১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হয়।
১৮৬১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়। তেখেত বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে নোবেল পুৰস্কাৰ লাভ কৰে। (মৃত্যু: ৭ আগষ্ট, ১৯৪১)
১৮৬৮ চনৰ আজিৰ দিনটোত ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্টৰ জন্ম হয়। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়।