সমললৈ যাওক

ৰবি শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবি শাস্ত্ৰী
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ৰবিশঙ্কৰ জয়দৃথ শাস্ত্ৰী
জন্ম ২৭ মে', ১৯৬২ (৬২ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
উপনাম ৰবি
বেটিং শৈলী সোঁহতীয়া বেটচমেন
বলিং শৈলী ধীৰ গতিৰ বাওঁহতীয়া অৰ্থডক্স স্পিন
ভূমিকা অল-ৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক ২১ ফেব্ৰুৱাৰী ১৯৮১ বনাম নিউজিলেণ্ড
অন্তিম টেষ্ট ২৬ ডিচেম্বৰ ১৯৯২ বনাম দক্ষিণ আফ্ৰিকা
অ'ডিআই অভিষেক ২৫ নৱেম্বৰ ১৯৮১ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ১৭ ডিচেম্বৰ ১৯৯২ v দক্ষিণ আফ্ৰিকা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৭৯– ১৯৯৩ মুম্বাই ক্ৰিকেট দল
১৯৮৭– ১৯৯১ গ্লেমাৰগণ কাউণ্টি ক্ৰিকেট ক্লাব
১৯৮৭ মেলব'ৰ্ণ ক্ৰিকেট ক্লাব
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট
ক্ৰিকেট
এদিনীয়া
আন্তৰ্জাতিক
ক্ৰিকেট

প্ৰথম
শ্ৰেণীৰ
ক্ৰিকেট

লিষ্ট

ক্ৰিকেট

মুঠ খেল ৮০ ১৫০ ২৪৫ ২৭৮
ৰাণ ৩৮৩০ ৩১০৮ ১৩২০২ ৬৩৮৩
বেটিং গড় ৩৫.৭৯ ২৯.০৪ ৪৪.০০ ৩১.১৩
শতক/অৰ্ধশতক ১১/১২ ৪/১৮ ৩৪/৬৬ ৬/৩৮
সৰ্বোচ্চ ৰাণ ২০৬ ১০৯ ২১৭ ১৩৮*
বল ১৫৭৫১ ৬৬১৩ ৪২৪২৫ ১১৯৬৬
উইকেট ১৫১ ১২৯ ৫০৯ ২৫৪
বলিং গড় ৪০.৯৬ ৩৬.০৪ ৮৮.০০ ৩২.১৮
এটা ইনিংছত ৫টা উইকেট ১৮
এখন খেলত ১০টা উইকেট - -
শ্ৰেষ্ঠ বলিং ৫/৭৫ ৫/১৫ ৯/১০১ ৫/১৩
কেচ্চ/ষ্টাম্পিং ৩৬/– ৪০/– ১৪১/– ৮৪/–
উৎস: http://cricketarchive.com/Players/1/1638/1638.html CricketArchive, ৬ ছেপ্টেম্বৰ ২০০৮

ৰবি শংকৰ জয়দৃত শাস্ত্ৰী (জন্ম ২৭ মে' ১৯৬২) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক। [1] [2] তেওঁ আছিল সোঁহাতৰ বেটছমেন আৰু বাওঁহাতৰ বলাৰ তথা অল ৰাউণ্ডাৰ। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১৮ বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল আৰু ১২ বছৰ ধৰি চলিছিল। তেওঁ বলাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পিছলৈ তেওঁ বেটছমেন হোৱাৰ লগতে বেটিঙৰ লগতে বলিং কৰিব পৰা বেটছমেন হৈ পৰিছিল। তেওঁৰ পৰিয়ালটো মূলতঃ মাঙ্গালৰৰ যদিও তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল মুম্বাইত।

তেওঁ মূলতঃ অ’পেনিং বেটছমেন বা মিডল অৰ্ডাৰ হিচাপে খেলিছিল।

তেওঁ ১৯৮৫ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত ক্ৰিকেট বিশ্ব চেম্পিয়নশ্বিপত "চেম্পিয়নছ অৱ চেম্পিয়নছ" হিচাপে নিৰ্বাচিত হয়। একেটা ছিজনতে ১৯৮৫ চনৰ ১০ জানুৱাৰীত [3], তেওঁ পশ্চিম ভাৰতীয় গেৰী ছবাৰ্ছৰ ৬টা ছয়ৰ অভিলেখৰ সমান কৰে।

ঘৰুৱা ক্ৰিকেটত বম্বে (মুম্বাই)ৰ হৈ খেলি খেলৰ অন্তিম বছৰত নিজৰ দলটোক ৰঞ্জী ট্ৰফী খিতাপ দখল কৰাত সহায় কৰিছিল। গ্লেমৰ্গানৰ হৈ কাউণ্টি ক্ৰিকেটতো চাৰিটা ছিজন খেলিছিল। আঁঠুৰ বাৰে বাৰে আঘাত পোৱাৰ বাবে মাত্ৰ ৩১ বছৰ বয়সতে অৱসৰ ল’বলৈ বাধ্য হৈছিল। পিছলৈ তেওঁ বিচিচিআইত ভাৰতৰ মেচসমূহৰ কমেণ্টেটৰ হিচাপে কাম কৰিছিল। [4] ২০১৪ চনত ইংলেণ্ড ভ্ৰমণৰ পৰা ২০১৫ চনৰ বিশ্বকাপলৈকে ৮ মাহ ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনৰ ১৩ জুলাইত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ২০১৯ চনৰ ১৬ আগষ্টত তেওঁক পুনৰ ছিনিয়ৰ পুৰুষ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২১ চনৰ আইচিচি টি-২০ বিশ্বকাপলৈকে কাৰ্যনিৰ্বাহ কৰিব। [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]