নিলছ্ ব'ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নিলছ্ ব'ৰ
Photograph showing the head and shoulders of a man in a suit and tie
জন্ম নিলছ্ হেনৰিক ডেভিদ ব'ৰ
৭ অক্টোবৰ, ১৮৮৫
কোপেনহেগেন, ডেনমাৰ্ক
মৃত্যু ১৮ নৱেম্বৰ, ১৯৬২
কোপেনহেগেন, ডেনমাৰ্ক
ক্ষেত্ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞান
প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান কোপেনহেগেন বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ক্ৰিষ্টিয়ান ক্ৰিষ্টিয়ানছেন
আন academic advisors
ডক্তৰেল ছাত্ৰ হেন্দ্ৰিক ক্ৰেমাৰ্ছ্
আন notable students লেভ লাণ্ডাউ
জনা যায় সাঁচ:Clist
প্ৰভাৱ
প্ৰাভাৱ পেলাইছিল
উল্লেখনীয় বঁটা সাঁচ:Nowrসাঁচ:Clist
জীৱনসংগী মাৰ্গেথ নৰ্লাণ্ড (বি. ১৯১২)
Signature


নিলছ্ হেনৰিক ডেভিদ ব'ৰ (৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল । ব'ৰে পৰমাণুৰ গঠন আৰু কোৱান্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বটা লাভ কৰিছিল । ইয়াৰ উপৰি তেওঁ এগৰাকী দাৰ্শনিক আৰু বিজ্ঞান গৱেষণাৰ প্ৰচাৰৰ ক্ষেত্ৰত আগৰণুৱা ব্যক্তি ।

নিলছ্ ব'ৰে পৰমাণুৰ গঠন সম্পৰ্কে তেওঁৰ বিখ্যাত ব'ৰ আৰ্হি দাঙি ধৰিছিল । এই আৰ্হিটোৰ দ্বাৰা ব'ৰে প্ৰস্তাৱ কৰিছিল যে ইলেক্টনৰ শক্তিস্তৰবোৰ পৃথক পৃথক, ইহঁত অবিচ্ছিন্ন নহয় । তদুপৰি ইলেকট্ৰনবোৰে পৰমাণুটোৰ নিউক্লিয়াছৰ চৌদিশে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে, কিন্তু ইলেকট্ৰনবোৰে এটা শক্তিস্তৰৰ পৰা আন এটা শক্তিস্তৰলৈ জপিয়াব পাৰে । যদিও ব'ৰৰ আৰ্হিটো পিছলৈ আন উন্নত আৰ্হিৰ দ্বাৰা সংশোধন কৰা হৈছে, ইয়াৰ মূল অন্তৰ্নিহিত নীতিটো এতিয়াও প্ৰাসংগিক হৈয়েই আছে । তেৱেঁই পৰিপূৰকতা ( complementarity) নীতিটোৰ ধাৰণা আগবঢ়াইছিল । এই ধাৰণাটো মতে বস্তু এটাক কিছুমান পৰস্পৰবিৰুদ্ধ ধৰ্মৰে বিশ্লেষণ কৰিব পাৰি । উদাহৰণস্বৰূপে- একেটা বস্তুক তৰংগ বা কণিকাৰূপে আচৰণ কৰা বুলি ধৰি লোৱাটো । বিজ্ঞান আৰু দৰ্শন উভয় ক্ষেত্ৰতে ব'ৰৰ চিন্তাধাৰাত তেওঁৰ পৰিপূৰকতাৰ ধাৰণাটোৱে প্ৰভাৱ বিস্তাৱ কৰিছিল ।

১৯২০ চনত ব'ৰে কোপেনহেগেন বিশ্ববিদ্যালয়ত ইনষ্টিটিউট অৱ্ থিয়ৰিটিকেল ফিজিক্স প্ৰতিষ্ঠানটো স্থাপন কৰিছিল । এতিয়া এই প্ৰতিষ্ঠানটোক নিলছ্ ব'ৰ ইনষ্টটিউট নামেৰে জনা যায় । হানছ্ ক্ৰেমাৰ, অস্কাৰ ক্লেইন, জৰ্জ দে' হে'ভে'ছে', ৱাৰ্নাৰ হাইজে'নবাৰ্গ আদিকে ধৰি অনেক গণমান্য পদাৰ্থবিজ্ঞানীৰ তেওঁ  পৰামৰ্শদাতা হোৱাৰ উপৰি তেওঁলোকৰ লগত সহযোগিতাৰে কাম কৰিছিল ।  নিলছ্ ব'ৰেই জাৰ্ক'নিয়ামৰ নিচিনা আন এটা মৌলৰ ভৱিষ্যৎবাণী কৰিছিল যিটোৰ নাম পিছলৈ হাফনিয়াম ৰখা হয় । কোপেনহেগেনত আৱিষ্কাৰ হোৱা বাবে ইয়াৰ লেটিন নামটোৰে পৰমাণুটোৰ নাম হাফনিয়াম ৰখা হৈছিল । পিছলৈ ব'ৰৰ সন্মানত এটা মৌলৰ নাম ব'ৰিয়াম ৰখা হয় ।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৮৫ চনৰ ৭ অক্টোবৰত  ডেনমাৰ্কৰ কোপেনহেগেনত নিলছ্ ব'ৰৰ জন্ম হৈছিল । ব'ৰ আছিল  ক্ৰিষ্টিয়ান ব'ৰৰ তিনিটা সন্তানৰ দ্বিতীয় সন্তান [1][2].[3]

Notes[সম্পাদনা কৰক]

  1. (Danish ভাষাত) Politiets Registerblade. প্ৰকাশক Copenhagen: Københavns Stadsarkiv. 7 June 1892. Station Dødeblade (indeholder afdøde i perioden). Filmrulle 0002. Registerblad 3341. ID 3308989. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129033630/http://www.politietsregisterblade.dk/en/component/sfup/?controller=politregisterblade&task=viewRegisterblad&id=3308989. 
  2. Pais 1991, পৃষ্ঠা. 44–45, 538–539.
  3. There is no truth in the oft-repeated claim that Bohr emulated his brother, Harald, by playing for the Danish national team. Dart, James (27 July 2005). "Bohr's footballing career". The Guardian (London). https://www.theguardian.com/football/2005/jul/27/theknowledge.panathinaikos। আহৰণ কৰা হৈছে: 26 June 2011.