সমললৈ যাওক

জাহিৰ খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাহীৰ খান
{{{imagealt}}}
ব্যক্তিগত তথ্য
জন্ম ৭ অক্টোবৰ, ১৯৭৮ (৪৭ বছৰ)
শ্ৰীৰামপুৰ, আহমেদনগৰ জিলা, মহাৰাষ্ট্ৰ, ভাৰত
উপনাম জেক, জিপ্পী আৰু জেক্কী[1]
উচ্চতা 1.85 মিটাৰ (U=ft}})
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী বাওঁহতীয়া মধ্যম বেগী
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ২৩১) ১০ নৱেম্বৰ ২০০০ বনাম বাংলাদেশ
অন্তিম টেষ্ট ১৪–১৮ ফেব্ৰুৱাৰী ২০১৪ বনাম নিউজীলেণ্ড
অ'ডিআই অভিষেক (কেপ ১৩৩) ৩ অক্টোবৰ ২০০০ বনাম কেনিয়া
অন্তিম অ'ডিআই ৪ আগষ্ট ২০১২ v শ্ৰীলংকা
অ'ডিআই চোলা নং. ৩৪
টি২০ অভিষেক (কেপ ) ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা
অন্তিম আন্তৰ্জাতিক টি২০ ২ অক্টোবৰ ২০১২ বনাম দক্ষিণ আফ্ৰিকা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯৯/০০–২০০৫/০৬ বৰোদা
২০০৪ ছাৰে'
২০০৬ ৱৰ্চেষ্টাৰ্শ্বায়াৰ
২০০৬–বৰ্তমান মুম্বাই
২০০৮, ২০১১–২০১৩ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
২০০৯–২০১০, ২০১৪ মুম্বাই ইণ্ডিয়ান্‌ছ
২০১৫ - বৰ্তমান দিল্লী ডেয়াৰডেভিল্‌ছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া প্ৰথম শ্ৰেণী লিষ্ট এ
মুঠ খেল ৯২ ২০০ ১৬৪ ২৫৩
ৰাণ ১,২৩০ ৭৯২ ২,৩৬১ ১০৪৭
বেটিং গড় ১১.৯৪ ১২.০০ ১৩.৪৯ ১২.১৭
শতক/অৰ্ধশতক ০/৩ ০/০ ০/৫ ০/০
সৰ্বোচ্চ ৰাণ ৭৫ ৩৪* ৭৫ ৪৩
বল ১৮,৭৮৫ ১০,০৯৭ ৩২,৯০ ১২,৭৪৫
উইকেট ৩১১ ২৮২ ৬৫৩ ৩৫৭
বলিং গড় ৩২.৯৫ ২৯.৪৪ ২৭.৫৫ ২৯.০৭
এক ইনিংছত ৫টা উইকেট ১১ ৩৪
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৭/৮৭ ৫/৪২ ৯/১৩৮ ৫/৪২
কেচ্চ/ষ্টাম্পিং ১৯/– ৪৩/– ৪৬/– ৫৭/–
উৎস: http://www.espncricinfo.com/ci/content/player/30102.html ESPNCricinfo, ২৫ ডিচেম্বৰ ২০১৩

জাহীৰ খান (জন্ম ৭ অক্টোবৰ ১৯৭৮) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। ২০০০ চনৰপৰা ২০১৪ চনলৈ তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ কাউণ্টী ক্ৰিকেটত ছাৰে' আৰু ৱৰ্চেষ্টাৰ্শ্বায়াৰ দলৰ হৈ, ভাৰতীয় ঘৰুৱা ক্ৰিকেটত বৰোদা আৰু মুম্বাইৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, মুম্বাই ইণ্ডিয়ান্‌ছ আৰু দিল্লী ডেয়াৰডেভিল্‌ছৰ হৈ খেলিছে। কপিল দেৱৰ পাছতেই তেওঁ টেষ্ট ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সফলতম বেগী বলাৰ।

বৰোদাৰ হৈ জাহীৰ খানে ঘৰুৱা ক্ৰিকেট জীৱন আৰম্ভ কৰে। কেৰিয়াৰৰ প্ৰথমছোৱাত তেওঁ তেওঁৰ বেগী আৰু ছীম বলিঙৰ বাবে, বিশেষকৈ নিখুঁত য়ৰ্কাৰসমূহৰ বাবে জনাজাত হৈ পৰিছিল।[2] বলিং উন্নত কৰিবলৈ তেওঁ ইংলেণ্ডলৈ যায় আৰু ২০০৬ চনত ৱৰ্চেষ্টাৰশ্বায়াৰ কাউণ্টী ক্ৰকেট দলৰ হৈ কিছুদিন খেলে। বাওঁহতীয়া বেগী বলাৰ খান উইকেটৰ দুয়ো দিশে বল কৰিব পৰা ক্ষমতা আৰু পুৰণি বল ছুইং কৰিব পৰা ক্ষমতাৰ বাবে বিখ্যাত আছিল।[3] তদুপৰি খানে লাহে লাহে পুৰণি বল ৰিভাৰ্ছ ছুইং কৰাৰ ক্ষেত্ৰতো পাৰদৰ্শিতা অৰ্জন কৰিলে।[4][5] ভাৰত উপমহাদেশীয় ফ্লেট পিট্‌চত তেওঁ দেখুওৱা প্ৰদৰ্শন আৰু বিভিন্ন ধৰণৰ ক্ৰিকেট বলৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণৰ কাৰণে তেওঁ প্ৰশংসা লাভ কৰে। ৯খন খেলত ২১টা উইকেটেৰে তেওঁ ২০১১ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ অন্যতম সদস্য আছিল। ২০১১ চনত তেওঁ ৰাষ্ট্ৰপতিৰপৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা লাভ কৰে। তেওঁ আঘাতৰ বাবে বহুবাৰ ক্ৰিকেটৰপৰা আঁতৰি থাকিবলগীয়া হয় আৰু ই তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰত প্ৰভাৱ পেলায়। ইয়ো এটা কাৰণ যাৰ বাবে তেওঁ Adrian Le Roux আৰু এন্দ্ৰিউ লেইপাছৰ সৈতে মিলি প্ৰ'স্প'ৰ্ট ফিটনেছ এণ্ড ছাৰ্ভিচেজ নামৰ এক বিশেষ ফিটনেছ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে।

২০০৮ চনত তেওঁ ৱিজডেন ক্ৰিকেটাৰ্ছ অৱ দ্য ইয়েৰৰ এজন হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনৰ অক্টোবৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৮ চনৰ ৭ আক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰত এক মাৰাঠী মুছলিম পৰিয়ালত জাহীৰৰ জন্ম হৈছিল।[7] পিতৃ-মাতৃ জাকিয়া আৰু বখ্‌টিয়াৰ খান, দুজন ভ্ৰাতৃ জীছান আৰু আনীছ। নিউ মাৰাঠী প্ৰাইমাৰী স্কুল আৰু কে. জে. ছ'ময়া ছেকেণ্ডেৰী স্কুলত তেওঁ শিক্ষালাভ কৰে। শৈশৱত শ্ৰীৰামপুৰৰ স্থানীয় ৰেভিনিউ কলনী ক্ৰিকেট ক্লাবত (RCC) তেওঁ খেলিছিল।[8]

টেষ্টৰ ১০ উইকেট দখল

[সম্পাদনা কৰক]
#প্ৰদৰ্শনখেল নংবিপক্ষস্থানচহৰদেশবৰ্ষ
১০/১৪৯৭০ বাংলাদেশশ্বেৰ ই বাংলাঢাকাবাংলাদেশ২০১০

টেষ্টৰ এক ইনিংছত ৫ উইকেট দখল

[সম্পাদনা কৰক]
#প্ৰদৰ্শনখেলবিপক্ষস্থানচহৰদেশবৰ্ষ
৫/৫৩২৩ নিউজিলেণ্ডবেছিন ৰিজাৰ্ভৱেলিংটননিউজিলেণ্ড২০০২
৫/২৯২৪ নিউজিলেণ্ডছেদ্দন পাৰ্কহেমিল্টননিউজিলেণ্ড২০০২
৫/৯৫২৭ অষ্ট্ৰেলিয়াগাব্বাব্ৰিছবে'নঅষ্ট্ৰেলিয়া২০০৩
৫/৩৪৪৭ বাংলাদেশশ্বেৰ ই বাংলাঢাকাবাংলাদেশ২০০৭
৫/৭৫৪৯ ইংলেণ্ডট্ৰেণ্ট ব্ৰিজনটিংহামইংলেণ্ড২০০৭
৫/৯১৫৭ অষ্ট্ৰেলিয়াএম চিন্নাস্বামীবাংগালোৰভাৰত২০০৮
৫/৬৫৬৫ নিউজিলেণ্ডবেছিন ৰিজাৰ্ভৱেলিংটননিউজিলেণ্ড২০০৯
৫/৭২৬৮ শ্ৰীলংকাব্ৰেব'ৰ্ণ ষ্টেডিয়ামমুম্বাইভাৰত২০০৯
৭/৮৭৭০ বাংলাদেশশ্বেৰ ই বাংলাঢাকাবাংলাদেশ২০১০
১০৫/৯৪৭৩ অষ্ট্ৰেলিয়াপি চি এ ষ্টেডিয়ামম'হালিভাৰত২০১০
১১৫/১৭০৯২ নিউজিলেণ্ডবেছিন ৰিজাৰ্ভৱেলিংটননিউজিলেণ্ড২০১৪

এদিনীয়াত ৫ উইকেট দখল

[সম্পাদনা কৰক]
#প্ৰদৰ্শনখেল নংবিপক্ষস্থানচহৰদেশবৰ্ষ
৫/৪২১১৬ শ্ৰীলংকানেহৰু ষ্টেডিয়ামমাৰগাঁওভাৰত২০০৭

কৃতিত্ব

[সম্পাদনা কৰক]

জাহীৰ খানে টেষ্টত ৫ বাৰ আৰু এদিনীয়াত ৬ বাৰ 'প্লেয়াৰ অৱ দ্য মেচ' সন্মান অৰ্জাৰ লগতে টেষ্টত ৩ বাৰ আৰু এদিনীয়াত এবাৰ 'প্লেয়াৰ অৱ দ্য ছিৰিজ'ৰ সন্মান অৰ্জন কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]