সমললৈ যাওক

অনিল বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিল বৰা
জন্ম ০২ অক্টোবৰ, ১৯৫১ (৭৪ বছৰ)
পলাশনি গাও, নগাঁও জিলা
মৃত্যু ০৭ অক্টোবৰ, ১৯৭২ (২১ বছৰ)
হোজাই, নগাঁও জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় অসমৰ মাধ্যম আন্দোলনৰ ছহিদ

অনিল বৰা (২ অক্টোবৰ ১৯৫১ – ৭ অক্টোবৰ ১৯৭২) এগৰাকী ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ এগৰাকী ছহিদ আছিল।[1] ১৯৫১ চনত নগাঁৱৰ ওচৰৰ পলাশনী গাঁৱত জন্মলাভ কৰা বৰাই নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি নগাঁও মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানত অনাৰ্ছ লৈ স্নাতক মহলাত নামভৰ্তি কৰিছিল। জাতীয়তাবাদী ভাবধাৰাৰ বৰাই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সম্পাদক হিচাপে থাকোঁতেই ভাষা ৰক্ষা আন্দোলনত যোগদান কৰে। ১৯৭২ চনৰ ৭ অক্টোবৰত এই প্ৰতিবাদ কাৰ্যসূচীৰ বাবে নগাঁৱৰপৰা হোজাইলৈ যাওঁতে আততায়ীয়ে তেওঁক নৃশংসভাৱে হত্যা কৰে।[2] অনিল বৰা সম্পৰ্কে 'আমাৰ প্ৰতিনিধি' আলোচনীত ড° ভূপেন হাজৰিকাই লিখিছিল, “শ্বহীদ অনিল বৰা পলাশনিৰ সবাতোকৈ ৰঙা পলাশ ফুল এপাহ আছিল,– যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে, – ক’তা, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ কোনোবা বাতৰি কাকতে কোৱাৰ দৰে “ডকাইত’’তো নেদেখিলোঁ পলাশনি গাঁৱত।’’[3]

নগাঁও চহৰৰপৰা নাতি-দূৰৈৰ পলাশনী নামৰ গাঁৱত ১৯৫১ চনৰ ২ অক্টোবৰৰ মাজনিশা অনিল বৰাৰ জন্ম হয়। পিতৃৰ নাম আছিল চন্দ্ৰ চৰণ বৰা আৰু মাতৃৰ নাম মাণিকী বৰা। তেওঁৰ মাক-দেউতাক দুয়ো প্ৰাইমাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আছিল। দেউতাক চন্দ্ৰ চৰণ বৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছিল। অনিল বৰাৰ পিতৃয়ে ছাত্ৰৱস্থাৰপৰাই মহাত্মা গান্ধীৰ অনুগামী হৈ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী হৈছিল আৰু সুদীৰ্ঘ তিনিবছৰ কাৰাবৰণ কৰিছিল।[4][5]

১৯৫৬ চনত অনিল বৰাই কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৬০ চনত সেই বিদ্যালয়ৰপৰাই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। তাৰপিছত তেওঁ কৰৈয়নী হাইস্কুলত ১৯৬৪ চনলৈ পঢ়ি পিছত নগাঁও চৰকাৰী বালক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰপৰাই বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি নগাঁও মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানত অনাৰ্ছ লৈ স্নাতক মহলাত নামভৰ্তি কৰে।[4] মহাবিদ্যালয়ত প্ৰৱেশ কৰিয়েই ১৯৭১-৭২ বৰ্ষৰ বাবে তেওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়। একে সময়তে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও শাখাৰ উপ-সম্পাদক হিচাপেও নিৰ্বাচিত হয়। খেলা-ধূলা, সংগীত-নাটক আদিত অনিল বৰাৰ ৰাপ আছিল।[6]

আন্দোলনত অংশগ্ৰহণ

[সম্পাদনা কৰক]

পাৰ্শ্ব ঘটনাৱলী

[সম্পাদনা কৰক]

১৯৭২ চনৰ মাৰ্চ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন জাননীয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ অসমীয়া আৰু ইংৰাজীৰ উপৰি বঙালী ভাষাতো লিখিবলৈ অনুমতি দিছিল। এই সিদ্ধান্তই একাংশ অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিবাদৰ সৃষ্টি কৰিছিল। কাছাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ব্যৱস্থাটো তেওঁলোকে মানি লৈছিল যদিও ব্ৰহ্মপুত্ৰ উপত্যকাত বঙালী ভাষাৰ বিকল্প প্ৰয়োগ কৰা বিষয়টোক লৈ তেওঁলোকৰ আপত্তি উঠিছিল।[7] প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই, বিশ্ববিদ্যালয়ে অতি শীঘ্ৰেই নিজৰ স্থিতি সলনি কৰি ঘোষণা কৰিলে যে পৰীক্ষাৰ উত্তৰ বহীত কেৱল অসমীয়া আৰু ইংৰাজী ভাষাহে গ্ৰহণ কৰা হ'ব। অৱশ্যে, এই হঠাতে লোৱা সিদ্ধান্তই কাছাৰ আৰু আন কিছুমান ঠাইত নতুনকৈ প্ৰতিবাদৰ সৃষ্টি কৰিলে, যাৰ ফলত শেষত বিষয়টো ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ গ'ল।

হোজাই কলেজৰ বঙালী ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্তৰ বিৰোধিতা কৰি অধ্যক্ষক ঘেৰাও কৰিছিল। অধ্যক্ষ আৰু আনসকলক উদ্ধাৰ কৰিবলৈ আৰক্ষী পিছত নিশা প্ৰায় ১১:০০ বজাত আহি পাইছিল। ইয়াৰ পিছত, ছাত্ৰ-ছাত্ৰীসকলে সেই একেই ৰাতিটোতে এক সমদল উলিয়াই ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত ল'লে। সেই সময়ত নগাঁও কলেজত থকা অনিল বৰা কেইজনমান সহকৰ্মীৰ সৈতে হোজাইলৈ গৈছিল। তেওঁ পৰিতোষ পাল চৌধুৰীকে ধৰি কেইজনমান আগশাৰীৰ বঙালী ছাত্ৰ নেতাৰ সৈতে মিলিত হৈ অসমীয়া ভাষাক মাধ্যম হিচাপে লোৱাৰ সপক্ষে যুক্তি দিছিল। ইয়াৰ ফলত তেওঁ আৰু তাত থকা স্থানীয় নেতাসকলৰ মাজত তীব্ৰ বাদ-বিবাদ হৈছিল। ১৯৭২ চনৰ ১৫ ছেপ্টেম্বৰত আছুৱে ইংৰাজী ভাষাৰ উপৰি স্নাতক পৰ্যায়লৈকে অসমীয়া ভাষাক শিক্ষণৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল।[8]

১৯৭২ চনৰ ২৩ ছেপ্টেম্বৰত বিধানসভাত এই প্ৰস্তাৱ দিয়া হয় যে অসমৰ দুয়োখন বিশ্ববিদ্যালয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাক মূল শিক্ষণৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব, আনহাতে বৰাক উপত্যকাত এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ প্ৰতিবাদত আছুৱে ১৯৭২ চনৰ ৫ অক্টোবৰত বন্ধৰ আহ্বান জনাইছিল। অসমৰ সকলো ঠাইতে এই বন্ধ পালন কৰা হৈছিল, কিন্তু হোজাই আৰু অন্য কোনো কোনো ঠাইত এচাম লোকে বন্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। খাৰুপেটীয়াত এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয় আৰু মোজাম্মিল হক নামৰ এজন ল'ৰাই প্ৰাণ হেৰুৱায়।

প্ৰতিবাদ

[সম্পাদনা কৰক]

এই শোকাৱহ ঘটনাটোৰ প্ৰতি সঁহাৰি জনাই সদৌ অসম ছাত্ৰ সন্থাই ৭ অক্টোবৰৰপৰা ১৩ অক্টোবৰলৈকে 'ক'লা দিৱস' পালন কৰাৰ আহ্বান জনাইছিল। অনিল বৰাই এই প্ৰতিবাদত সক্ৰিয় ভূমিকা লয় আৰু ভাষাৰ মাধ্যম আন্দোলনৰ সমৰ্থন কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছিল। ছহিদ মোজাম্মিল হকৰ বাবে ন্যায় বিচাৰি ৭ অক্টোবৰত নগাঁৱৰ জুবলী খেলপথাৰত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা সময়তে অনিল বৰাই জানিব পাৰে যে এটা ছাত্ৰ দল গাড়ীৰে হোজাই অভিমুখে যাত্ৰা কৰিছে আৰু তেতিয়া তেওঁ সেই কলক ওভতাই অনাৰ সিদ্ধান্ত লয়। তেওঁ কেইজনমান বন্ধুৰ সৈতে হোজাই অভিমুখে ৰাওনা হয় যদিও নীলবাগানত এজন উপ-পৰিদৰ্শক আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষী বাহিনীয়ে তেওঁলোকক ৰখায়। অনিল বৰা আৰু বন্ধুসকলৰ অনুৰোধত তেওঁলোকক নীৰৱ প্ৰতিবাদী সমদল উলিওৱাৰ অনুমতি দিয়া হয়।[9]

হোজাইত উপস্থিত হোৱাৰ পাছত অনিল বৰা আৰু তেওঁৰ সতীৰ্থসকলে জানিব পাৰিলে যে এদল উন্মত্ত জনতাই ছাত্ৰ প্ৰতিবাদকাৰীসকলৰ বাবে অপেক্ষা কৰি আছে। আসন্ন বিপদৰ উমান পাই বৰাই সকলোকে উভতি যাবলৈ মান্তি কৰালে আৰু নিজেই তেওঁলোকক গাড়ীত উঠাত সহায় কৰিলে। নিজে যাবলৈ বাহনৰ ব্যৱস্থা কৰিব নোৱাৰি তেওঁ আৰু দুজন বন্ধুৱে নগাঁৱৰ ফালে খোজ কাঢ়িবলৈ ধৰিলে। তেনে সময়তে এদল লোকে তেওঁলোকৰ আগুৰি ধৰে। বন্ধুজন পলাবলৈ সক্ষম হয় যদিও লোকসকলে বৰাৰ মূৰত আঘাত কৰাত তেওঁ পৰি যায়।[4] ইয়াৰ পাছৰ দহদিন তেওঁ সন্ধানহীন হৈ থাকে। ১৭ অক্টোবৰত নগাঁৱৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ নন্দালালপুৰৰ ডিমৰু নদীৰ পাৰত অনিল বৰাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয়।[10] তেওঁৰ ছিন্নমুণ্ড কেতিয়াও উদ্ধাৰ নহ'ল। এই নৃশংস হত্যাত নগাঁও আৰু গোটেই অসমতে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে। তেওঁৰ মৃতদেহ প্ৰথমে নগাওঁ মহাবিদ্যালয়, তাৰ পাছত জুবলী খেলপথাৰ আৰু শেষত জন্মস্থান পলাশনী গাঁৱলৈ লৈ যোৱা হয়। নেহৰুবালীৰ নগাঁও সাহিত্য সভাৰ চৌহদত তেওঁ শেষকৃত্য সম্পন্ন কৰা হয়।[11][12]

প্ৰতি বছৰে ৭ অক্টোবৰত ছহিদ অনিল বৰাক সুঁৱৰি স্মৃতি দিৱস পালন কৰা হয়।[13] তেওঁৰ শেষকৃত্য হোৱা ঠাইত ২০১০ চনত এটা প্ৰতিমূৰ্তি স্থাপন কৰা হয়।[14] ২০২২ চনত তেওঁৰ তেওঁৰ জন্মস্থানৰ অনিল বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন এটা প্ৰতিমূৰ্তি স্থাপন কৰা হয়।[15]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Death anniversary of martyr observed". The Hill Times. https://thehillstimes.in/assam/death-anniversary-of-martyr-observed। আহৰণ কৰা হৈছে: 7 October 2025. [সংযোগবিহীন উৎস]
  2. "Tale of two villages & their martyr duo". The TelegraphThe Telegraph online. https://www.telegraphindia.com/north-east/tale-of-two-villages-amp-their-martyr-duo/cid/1529332। আহৰণ কৰা হৈছে: 7 October 2025. 
  3. আমাৰ প্ৰতিনিধি, ড° ভূপেন হাজৰিকা, ত্ৰয়োদশ বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী, ১৯৭৩
  4. 4.0 4.1 4.2 শ্বহীদ অনিল বৰা, প্ৰীতিৰেখা বৰা, ৰামধেনু, দৈনিক অসম, শনিবাৰ, ২৩ নৱেম্বৰ, ২০১৯
  5. বাসত্তৰৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰা, ৰূপৰাম সুত, পৃ:নং; ১০, নগাঁও, ১৯৮৬
  6. অসমীয়া জীৱনী অভিধান, শিৱনাথ বৰ্মন, পৃ:নং; ৫, প্ৰকাশক অনন্ত হাজৰিকা, বনলতা, ২০১৮
  7. দৈনিক অসম (সম্পাদকীয়), ৭ জুন ১৯৭২
  8. Ghosh, Ananda Chandra (November 2019). "Roots of Lnguistic Conbflicts in Post-Colonial Assam". International Journal of Research and Development খণ্ড 4 (11): 84. https://eprajournals.com/IJSR/article/1800/download। আহৰণ কৰা হৈছে: 7 October 2025. 
  9. Deka, Meeta (1996). Student Movements in Assam. প্ৰকাশক Noida: Vikas Publishing House. পৃষ্ঠা. 206. ISBN 9780706998825. https://www.google.co.in/books/edition/Student_Movements_in_Assam/N5XkAAAAMAAJ?hl=en&gbpv=0&bsq=%22Anil%20Bora%22%20-wikipedia। আহৰণ কৰা হৈছে: 7 October 2025. 
  10. "ভাষাৰ হকে প্ৰাণ দিয়া অনিল বৰা". অসমীয়া প্ৰতিদিন. প্ৰতিদিন. 7 October 2022. https://www.asomiyapratidin.in/homepage/anil-boras-death-anniversary. 
  11. শৰ্মা, ঋতুপৰ্ণ (6 October 2018). "মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰা". News ASN. https://newsasn.com/node/2253. 
  12. "Martyr Anil Bora Remembered on his 46th Death Anniversary". The Sentinel. 9 October 2018. https://www.sentinelassam.com/north-east-india-news/assam-news/martyr-anil-bora-remembered-on-his-46th-death-anniversary. 
  13. "Anil Bora's 53rd Memorial Day was observed with day-long programs". Akashvani news. Govt. of India. 7 October 2025. https://www.newsonair.gov.in/as/anil-bora/. 
  14. "Martyr Anil Bora's statue inaugurated in Nagaon". The Assam Tribune. 15 September 2010. https://assamtribune.com/martyr-anil-boras-statue-inaugurated-in-nagaon. 
  15. "Statue of Martyr Anil Bora unveiled in Nagaon". ETV Bharat. Ramoji Group. 19 October 2022. https://www.etvbharat.com/assamese/assam/state/nagaon/martyr-anil-boras-statue-inaugurated-in-nagaon/assam20221019191130647647730.