১ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১ ডিচেম্বৰ (ইংৰাজী: 1 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৫ তম (অধিবৰ্ষত ৩৩৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- অসমৰ পষেকীয়া বৰ্তালোচনী প্ৰান্তিক প্ৰথম প্ৰকাশিত হয় ১৯৮১ চনৰ আজিৰ দিনটোতে। ইয়াৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ড॰ ভবেন্দ্ৰনাথ শইকীয়া আৰু মুখ্য প্ৰদীপ বৰুৱা।
- আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী তৰালী শৰ্মাই বিবাহ পাশত আবদ্ধ হৈছিল ২০০৬ চনৰ আজিৰ দিনটোতে।
- নাগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি প্ৰদান কৰে ১৯৬৩ চনৰ আজিৰ দিনটোতে।
- মহাত্মা গান্ধীক ‘শতিকাৰ শ্ৰেষ্ঠ এছীয়’ আৰু ইন্দিৰা গান্ধীক ‘শ্ৰেষ্ঠ মহিলা’ হিচাপে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বি. বি. চিৰ সমীক্ষাত নিৰ্বাচিত হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে।
- ১৯৯০ চনৰ আজিৰ দিনটোতে বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হয়।
- ১৯৩৫ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা (বৰ্তমান ফ্ৰান্স) প্ৰথম হেনৰীৰ মৃত্যু হয়।
- নগা বসিতপ্ৰধান অঞ্চলক লৈ নাগা হিলছ টুৱেংচোং এৰিয়া গঠন হয় ১৯৫৭ চনৰ আজিৰ দিনটো।
- ১৯৫৯ চনৰ আজিৰ দিনটোতে ঐতিহাসিক এণ্টাৰ্কটিকা ট্টিটী স্বাক্ষৰিত হয়।
- আজিৰ দিনটোতে ১৯৬৪ চনত ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক জে ব এছ হলডেনৰ মৃত্যু হয়।
- আজি বিশ্ব এইডছ দিৱস।
জন্ম[সম্পাদনা কৰক]
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৪ - জে ব এছ হলডেন, ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক।
- ১৯৭৪ - সুচেতা কৃপলানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক ব্যক্তি। (জন্ম: ২৫ জুন, ১৯০৮)
- ১৯৯০ - বিজয়লক্ষ্মী পণ্ডিত, এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (জন্ম: ১৮ আগষ্ট, ১৯০০]]
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|