২০ আগষ্ট (ইংৰাজী : 20 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৩২তম (অধিবৰ্ষ ত ২৩৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮২৮ - কলকাতা ত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
১৮৯৭ - ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
১৯২১ - কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
১৯৯১ - এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
১৯৯৫ - ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
২০১৩ - উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।
১৯০১ - কোৱাশ্বিমোডো , ইটালী ৰ সাহিত্যক। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৩৪ - ভৱপ্ৰসাদ চলিহা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৰ প্ৰাক্তন উপ-পদাধিকাৰ।
১৯৪১ - উমা চক্ৰৱৰ্তী , ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷
১৯৪৩ - প্ৰফুল্ল চন্দ্ৰ বৰা , অসমীয়া ঔপন্যাসিক আৰু জীৱনীকাৰ।
১৯৪৪ - ৰাজীৱ গান্ধী , ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী।
১৯৪৬ - অপৰ্ণা মহন্ত , অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷
১৯৪৬ - এন আৰ নাৰায়ণ মূৰ্তি , ব্যৱসায়ী, ইনফ'চিছ (Infosys)ৰ প্ৰতিষ্ঠাপক।
১৯৭৬ - ৰণদীপ হুদা , বলীউডৰ অভিনেতা।
১৯৮৬ - টানিয়া শচদেৱ , ভাৰতীয় মহিলা দবা খেলুৱৈ।
১৯৯২ - ডেমি ল'ভাট' , আমেৰিকাৰ জনপ্ৰিয় গায়িকা আৰু হলীউডৰ অভিনেত্ৰী।
১৮৫৪ - ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং , জাৰ্মান দাৰ্শনিক।
১৯১৫ - কাৰ্লোছ ফিনলেই , কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰ ৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
১৯১৫ - প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
১৯১৭ - এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
১৯৭৪ - মাগদা চোনজা , অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
১৯৯১ - গোপীনাথ মহান্তি , জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল , ১৯১৪)
২০০১ - ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
২০১৭ - জেৰী লুইছ , ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।