বিশ্ব মহ দিৱস
বিশ্ব মহ দিৱস হৈছে ব্ৰিটিছ চিকিৎসক ছাৰ ৰ’নাল্ড ৰছে মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰাৰ তথ্য আৱিষ্কাৰৰ স্মৃতিত প্ৰতিবছৰে ২০ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা এটি দিৱস। মেলেৰিয়া ৰোগৰ বাহক জীৱ মাইকী এনোফেলিন মহ আৱিষ্কাৰৰ পূৰ্বে এই ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বিশেষ উপায় নাছিল যদিও কুইনানৰ আৱিষ্কাৰৰ পিছত চিকিৎসাৰ সমস্যা যথেষ্ট সমাধান হৈছিল। সমীক্ষা অনুসৰি ১৯ শতিকাত বিশ্বৰ প্ৰায় আধা জনসংখ্যা মেলেৰিয়া ৰোগৰ আশংকাত ভুগিছিল আৰু আক্ৰান্তসকলৰ মাজত মৃত্যুৰ হাৰ আছিল ১০%।[1]
১৮৯৭ চনৰ ২০ আগষ্টত চিকিৎসক ৰ’নাল্ড ৰছে চৰাইৰ ক্ষেত্ৰত “মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰ” আৱিষ্কাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক এই আৱিষ্কাৰৰ বাবে “ন'বেল বঁটা” প্ৰদান কৰা হয়। অৱশ্যে ৰছৰ আবিস্কাৰত মানুহৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ পৰিৱৰ্তে চৰাইৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ বিষয়েহে উল্লেখ আছিল আৰু ৰছে বাহক মহৰ নিৰ্দিষ্ট প্ৰজাতিটোও চিনাক্তকৰণ কৰা নাছিল। ১৮৯৯ চনত জিঅ'ভানি বাটিষ্টা গ্ৰাছি আৰু তেঁওৰ সহকৰ্মীসকলে মানুহৰ ক্ষেত্ৰত হোৱা মেলেৰিয়া ৰোগৰ বাহকৰ নিৰ্দিষ্ট প্ৰজাতি (মাইকী এনোফিলিছ মহ) চিনাক্তকৰণ তথা পৰজীৱীৰ সম্পূৰ্ণ জীৱন চক্ৰ আবিস্কাৰ কৰে।
ব্ৰিটেইনৰ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনে ৩০ৰ দশকৰ পৰাই প্ৰথমবাৰৰ বাবে তথা পৰম্পৰাগতভাৱে এই দিৱস উদযাপন কৰি আহিছে।[2]
মহৰ দ্বাৰা সংক্ৰমিত হোৱা বিভিন্ন ভয়ংকৰ ৰোগৰ ভিতৰত মেলেৰিয়া, ডেংগু আদি উল্লেখযোগ্য। সেয়ে মেলেৰিয়া, ডেংগু আদি মহজনিত ৰোগৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক বিশেষভাৱে সজাগ কৰিবলৈ সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হয় আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Carter, Richard; Mendis, Kamini N. (2002). "Evolutionary and Historical Aspects of the Burden of Malaria" (en ভাষাত). Clinical Microbiology Reviews খণ্ড 15 (4): 564–594. doi:10.1128/CMR.15.4.564-594.2002. ISSN 0893-8512. PMID 12364370.
- ↑ "Health and Science - Abuzz over malaria on World Mosquito Day". AlertNet. Archived from the original on 8 November 2012. https://web.archive.org/web/20121108022453/http://www.trust.org/alertnet/blogs/health-and-science/abuzz-over-malaria-on-world-mosquito-day/। আহৰণ কৰা হৈছে: 21 November 2012.
- ↑ "বিশ্ব মহ দিৱস আৰু জানিবলগীয়া কিছু কথা". www.etvbharat.com. ২০ আগষ্ট ২০২০. https://www.etvbharat.com/assamese/assam/sukhibhava/sukhibhava-news/all-you-need-to-know-about-mosquitoes/assam20200820200932066.