৭ অক্টোবৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২২ |
৭ অক্টোবৰ (ইংৰাজী: 7 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮০তম (অধিবৰ্ষত ২৮১তম) দিন। বছৰ শেষ হ'বলৈ ৮৫ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৫১৩ – দা লীগ অৱ কেম্ব্ৰাইৰ যুদ্ধ: স্পেইনে ভেনিচক পৰাস্ত কৰে।
- ১৮৪০ – ৱিলেম দ্বিতীয় নেডাৰলেণ্ডৰ ৰজা হয়।
- ১৯১৯ - কেএলএম, ৰয়েল ডাচ্চ এয়াৰলাইনচৰ প্ৰতিষ্ঠা হয়। (আটাইতকৈ পুৰণি বিদ্যমান এয়াৰলাইন)
- ১৯৪৯ – কমিউনিষ্ট জাৰ্মান ডেমক্ৰেটিক ৰিপাব্লিক (পূব জাৰ্মানী) গঠন হয়।
- ১৯৫০ - মাদাৰ টেৰেছাই কলকাতাত মিছনেৰীজ অৱ চেৰিটি স্থাপন কৰিছিল।
- ১৯৫৯ - ছোভিয়েট ৰাছিয়াৰ লুনা-৩ মহাকাশযানৰ মহাকাশ অনুসন্ধানৰ সৌজন্যত চন্দ্ৰৰ দূৰৱৰ্তী ফাল প্ৰথমবাৰৰ বাবে দেখা গৈছিল।
- ১৯৯২ - ৰেপিড একচন ফৰ্চ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হৈছিল।
- ১৯৯৬ – ফক্স নিউজ চেনেলৰ সম্প্ৰচাৰ আৰম্ভ।
- ২০০২ – আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সমাবেশ অব্যাহত ৰাখিবলৈ এছটিএছ-১১২ স্পেচ শ্বাটল আটলান্টিছে উৎক্ষেপণ কৰে।
- ২০০৮ – গ্ৰহাণু ২০০৮ টিচি৩-য়ে চুদানৰ ওপৰত পৃথিৱীক প্ৰভাৱিত কৰে, প্ৰথমবাৰৰ বাবে গ্ৰহাণুৰ প্ৰভাৱ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগতে ধৰা পৰে।
জন্ম[সম্পাদনা কৰক]
- ১৮৮৫ - নিলছ্ ব'ৰ, কোৱাণ্টাম পদাৰ্থ বিজ্ঞান সম্প্ৰসাৰিত কৰা ডেনিছ পদাৰ্থবিজ্ঞানী আৰু ১৯২২ চনত ন'বেল বঁটা লাভ কৰিছিল। ডেনমাৰ্কৰ ক'পেনহেগেনত জন্মগ্ৰহণ কৰিছিল। (মৃ: ১৯৬২)
- ১৯১৪ - বেগম আখ্টাৰ, প্ৰসিদ্ধ গজল গায়িকা আৰু অভিনেত্ৰী।
- ১৯২২ - বলীৰাম ভগত, স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।
- ১৯৫২ - ভ্লাদিমিৰ পুটিন, এজন ৰাছিয়াৰ ৰাজনীতিবিদ আৰু প্ৰাক্তন চোৰাংচোৱা বিষয়া যি ২০১২ চনৰ পৰা ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
- ১৯৬৬ - ৰেণুকা শ্বাহানে, বলীউডৰ চলচ্চিত্ৰ উদ্যোগ আৰু ভাৰতীয় দূৰদৰ্শনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক দূৰদৰ্শন টিভি অনুষ্ঠান সুৰভি (১৯৯৩-২০০১)ৰ সহ-উপস্থাপক হিচাপে জনা যায়।
- ১৯৭৯ - যুক্তা মুখী, এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাগৰিক কৰ্মী আৰু মিছ ৱৰ্ল্ড ১৯৯৯ ৰ বিজয়ী।
- ১৯৭৯ - জাহিৰ খান, ভাৰতীয় ক্ৰিকেটাৰৰ।
মৃত্যু[সম্পাদনা কৰক]
- ১৭০৮ – গুৰু গোবিন্দ সিং, ভাৰতীয় দশম শিখ গুৰু। (জন্ম: ১৬৬৬)
- ১৯৫০ - ৱিলিছ কেৰিয়াৰ, আমেৰিকান অভিযন্তা (আধুনিক শীতা-তাপ নিয়ন্ত্ৰণ বিকাশ কৰা), ৭৩ বছৰ বয়সত মৃত্যু হয়।
- ১৯৭২ - অনিল বৰা, ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ।
- ১৯৭৫ - দেৱানাহাল্লি ভেংকটৰমনায়া গুণ্ডাপ্পা, কানাড়া লেখক আৰু দাৰ্শনিক।
- ২০২০ - মাৰিঅ মলিনা, মেক্সিকান বিজ্ঞানী, ১৯৯৫ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা জয়ী (অ'জ'ন স্তৰৰ ওপৰত চিএফচিৰ (CFC) প্ৰভাৱ), ৭৭ বছৰ বয়সত মৃত্যু হয়।
ছুটী আৰু দিৱস[সম্পাদনা কৰক]
- বিশ্ব মহাকাশ সপ্তাহৰ চতুৰ্থ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৭ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|