অশ্বিনী ভিড়ে-দেশপাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অশ্বিনী ভিড়ে-দেশপাণ্ডে

২০১৬ চনত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ৰাজৰাণী সংগীত মহোৎসৱত অশ্বিনী ভিড়ে-দেশপাণ্ডে
প্ৰাথমিক তথ্য
জন্মৰ নাম অশ্বিনী গোৱিন্দ ভিড়ে
জন্ম ৭ অক্টোবৰ, ১৯৬০ (৬০ বছৰ)
মূল মুম্বাই, ভাৰত
সংগীতৰ প্ৰকাৰ খেয়াল, ভজন, থুমৰী
পেচা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতশিল্পী
কাৰ্যকাল ১৯৮০-বৰ্তমানলৈকে
ৱেবছাইট www.ashwinibhide.in

অশ্বিনী ভিড়ে-দেশপাণ্ডে (ইংৰাজী: Ashwini Bhide-Deshpande, জন্ম: ৭ অক্টোবৰ ১৯৬০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শৈলীৰ সৈতে তেওঁ জড়িত। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ জয়পুৰ-আট্ৰাউলি ঘৰাণা পৰম্পৰাৰ অন্তৰ্ভুক্ত অশ্বিনী ভিড়ে-দেশপাণ্ডে ঘাইকৈ খেয়াল, ভজন, থুমৰী আদি লঘু শাস্ত্ৰীয় সংগীতৰ পাৰদৰ্শী। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ[সম্পাদনা কৰক]

১৯৬০ চনৰ ৭ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰমুম্বাইত অশ্বিনী ভিড়ে-দেশপাণ্ডেৰ জন্ম হৈছিল। শক্তিশালী সংগীত পৰম্পৰা থকা পৰিয়ালত জন্ম গ্ৰহণ কৰা অশ্বিনীয়ে নাৰায়ণৰাও ডাটাৰৰ নিৰ্দেশনাত তেওঁৰ প্ৰাৰম্ভিক ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা তেওঁৰ সংগীত বিশাৰদ সম্পূৰ্ণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ তেওঁৰ মাতৃ মাণিক ভিড়ে পৰা জয়পুৰ-আট্ৰাউলি ঘৰাণা শৈলীত সংগীত শিকি আছে। অশ্বিনীয়ে ২০০৯ চনলৈ ৰত্নাকৰ পাইৰ পৰা তেওঁৰ মৃত্যুলৈকে সংগীতৰ শিক্ষা লাভ কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ মাইক্ৰ'বায়োলজিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ পৰা জৈৱৰসায়নত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছে। তদুপৰি তেওঁ অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয় মণ্ডলৰ সংগীত বিশাৰদ আৰু সংগীতত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ডক্টৰেট ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ সংগীতক পেশাদাৰী জীৱন হিচাপে বাচি লয়। সঞ্জীৱ অভ্যংকাৰৰ সৈতে তেওঁৰ 'জসৰংগী যুগলবন্দী কনচাৰ্ট'য়ে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।[2] অশ্বিনী ভিড়ে-দেশপাণ্ডেয়ে ২০১৯ চনত কানাডাৰ টৰণ্টোৰ আগা খান সংগ্ৰহালয়কে ধৰি বিশ্বজুৰি সন্মানীয় স্থানত তেওঁৰ সংগীত প্ৰদৰ্শন কৰিছে।[3]

সংগীতৰ শৈলী[সম্পাদনা কৰক]

জয়পুৰ-আট্ৰাউলি, মেৱতী আৰু পাটিয়ালা ঘৰাণাৰ পৰা প্ৰভাৱৰ বাবে অশ্বিনীয়ে নিজৰ সংগীত শৈলী সৃষ্টি কৰিছে। তেওঁ তিনিটা প্ৰাথমিক সপ্তক ওপৰত এক শক্তিশালী আধাৰ লাভ কৰিছে।

বৰগীত: "আলো ম‍ই কি কহবো দুখ"
ৰাগ: ভটিয়ালী, ৰচয়িতা: মাধৱদেৱ
শিল্পী : অশ্বিনী ভিড়ে-দেশপাণ্ডে

সংগীতকাৰ[সম্পাদনা কৰক]

অশ্বিনী ভিড়ে-দেশপাণ্ডেৰ বন্দীশ আৰু বন্দীশ-ৰচনাৰ বিষয়ে দক্ষ আৰু তেওঁ নিজে বহুতো বন্দীশ সৃষ্টি কৰিছে। ২০০৪ চনত প্ৰকাশিত তেওঁ গ্ৰন্থ 'ৰাগ ৰচনাঞ্জলি'ত বহুতো স্বৰচিত বন্দীশ সন্নিবিষ্ট কৰা হৈছে। ২০১০ চনত আৰু ৯৮টা বন্দীশ সন্নিবিষ্ট থকা "ৰাগ ৰচনাঞ্জলি ২" নামৰ আন এখন গ্ৰন্থ প্ৰকাশিত হয়। ভজন স্থাপনৰ বাবেও তেওঁ জনাজাত আৰু বিশেষকৈ কবীৰৰ ভজন তেওঁ গায়।[4]

অশ্বিনী ভিড়ে কেৱল এগৰাকী সংগীত বিদুষীয়ে নহয় লগতে এক সুন্দৰ কণ্ঠৰ অধিকাৰিণীও। মই অশ্বিনীক তেওঁৰ কৈশোৰ কালৰ পৰা ব্যক্তিগতভাৱে চিনি পাওঁ আৰু ই মোক ইমান আনন্দিত কৰে যে তাইক এনে এক আশ্চৰ্যকৰ খেয়াল গোৱা দেখি গৰ্বিত হওঁ। তেওঁ ভাৰতৰ এগৰাকী শীৰ্ষ যুৱ শিল্পী হোৱাৰ খ্যাতি অৰ্জন কৰিছে... বহুতো পুৰণি ৰচনা শিকি, তেওঁ ব্যৱহাৰ কৰা উপভাষাৰ জৰিয়তে পৰম্পৰাৰ আত্মা বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু লগতে বিষয়টোৰ প্ৰতি মনোযোগ দিবলৈ সক্ষম হৈছে!

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। তেওঁ ২০০৫ চনত মধ্য প্ৰদেশ চৰকাৰে আগবঢ়োৱা সন্মানীয় "ৰাষ্ট্ৰীয় কুমাৰ গন্ধৰ্ব সন্মান" লাভ কৰা প্ৰথম মহিলা হিন্দুস্তানী সংগীতশিল্পী আছিল। তেওঁ ২০১১ চনৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰ "সংস্কৃতিক পুৰস্কাৰ" আৰু ২০১০ চনৰ বাবে সৌহাদ্ৰী দুৰদৰ্শনৰ "সংগীত ৰত্ন" পুৰস্কাৰৰ প্ৰাপক আছিল। তেওঁক ২০১৪ চনত প্ৰথম "গণতপস্বীনি মগুবাঈ কুৰ্দিকাৰ সন্মান" আৰু ২০১৩ চনত বাংগালোৰ বৃক্ক ফাউণ্ডেচনৰ "পণ্ডিত মল্লিকাৰ্জুন মনচুৰ বঁটা" প্ৰদান কৰা হৈছিল। তেওঁক "পণ্ডিত জচৰাজ গৌৰৱ পুৰস্কাৰ"ৰেও সন্মানিত কৰা হৈছিল।

প্ৰকাশিত গ্ৰন্থৰাজি[সম্পাদনা কৰক]

  • 'ৰাগৰচনাঞ্জলি' (ৰাজহংস প্ৰকাশন; ২০০৪) - স্বৰচিত বন্দীশৰ কিতাপ আৰু চিডি
  • 'ৰাগৰচনাঞ্জলি ২' (ৰাজহংস প্ৰকাশন; ২০১০) - স্বৰচিত বন্দীশৰ কিতাপ আৰু চিডি
  • 'মেডাম কুৰী' (২০১৫) - ইভ কুৰীৰ মেৰী কুৰীৰ জীৱনীৰ মাৰাঠী অনুবাদ।[6]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]