ৰাহুল দ্ৰাবিড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰাহুল দ্ৰাবিড়
{{{imagealt}}}
জি ক্যিয়ু ম্যেন অৱ দ্য ইয়েৰ-২০১২ বটা সভাত দ্ৰাবিড়
ব্যক্তিগত তথ্য
জন্ম ১১ জানুৱাৰী, ১৯৭৩
ইন্দোৰ, মধ্যপ্ৰ্দেশ, ভাৰত
উপনাম দ্য ৱাল, মি: দ্যিপেণ্ডেব্যল, জেমী
উচ্চতা 5 ফুট 11 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁ-হাত
বলিং শৈলী সোঁ-হাত অফ স্পিন
ভূমিকা অলৰাওণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল India
টেষ্ট অভিষেক ২৬ জুন ১৯৯৬ বনাম [[ইংলেণ্ড জাতীয় ক্ৰিকেট দল|ইংলেণ্ড]]
অন্তিম টেষ্ট ২৪ জানুৱাৰী ২০১২ বনাম অষ্ট্ৰেলিয়া
ODI অভিষেক ৩ এপ্ৰিল ১৯৯৬ বনাম [[শ্ৰীলংকা জাতীয় ক্ৰিকেট দল|শ্ৰীলংকা]]
শেষ ODI ১৬ চেপ্তেম্বৰ ২০১১ v ইংলেণ্ড
ODI shirt no. ১৯
টি২০ অভিষেক ৩১ আগষ্ট ২০১১ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯০–২০১২ কৰ্ণাটক
২০০০ কেণ্ট
২০৩ স্কটিজ চাল্টিৰ্জ
২০০৮-২০১০ ৰয়েল চেলেঞ্জাৰ্চ বেঙ্গলোৰু
২০১১-২০১৩ ৰাজস্থান ৰয়েলচ
২০১৪ মেলব'ৰ্ণ ক্ৰিকেট ক্লাৱ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া প্ৰ্থম শ্ৰেণী লিষ্ট A
মুঠ খেল ১৬৪ ৩৪৪ ২৯৮ ৪৪৯
ৰাণ ১৩,২৮৮ ১০,৮৮৯ ২৩,৭৯৪ ১৫,২৭১
বেটিং গড় ৫২.৩১ ৩৯.১৬ ৫৫.৩৩ ৪২.৩০
শতক/অৰ্ধশতক ৩৬/৬৩ ১২/৮৩ ৬৮/১১৭ ২১/১১২
সৰ্বোচ্চ ৰাণ ২৭০ ১৫৩ ২৭০ ১৫৩
বল ১২০ ১৮৬ ৬১৭ ৪৭৭
উইকেট
বলিং গড় ৩৯.০০ ৪২.৫০ ৫৪.৬০ ১০৫.২৫
এটা ইনিংছত ৫টা উইকেট 0 0 0 0
এখন খেলত ১০টা উইকেট 0 0 0 0
শ্ৰেষ্ঠ বলিং ১/১৮ ২/৪৩ ২/১৬ ২/৪৩
কেচ্চ/ষ্টাম্পিং ২১০/০ ১৯৬/১৪ ৩৫৩/১ ২৩৩/১৭
উৎস: ESPN Cricinfo, ৫ জুন ২০১৪

ৰাহুল দ্ৰাবিড়(ইংৰাজী: Rahul Dravid ১১ জানুৱাৰী, ১৯৭৩ চন) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম। [1] মাৰাঠী পৰিয়ালত জন্মগ্ৰহন কৰা দ্ৰাবিড়ে ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ ১৫ অনুৰ্ধ:, ১৭ অনুৰ্ধ: আৰু ১৯ অনুৰ্ধ: পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। দ্য ৱাল হিচপে পৰিচিত দ্ৰাৱিড়ে ৱিজডেন ক্ৰিকেটাৰ্চ অলমঞ্চকৰ (Wisden Cricketers' Almanack) ২০০০ চনৰ বছৰটোৰ বিশ্বৰ পাঁচ জন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছিল আৰু ২০০৪ চনত আই চি চি ৰ এৱাৰ্ড চেৰিমনীত বছৰতোৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ সন্মানেৰে সন্মানিত হৈছিল। ২০১১ চনৰ ডিছেম্বৰ মাহত কাণবেৰাত(Canberra) দ্ৰাৱিড় ব্ৰেডমেন অ'ৰেচন প্ৰদান কৰা প্ৰথমজন অনা-অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৰূপে পৰিগণিত হয়।[2]

২০১২ চনৰ অক্টোবৰ মাহলৈকে টেষ্ট ক্ৰিকেট আৰু এদিনীয়া উভয়তে ১০,০০০ ৰাণ স্ংগ্ৰহ কৰা দ্ৰাবিড় শচীণ টেণ্ডুলকাৰ,ৰিকি পণ্টিং আৰু জেক কালিচৰ পাচতে বিশ্বৰ চতুৰ্থ আৰু দ্বিতীয় ভৰতীয়। [3] ২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে চ্ছিট্টাগংত শতৰাণ অৰ্জন কৰাৰ লগেলগে দ্ৰাবিড় সকলো ১০ খন টেষ্ট খেলা দেশৰ বিৰূদ্ধে নুন্যতম এটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্ৰাবিড়ৰ এই অভিলেখ এটিয়াও অখুন্য আছে। ২১০ টা কেটচৰ সৈতে ২০১২ চনৰ অক্টোবৰ মাহলৈকে দ্ৰাবিড় আছিল টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক কেটচ গ্ৰহণ কৰা খেলুৱৈ(উইকেট কীপাৰ নোহোৱা)।[4]

২০১১ চনৰ অগষ্ট মাহত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ভ্ৰ্মণ সমাপ্ত কৰি উভতাৰ পাচতেই দ্ৰবিডে এদিনীয়া আৰু টি-টুৱেণ্টি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ইয়াৰ পাছতেই ২০১২ চনৰ মাৰ্চ মাহত তেও আন্তৰাষ্ট্ৰীয় আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰে।[5] তেঁও ২০১২ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰাজস্থান ৰ'ৱেলচৰ অধিনায়কৰ ভুমিকা পালন কৰিছিল।

২০১২ চনৰ ১ নবেম্বৰত চিডনিত ৰাহুল দ্ৰাবিড় আৰু গ্নেণ মেকগ্ৰাথক সপ্তম বাৰ্ষিক ব্ৰেডমেন বটা বিতৰণী সভাত সন্মানিত কৰা হয়। ২০০৪ বৰ্ষত '''পদ্মশ্ৰী''' সন্মান লাভ কৰা দ্ৰাৱিডে ২০১৩ চনত ভাৰতৰ ত্ৰিতৃয় সৰ্বোচ্চ অসামৰিক সন্মান '''পদ্মভূষন''' লাভ কৰাৰ সন্মান অৰ্জন কৰে। [6]
২০১৪ চনত দ্ৰবিডে গ'স্প'টৰ্চ, বেঙ্গালোৰুৰ উপদেষ্টা কমিতিৰ সদস্য হিচাপে যোগদান কৰে।

আৰম্ভনি জীৱন আৰু ক্ৰিকেটৰ সৈতে চিনাকী[সম্পাদনা কৰক]

দ্ৰাৱিড়ৰ জন্ম হৈছিল ইন্দোৰ, মধ্যপ্ৰ্দেশৰ এটা মহাৰাষ্ট্ৰীয়ান ব্ৰাহ্মন পৰিয়ালত। [7] কিছুদিন পাছেতেই তেঁওৰ পৰিয়াল বেঙ্গালোৰুলৈ স্থানান্তৰিত হয় আৰু তাতেই তেঁওৰ বাল্য জীৱন আৰম্ভ হয়। তেঁওৰ দেউতাকে এটা জাম বনোৱা আৰু স্ংৰক্ষণ কৰা কাৰখানাত কাম কৰিছিল, যাৰ বাবে পাছলৈ তেঁওক "জেমী" নামেৰেও জনা গৈছিল। দ্ৰাৱিড়ৰ মাতৃ পুষ্পা বিশ্বেশ্বৰ কলেজ অৱ ইঞ্জিনীয়াৰিং, বেংগালুৰুৰ স্থাপত্যবিদ্যা বিভাগৰ প্ৰৱক্তা আছিল। [8] দ্ৰাৱিড়ৰ কণিষ্ঠ ভাতৃৰ নাম হৈছে বিজয়। [9]ষ্টিফেন জোচেফ বয়জ হাইস্কুল বেংগালুৰুৰ পৰা স্কুলিয়া শিক্ষা লাভ কৰা দ্ৰাৱিডে ষ্টিফেন জোচেফ কলেজ অৱ কমাৰ্চৰ বাণিজ্য বিভাগৰ স্নাতক। ষ্টিফেন জোচেফ কলেজ অৱ বিজনেচ এডমিনিষ্ট্ৰেচনত MBA বিষয়ত অধ্যয়ণ কৰি থকা সময়তে তেঁও ভৰতীয় জাতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছিল। ১২ বছৰ বয়ষতে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা দ্ৰাৱিডে পাছলৈ ১৫ অনুৰ্ধ:, ১৭ অনুৰ্ধ: আৰু ১৯ অনুৰ্ধ: পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। [10] চিন্নস্বামী ষ্টেডিয়ামত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰত দ্ৰাৱিডৰ প্ৰতিভা প্ৰথম বাৰৰ বাবে লক্ষ্য কৰে প্ৰাক্তন খেলুৱৈ কেকি তৰপুৰে। [11] উইকেট ৰক্ষকৰ ভূমিকা পালন কৰা দ্ৰৱিডে নিজ বিদ্যালয়ৰ হৈ শতক অৰ্জন কৰিছিল। ১৯৯১ চনত মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে দ্ৰৱিডে ৰঞ্জি ট্ৰ্ফিত নিজাৰ জীৱনৰ পাতনি মেলে। [12] পুনেত, ভৱিষ্যতৰ সতীৰ্থ খেলুৱৈ মহাৰাষ্ট্ৰৰ জভাগল শ্ৰীনাথ আৰু অনিল কুম্বলেৰ বিৰুদ্ধে অমীমাংসিত খেলখনত দ্ৰৱিডে ৮২ ৰাণ সংগ্ৰহ কৰিছিল। [13] ১৯৯১-৯২ চনত ৬৩.৩ গড়ত দুটা শতৰাণৰ হৈতে স্ংগ্ৰহ কৰা ৩৮০ ৰাণৰ [14] ফলশ্ৰুতিতেই দ্ৰৱিডে দুলিপ ট্ৰ্ফিত দক্ষিণ মণ্ডল ক্ৰিকেট দললৈ নিৰ্বাচিত হয়।[15]


আন্তৰাষ্ট্ৰীয় কেৰিয়াৰ[সম্পাদনা কৰক]

আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ভূমুকণি[সম্পাদনা কৰক]

১৯৯৬ চনৰ বিশ্বকাপ ক্ৰিকেটৰ পাছতেই বিনোদ কাম্বলিক স্থানন্তৰিত কৰি ১৯৯৬ চনৰ ৩ এপ্ৰিল তাৰিখে চিংগাপুৰত অনুষ্ঠিত হোৱা "সিংগাৰ কাপ"ত দ্ৰৱিডে আন্তজাতিক এদিনীয়া ক্ৰিকেটৰ পাতনি মেলে।[16] চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা দ্ৰাৱিডে মাত্ৰ ৩ ৰাণ কৰিয়েই মুথায়া মুৰুলিধৰৰ বলত খেল্পথাৰৰ পৰা বিদায় লয়। [17] ইয়াৰ পাছৰ খেল খনতো সফল হ'ব নোৱাৰা দ্ৰাৱিডে পাকিস্তানৰ বিৰুদ্ধে ৰাণ আউট হোৱাৰ পূৰ্বে মাত্ৰ ৪ ৰাণ স্ংগ্ৰ্হ কৰিছিল। [18]


অধিনায়কত্বৰ খাতিয়ান[সম্পাদনা কৰক]

টেষ্ট খেল[সম্পাদনা কৰক]

প্ৰতিপক্ষ বৰ্ষ খেল জয় পৰাজয় অমিমাংখিত
 অষ্ট্ৰেলিয়া ২০০৪-২০০৪
 বাংলাদেশ ২০০৭-২০০৭
 ইংলেণ্ড ২০০৬-২০০৭
 নিউজিলেণ্ড ২০০৩-২০০৩
 পাকিস্তান ২০০৪-২০০৬
 দক্ষিণ আফ্ৰিকা ২০০৬-২০০৭
 শ্ৰীলংকা ২০০৫-২০০৫
 ৱেষ্ট ইণ্ডিজ ২০০৬-২০০৬
মুঠ ২০০৩-২০০৭ ২৫ ১১


এদিনীয়া আৰ্ন্তজাতিক[সম্পাদনা কৰক]

প্ৰতিপক্ষ খেল জয় পৰাজয় অমিমাংখিত
 অষ্ট্ৰেলিয়া
 বাংলাদেশ
 ইংলেণ্ড ১৩
 নিউজিলেণ্ড
 পাকিস্তান
 দক্ষিণ আফ্ৰিকা
 শ্ৰীলংকা ১৬
 ৱেষ্ট ইণ্ডিজ ১৬
 স্কটলেণ্ড
 জিম্বাৱৱে
বৰ্মুদা
মুঠ ৭৯ ৪২ ৩৩




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Is Rahul Dravid the greatest middle-order batsman of all time? bbc.co.uk. 9 March 2012.
  2. Dravid, gentleman and thinking cricketer: Report The Economic Times. PTI. 10 March 2012. 15th february, 2015.
  3. ESPNcricinfo Retrieved 15th February, 2015 .
  4. Indian Dravid claims Test catch record. CNN. 6 April 2009. Retrieved 15th February, 2015
  5. Rahul Dravid announces retirement from international cricketTimes of India. Retrieved 15th February,2015.
  6. Padma Vibhushan for Yash Pal, Roddam, S.H. Raza, Mohapatra The Hindu. Retrieved 15th February, 2015.
  7. Meet Rahul Sharad Dravid The Times of India. 24 February 2007. Retrieved 15th February, 2015.
  8. The Great Wall of India retrieved 1st march'15
  9. Dravid's Personal choices published MONDAY, DECEMBER 31, 2007, retrieved 1st march'15
  10. webindia123-Indian personalities-sports-RAHUL DRAVID retrieved 1st march'15
  11. Coach Keki Tarapore reflects on pupil Rahul Dravid retrieved 1st march'15
  12. Rahul Sharad Dravid,legend retrieved 1st march'2015
  13. Maharashtra v Karnataka at Pune, 02-05 Feb 1991 retrieved 1st march'15
  14. Batting – Most Runs (Ranji trophy 1991–92) retrieved 1st march'15
  15. South Zone squad 1991–92" retrieved 1st march'15
  16. Happy b'day Rahul Dravid. Deccan Chronicle retrieved st march'15
  17. 2nd Match, Singer Cup 1995/96, Ind v SL. ESPNcricinfo.Singer Cup, 2nd Match: India v Sri Lanka at Singapore, Apr 3, 1996 retrieved 1st march'15
  18. Rahul Dravid's Timeline on ESPNcricinfo Player's Profile retrieved 1st march'15