১৯ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯ জানুৱাৰী (19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬ টা দিন (অধিবৰ্ষত ৩৪৭ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিল ১৯৬৮ চনৰ আজিৰ দিনটোতে ৷
  • অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ ৷ ১৯৭২ চনৰ আজিৰ দিনটোতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।
  • ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয় ১৯৮১ চনৰ আজিৰ দিনটোতে। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয় ।
  • ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক ছলমান ৰুশ্বদীৰ জন্ম হয় মুম্বাইত ।
  • ১৬২৩ চনৰ আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ, পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম হৈছিল ।
  • আজিৰ দিনটোতে মাৰ্কিন দম্পত্তি এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল । উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম মাৰ্কিন নাগৰিক।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]