এলাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলাৰ্জী (Allergy)
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

গাত চকলা-চকল উঠাটো এলাৰ্জীৰ সাধাৰণ লক্ষণ
আই.চি.ডি.-10 T78.4
আই.চি.ডি.-9 995.3
ডিজিজেছ ডে'টাবে'ছ 33481
মেডলাইন প্লাছ 000812
ইমেডিচিন med/1101
MeSH D006967

এলাৰ্জী হৈছে দেহৰ প্ৰতিৰোধ প্ৰণালীৰ অতিসংবেদনশীলতা (hypersensitivity) হোৱা বিকাৰ।[1] সাধাৰণতে ক্ষতি নকৰা চৌপাশৰ পদাৰ্থৰ বিৰুদ্ধে ব্যক্তি এজনৰ প্ৰতিৰোধ প্ৰণালীয়ে (immune system) ক্ৰিয়া কৰিলে এলাৰ্জীৰ সৃষ্টি হয়। এনেকৈ ক্ৰিয়া কৰা পদাৰ্থবোৰক 'এলাৰ্জেন' (allergen) বোলা হয়। অতিসংবেদনশীলতাৰ চাৰিটা প্ৰকাৰৰ ভিতৰত এলাৰ্জীও এটা আৰু ইয়াক মান্যভাৱে Type I hypersensitivity (বা ক্ষিপ্ৰ) অতিসংবেদনশীলতা বুলি কোৱা হয়। এলাৰ্জীত এবিধ বিশেষ প্ৰকাৰৰ প্ৰতিদেহ ইম্যুন'গ্ল'বুলিন E (IgE)-এ মাষ্ট কোষ (Mast cell) আৰু বেছ'ফিলবোৰক (Basophil) সক্ৰিয় কৰি তোলে। এই কোষ দুবিধৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থসমূহে ক্ষতিকাৰক প্ৰদাহৰ সৃষ্টি কৰে।

হে' ফিভাৰ (hay fever)-ৰ দৰে অলপীয়া এলাৰ্জী মানুহৰ শৰীৰত প্ৰায়েই দেখা যায় আৰু ই চকু ৰঙা কৰা, খজুৱতি, চৰ্দি, এক্‌জেমা, ছালৰ চকলা-চকল, হাপানীৰ আক্ৰমণ আদি লক্ষণৰ সৃষ্টি কৰে। হাপানীৰ দৰে ৰোগত এলাৰ্জীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিছুমান মানুহৰ দেহত পৰিবেশ আৰু খাদ্যবস্তুৰ এলাৰ্জেন বা দৰৱৰ প্ৰতি অতিমাত্ৰা এলাৰ্জীয়ে প্ৰাণনাশী এনাফাইলেক্সিছৰ সৃষ্টি কৰে। এই অৱস্থাৰ সাধাৰণ কাৰক হৈছে কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জী আৰু মৌ-মাখিৰ দৰে কিছুমান বিষ থকা পতংগৰ দংশন।[2]

এলাৰ্জী নিৰ্ণয়ৰ বাবে কেইবাটাও পৰীক্ষা আছে। কিন্তু সেইবোৰ ব্যক্তিজনৰ এলাৰ্জেনৰ প্ৰতি উন্মুক্ত হোৱাৰ ইতিহাস বিচাৰ কৰিহে প্ৰয়োগ কৰা উচিত, কাৰণ পৰীক্ষাবোৰৰ ফলাফল ধনাত্মক হোৱা মানেই ৰোগ সৃষ্টিকাৰী এলাৰ্জী নুবুজায়।[3] পৰীক্ষাবোৰৰ কিছুমান হৈছে ছালত সম্ভাব্য এলাৰ্জেন প্ৰয়োগ কৰি ৰঙা পৰা বা ফুলাৰ দৰে হোৱাটো লক্ষ্য কৰা, আৰু তেজত এলাৰ্জেন বিশেষ IgEৰ মাত্ৰা জোখা আদি।

এলাৰ্জীৰ চিকিৎসাৰ ভিতৰত আছে সম্ভাব্য এলাৰ্জেন পৰিহাৰ কৰি চলা, দেহৰ প্ৰতিৰোধ প্ৰণালীত প্ৰভাৱ পেলোৱা ষ্টেৰ'ইডৰ প্ৰয়োগ, আৰু লক্ষণৰ প্ৰাবল্য কম কৰা দৰৱ যেনে এণ্টিহিষ্টামিনিক বা ডিকন্‌জেষ্টেণ্টৰ প্ৰয়োগ। ইয়াৰে বেছিভাগ ঔষধ মুখেৰে খোৱা হয়। এনাফাইলেক্সিছৰ চিকিৎসাত ব্যৱহৃত এপিনেফ্ৰিনৰ বেজী দিয়া হয়। আন এক চিকিৎসাবিধিত এলাৰ্জেনৰ প্ৰতি দেহৰ সংবেদনশীলতা কমাই আনিবলৈ পৰ্যায়ক্ৰমে দেহত এলাৰ্জেন সুমুৱৈ দিয়া হয়। এই উপায়ক এলাৰ্জেন ইম্যুন'থেৰাপীবোলা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "allergy" at Dorland's Medical Dictionary
  2. Kay AB (2000). "Overview of 'allergy and allergic diseases: with a view to the future'". Br. Med. Bull. খণ্ড 56 (4): 843–64. doi:10.1258/0007142001903481. PMID 11359624. 
  3. Cox, L; Williams, B; Sicherer, S; Oppenheimer, J; Sher, L; Hamilton, R; Golden, D; American College of Allergy, Asthma and Immunology Test Task, Force; American Academy of Allergy, Asthma and Immunology Specific IgE Test Task, Force (2008 Dec). "Pearls and pitfalls of allergy diagnostic testing: report from the American College of Allergy, Asthma and Immunology/American Academy of Allergy, Asthma and Immunology Specific IgE Test Task Force.". Annals of allergy, asthma & immunology : official publication of the American College of Allergy, Asthma, & Immunology খণ্ড 101 (6): 580–92. PMID 19119701.