সমললৈ যাওক

৭ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

৭ মে' (ইংৰাজী: 7 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৩২ - গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়।
  • ১৮৪৯ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
  • ১৯৮৯ - জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত।
  • ২০০৫ - অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয়।
  • ২০২৫ -
    • পাকিস্তানে ‘অপাৰেচন সিন্দুৰ’ নামৰ অভিযানত গভীৰ নিশা ভাৰতত আক্ৰমণ চলায়। এই আক্ৰমণৰ প্ৰতিক্ৰিয়াত পাকিস্তানৰ ওপৰত ভাৰতেও প্ৰত্যাঘাতমূলক আক্ৰমণ চলায়। ইয়াত কমেও পাকিস্তানৰ ৩১ জন আৰু ভাৰতৰ ১৫ জন অসামৰিক লোক নিহত হয়।[1][2]
    • ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।[3]
  • ১৮১২ - ৰবাৰ্ট ব্ৰাউনিং, ইংৰাজ কবি।
  • ১৮৬১ - ৰবীন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল। (মৃত্যু: ৭ আগষ্ট, ১৯৪১)
  • ১৮৬৭ - ৱাদেইশ্লাফ ষ্টেনিশ্লাফ ৰেইমণ্ট, পোলেণ্ডৰ সাহিত্যিক। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৮০ - পাণ্ডুৰাংগ বমন কানে, ভাৰতীয় শিক্ষাবিদ।
  • ১৮৯২ - মাৰ্শ্বেল টিটো, যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি।
  • ১৯৪৯ - ৰাধিকা ৰয়, ভাৰতীয় সাংবাদিক।
  • ১৯৯৭ - যমুনা বড়ো, ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ।


  1. "পাকিস্তানেৰ বিৰুদ্ধে বিমান হামলা ভাৰতেৰ, এৰপৰ কী?" (bn ভাষাত). মানবজমিন. https://mzamin.com/news.php?news=159894। আহৰণ কৰা হৈছে: 2025-05-08. 
  2. "ভাৰতকে সমৰ্থনেৰ ঘোষণা ফ্ৰান্সেৰ" (bn ভাষাত). The Daily Ittefaq. https://www.ittefaq.com.bd/730841/। আহৰণ কৰা হৈছে: 2025-05-08. 
  3. "টেষ্ট থেকে অৱশৰেৰ ঘোষণা ৰোহিত শৰ্মাৰ" (bn ভাষাত). ঢাকা ট্ৰিবিউন. https://bangla.dhakatribune.com/sport/96222/। আহৰণ কৰা হৈছে: 2025-05-08.