প্ৰস্ৰাৱৰ লগত ৰোগীজনৰ দেহৰ বাহিৰলৈ ওলাই যায় ৷ বিজ্ঞানী সকলে দেখিলে যে প্ৰায় চাৰি ঘন্টাৰ পিছত ৪০ ৰ পৰা ৯৯ শতাংশ পেনিচিলিনেই কোনো ধৰণৰ সাল সলনি নোহোৱাকৈ ৰোগীৰ দেহৰ পৰা বাহিৰলৈ ওলাই আহে ৷ বাকী যি অংশ ৰোগীৰ দেহত থাকি যায় সেই পেনিচিলিনেই ৰোগীজনক সুস্থ কৰি তোলে ৷ এই আশাব্যঞ্জক ফলাফলটো পোৱাৰ পিছত বিজ্ঞানী সকলে পেনিচিলিনৰ বৃহৎ হাৰত উৎপাদনত এক অভাৱনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁলোকে কোনো এক ৰোগীক পেনিচিলিন দিয়াৰ চাৰি ঘন্টা পিছত ৰোগীজনৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত সেই প্ৰস্ৰাৱৰ পৰা অব্যৱহৃত পেনিচিলিনবোৰ পুনৰোদ্ধাৰ কৰি সেই পেনিচিলিন পুনৰ এক নতুন ৰোগীৰ দেহত প্ৰয়োগ কৰে ৷ ইয়াৰ চাৰিঘন্টা পিছত তেওঁলোকে নতুন ৰোগীজনৰ প্ৰস্ৰাৱৰ পৰাও পুনৰ পেনিচিলিন সংগ্ৰহ কৰি আকৌ আন এজন ৰোগীক দিবলৈ ধৰে ৷ এনেদৰে প্ৰস্ৰাৱৰ পৰা পেনিচিলিন উৎপাদনৰ পদ্ধতিৰ আৱিষ্কাৰৰ লগে লগে দ্বিতীয় মহাযুদ্ধৰ গতিয়েই ভালেখিনি সলনি হৈ গ'ল ৷ একেটা দৰবেই বাৰে বাৰে বহুতো সৈনিকৰ দেহত প্ৰয়োগ কৰিব পৰাৰ ফলত পেনিচিলিনৰ উৎপাদন আৰু চাহিদাৰ মাজত থকা বৃহৎ পাৰ্থক্য শেষ হৈ যায় আৰু লগে লগে দ্বিতীয় মহাসমৰত মিত্ৰ শক্তিৰ সৈনিকৰ মৃত্যুৰ হাৰ অভাৱনীয় ভাৱে কমিবলৈ আৰম্ভ কৰে ৷ যুদ্ধ শেষ হোৱাৰ পিছত বৃহৎ হাৰত পেনিচিলিনৰ উৎপাদনৰ নতুন পদ্ধতি আৱিষ্কাৰ হয় ৷ কিন্তু সেই পদ্ধতি আৱিষ্কাৰৰ আগতে দ্বিতীয় মহাযুদ্ধৰ সময়ত এনেকৈয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত প্ৰস্ৰাৱে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷

আলেকজেণ্ডাৰ ফ্লেমিং কথা কোৱা আৰু ভাষণ দিয়া বিদ্যাত বৰ বেছি পাৰ্গত নাছিল ৷ সেয়েহে তেওঁ ১৯২৮ চনতে পেনিচিলিন আৱিষ্কাৰ কৰাৰ পিছতো ভালকৈ কথা কব নোৱাৰাৰ ফলতেই তেওঁৰ এই আৱিষ্কাৰে প্ৰথম অৱস্থাত বৰ বেছি গুৰুত্ব নাপালে ৷ এই আৱিষ্কাৰৰ দুই বছৰ পিছত বৃটিছ চিকিৎসক চেচিল জৰ্জ পাইনে ১৯৩০ চনৰ ২৫ নবেম্বৰৰ দিনা এক শিশুৰ চিকিৎসাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সফলতাৰে পেনিচিলিনৰ প্ৰয়োগ কৰে ৷ ইয়াৰ পিছৰ পৰা প্ৰাৰম্ভিক অৱস্থাত কিছু সফলতা আৰু কিছু বিফলতাৰ মাজেৰে লাহে লাহে দেহত জীৱানুৰ সংক্ৰমন ৰোধ কৰাৰ বাবে পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ এনেদৰে প্ৰাৰম্ভিক প্ৰয়োগ আৰু গৱেষণা চলি থকাৰ কিছুবছৰ পিছতেই ১৯৩৯ চনৰ পৰা দ্বিতীয় মহাসমৰ আৰম্ভ হয় ৷ দ্বিতীয় মহাসমৰৰ আৰম্ভনিৰ পৰাই আঘাতপ্ৰাপ্ত সৈন্যসকলৰ কিছু সংখ্যকক প্ৰয়োজনৰ সময়ত পেনিচিলিনেৰে চিকিৎসা কৰা হৈছিল যদিও যুদ্ধৰ মাজভাগৰ পৰা সৈনিক সকলক চিকিৎসাৰ বাবে ব্যাপক হাৰত পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ পেনিচিলিনৰ ব্যৱহাৰে দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্ৰ শক্তিৰ শিৱিৰত এক অভাৱনীয় সাফল্য আনি দিছিল ৷ আঘাতপ্ৰাপ্ত সৈনিক সকলক পেনিচিলিনেৰে চিকিৎসা কৰাৰ ফলত যুদ্ধত আঘাতপ্ৰাপ্ত লাখ লাখ সৈনিক আঘাত স্থানত সংক্ৰমণৰ ফলত হব পৰা নিশ্চিত মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ পৰিছিল ৷ ইয়াৰ উপৰি সংক্ৰমনৰ পৰা ৰক্ষা পাবলৈ আগৰ যুদ্ধবোৰত সৈনিক সকলৰ হাত, ভৰি আদি শৰীৰৰ অংগবোৰ প্ৰায়েই কাটি পেলাই দিব লগীয়া হৈছিল ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত পেনিচিলিনৰ ব্যৱহাৰৰ ফলত এই হাৰ অবিশ্বাস্য ভাৱে কমি গৈছিল ৷ [5]

ৰাসায়নিক গঠন[সম্পাদনা কৰক]

পেনিচিলিনৰ মূল গঠনটো বিটা লেক্টাম আৰু থায়াজ’লিডিন (thiazolidine)ৰ লগ হৈ থকা আঙঠিৰে গঠিত। তদুপৰি এমাইড বন্ধনিৰে আন এটা শৃংখল বান্ধ খাই থাকে। থায়াজ’লিডিনৰ আঙঠিটোত এটা কাৰ্বক্সিল গ্ৰুপ থাকে য’ত ছডিয়াম আৰু পটাছিয়াম লগ হৈ বেছি সুস্থিৰ ৰূপ গঠন কৰিব পাৰে [6]৷পেনিচিলিনৰ মূল গঠন টোৰ ৰাসায়নিক সংকেত হ’ল R-C9H11N2O4S। ইয়াত R-ৰ ঠাইত আন শৃংখল সংযোজিত হৈ বেলেগ বেলেগ ৰূপৰ পেনিচিলিন গঠন কৰে। মূল গঠনটোৰ ৰাসায়নিক সংকেত হ’ল ২৪৩ গ্ৰাম প্ৰতি ম’ল।

কাৰ্য পদ্ধতি[সম্পাদনা কৰক]

বেক্টেৰিয়াৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশৰ বাবে কোষবেৰখনৰ ভূমিকা আপৰিহাৰ্য। কোষবেৰখনে বেক্টেৰিয়া কোষটোক সুস্থিৰতা প্ৰদান কৰে। বেক্টেৰিয়া কোষবেৰখন পেপ্টিদ’গ্লাইকেনেৰে গঠিত। পেপ্টিদ’গ্লাইকেন হৈছে একান্তৰভাৱে থকা এন্-এচিটাইল মিউৰামিক এচিড(N-acetylmuramic acid) আৰু এন-এচিটাইল গ্লুক’চ’এমাইনেৰে(N-acetylglucosamine) গঠিত এটা শৃংখল । এটা পেপ্টিদ’গ্লাইকেনৰ শৃংখল আন এটা শৃংখলৰ লগত বান্ধোন খাই থাকে। এইদৰে বহুতো পেপ্টিদ’গ্লাইকেনৰ শৃংখল বান্ধ খাই বেক্টেৰিয়াৰ কোষবেৰখন গঠন কৰে। ট্ৰেন্সপেপ্টাইডেজ নামৰ উৎসেচক এটাই শৃংখল সমূহ বান্ধ খোৱাত সহায় কৰে। কিন্তু পেনিচিলিনে ট্ৰেন্সপেপ্টাইডেজক বাধা দি গোটেই কোষবেৰখন গঠন হোৱাত বাধা দিয়ে। ফলত গোটেই বেক্টেৰিয়াটোৱেই ধ্বংস হয়। [7]

ব্যৱহাৰ[সম্পাদনা কৰক]

পেনিচিলিন সাধাৰণতে গ্ৰাম ধনাত্মক বেক্টেৰিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়৷পেনিচিলিন বিভিন্নধৰণৰ বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসা কৰিবলৈ মানুহ আৰু জীৱ-জন্তু উভয়তে ব্যৱহাৰ হয়। তাৰ ভিতৰত টাইফয়েড,নিউম’নিয়া, গণ’ৰিয়া, ধনুষ্টংকাৰ, চিফিলিছ আদি অন্যতম।

পাৰ্শ্ব ক্ৰিয়া[সম্পাদনা কৰক]

পেনিচিলিনে ১-১০ শতাংশ ৰোগীৰ ক্ষেত্ৰত এলাৰ্জীৰ সৃষ্টি কৰে। পেনিচিলিনৰ এলাৰ্জী হলে জ্বৰ,খজুৱতি, ৰঙা পৰি ফুলি উঠা আদি সমস্যাই দেখা দিয়ে। কিছুমান ৰোগীৰ ক্ষেত্ৰত বমি ভাৱেও দেখা দিয়ে। [8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Walling, Anne D. (September 15, 2006). "Tips from Other Journals – Antibiotic Use During Pregnancy and Lactation". American Family Physician খণ্ড 74 (6): 1035. http://www.aafp.org/afp/2006/0915/p1035.html। আহৰণ কৰা হৈছে: September 25, 2015. 
  2. Penicillin at the Free Dictionary
  3. "Alexander Fleming – Time 100 People of the Century". Time. It was a discovery that would change the course of history. The active ingredient in that mold, which Fleming named penicillin, turned out to be an infection-fighting agent of enormous potency. When it was finally recognized for what it is—the most efficacious life-saving drug in the world—penicillin would alter forever the treatment of bacterial infections.
  4. Oxford Handbook of Infectious Diseases and Microbiology. OUP Oxford. 2009. p. 56. ISBN 9780191039621.
  5. "পেনিচিলিনৰ আৱিষ্কাৰ". https://www.jonakaxom.in/2019/01/discovery-of-penicillin-in-assamese.html. 
  6. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5
  7. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5
  8. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5