ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
ছেপ্টেম্বৰ ২৬ , ১৮১৯জুলাই ২৯ , ১৮৯১
Ishwar Chandra Vidyasagar.jpg
জন্মৰ তাৰিখ: ছেপ্টেম্বৰ ২৬ , ১৮১৯
জন্মস্থান: বীৰসিংহ, তদনীন্তন হুগলি জিলা (আধুনিক পশ্চিম মেদিনীপুৰ জিলা), বাংলা প্ৰেছিডেন্সি (আধুনিক পশ্চিমবঙ্গ), ব্ৰিটিছ ভাৰত (আধুনিক  ভাৰত)
মৃত্যুৰ তাৰিখ: জুলাই ২৯ , ১৮৯১ (৭১ বছৰ)
মৃত্যুস্থান: কলকাতা, বাংলা প্ৰেছিডেন্সি (আধুনিক পশ্চিমবঙ্গ), ব্ৰিটিছ ভাৰত (আধুনিক  ভাৰত)
জীৱনকাল: ছেপ্টেম্বৰ ২৬ , ১৮১৯জুলাই ২৯ , ১৮৯১
আন্দোলন: বাংলাৰ নৱজাগৰণ
প্ৰধান স্মৃতিস্তম্ভ: বিদ্যাসাগৰ বিশ্ববিদ্যালয়, বিদ্যাসাগৰ সেতু
ধৰ্ম: হিন্দু
দাম্পত্য সঙ্গী: দীনময়ী দেৱী
পিতৃ মাতৃ: ঠাকুৰদাস বন্দ্যোপাধ্যায় আৰু ভগবতী দেৱী
সন্তান: নাৰায়ণচন্দ্ৰ বিদ্যাৰত্ন

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (বঙালী: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ইংৰাজী: Ishwar Chandra Vidyasagar; ১৮১৯ - ১৮৯১) উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বাংলা আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বাংলা লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে।[1]

বাংলা গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশুপাঠ্য বৰ্ণপৰিচয় সহ, একাধিক পাঠ্যপুথি, সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰিছিল। সংস্কৃত, হিন্দী আৰু ইংৰাজীৰ পৰা বাংলালৈ অনুবাদ সাহিত্য আৰু জ্ঞানবিজ্ঞান সংক্ৰান্তীয় বহু ৰচনা কৰিছিল। অন্যদিশে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰকো আছিল। বিধবা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্য বিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। বাংলাৰ নৱজাগৰণৰ এই পুৰোধা ব্যক্তিত্ব দেশৰ সাধৰন জনসাধাৰণৰ ওচৰত ‘দয়াৰ সাগৰ’ নামে পৰিচিত আছিল।[2][3]

বঙালী সমাজত বিদ্যাসাগৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব। পশ্চিমবঙ্গৰ পশ্চিম মেদিনীপুৰত তেখেতৰ স্মৃতিৰক্ষাৰ হেতু বিদ্যাসাগৰ বিশ্ববিদ্যালয় স্থাপিত হৈছে। ৰাজধানী কলকাতাৰ আধুনিক স্থাপত্যৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামতেই উৎসৰ্গিত কৰা হৈছে।

জীৱনী[সম্পাদনা কৰক]

জীৱনাৰম্ভ[সম্পাদনা কৰক]

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ১৮২০ খ্ৰীষ্টাব্দৰ ২৬ ছেপ্টেম্বৰত বৰ্তমান পশ্চিম মেদিনীপুৰ জিলাৰ বীৰসিংহ নামে গাৱত জন্মগ্ৰহণ কৰে।[4] বীৰসিংহ সেই সময়ত হুগলী জিলাৰ অন্তৰ্ভুক্ত আছিল। ঈশ্বৰচন্দ্ৰৰ পিতামহ ৰামজয় তৰ্কভূষণ আছিল সুপণ্ডিত আৰু বলিষ্ঠ দৃঢ়চেতা পুৰুষ। এৱেই ঈশ্বৰচন্দ্ৰৰ নামকৰণ কৰিছিল। ঈশ্বৰচন্দ্ৰৰ পিতৃ ঠাকুৰদাস বন্দ্যোপাধ্যায় কলকাতাত এটা সৰু চাকৰি কৰিছিল। পৰিবাৰৰ সৈতে চহৰত বাস কৰা তেখেতৰ সাধ্যৰ অতীত আছিল। সেই কাৰণে বালক ঈশ্বৰচন্দ্ৰই গাৱতেই মাতৃ ভগৱতী দেৱী আৰু ঠাকুৰমাৰ লগত বাস কৰিছিল।

কলিতাতত অৱস্থিত বিদ্যাসাগৰ ভৱন

শিক্ষাজীৱন[সম্পাদনা কৰক]

পাঁচ বছৰ বয়সত ঠাকুৰদাসে বালক ঈশ্বৰচন্দ্ৰক গাৱৰ সনাতন বিশ্বাসৰ বিদ্যালয়ত ভৰ্তি কৰে। কিন্তু সনাতন বিশ্বাসে বিদ্যাদানতকৈ শাস্তিদানতেই অধিক আনন্দ পাইছিল। সেই কাৰণে ৰামজয় তৰ্কভূষণৰ উদ্যোগত পাৰ্শ্বৱৰ্তী গাৱৰ কালীকান্ত চট্টোপাধ্যায় নামে এজন উৎসাহী যুৱক বীৰসিংহত এখন নতুন বিদ্যালয় স্থাপন কৰে। ৮ বছৰ বয়সত এই বিদ্যালয়তে ঈশ্বৰচন্দ্ৰ ভৰ্তি হয়। তেখেতৰ দৃষ্টিত কালীকান্ত এজন আদৰ্শ শিক্ষক আছিল। কালীকান্তৰ বিদ্যালয়ত তেওঁ সেইসময়ৰ প্ৰচলিত বাংলা শিক্ষা লাভ কৰিছিল।

১৮২৮ চনৰ নৱেম্বৰ মাহত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি উচ্চশিক্ষা লাভৰ বাবে পিতৃৰ সৈতে কলকাতালৈ আহে। তেখেতসকলৰ লগত কলকাতালৈ কালীকান্ত আৰু ভৃত্য আনন্দৰাম গুটিও আহিছিল। কথিত আছে, পদব্ৰজে মেদিনীপুৰৰ পৰা কলকাতালৈ অহাৰ সময়ত পথৰ কাষৰ মাইলফলকসমূহত ইংৰাজী সংখ্যাসমূহ দেখি তেওঁ সেইসমূহ কম আয়াসতেই আয়ত্ত কৰিছিল। কলকাতাৰ বৰবাজাৰ অঞ্চলৰ বিখ্যাত সিংহ পৰিয়ালত তেখেতসকলে আশ্ৰয় লয়। এই পৰিবাৰৰ তেতিয়া জগদ্দুৰ্লভ সিংহ আছিল। ১৮২৯ চনৰ ১ জুনত তেওঁ কলকাতা গভৰ্নমেন্ট সংস্কৃত কলেজত ব্যাকৰণৰ তৃতীয় শ্ৰেণীতে ভৰ্তি হয়। এই সংস্কৃত কলেজৰ প্ৰতিষ্ঠা হৈছিল ১৮২৪ চনত; অৰ্থাৎ, ঈশ্বৰচন্দ্ৰৰ এই কলেজত ভৰ্তি হোৱায়াৰ মাত্ৰ পাঁচ বছৰ আগতে। তেখেতৰ বয়স তেতিয়া ৯ বছৰ আছিল। এই কলেজত তেখেতৰ সহপাঠী আছিল “মুক্তাৰাম বিদ্যাবাগীশ” আৰু নদিয়া-নিবাসী “মদনমোহন তৰ্কালঙ্কাৰ”। বিদ্যাসাগৰৰ আত্মকথাৰ পৰা জনা যায় মুঠ চাৰে তিনি বছৰ তেওঁ সেই শ্ৰেণীত অধ্যয়ন কৰিছিল।

ব্যাকৰণ পঢ়াৰ সময়তেই ১৮৩০ চনত সংস্কৃত কলেজৰ ইংৰেজী শ্ৰেণীটো ঈশ্বৰচন্দ্ৰই নাম লগায়। ১৮৩১ চনৰ মাৰ্চ মাহত বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে মাহেকীয়াকৈ ৫ টকা হাৰে বৃত্তি আৰু ‘আউট ষ্টুডেন্ট’ হিচাপে এখন ব্যাকৰণ গ্ৰন্থ আৰু ৮ টকা পাৰিতোষিক লাভ কৰে। সংস্কৃত কলেজত মাহেকীয়াভাৱে বৃত্তিপ্ৰাপ্ত ছাত্ৰসকলক ‘পে ষ্টুডেন্ট’ আৰু অন্য ছাত্ৰসকলক ‘আউট ষ্টুডেন্ট’ বোলা হৈছিল। ৩ বছৰ ব্যাকৰণ শ্ৰেণীত শিক্ষালাভ কৰা পাছত ১২ বছৰ বয়সত কাব্য শ্ৰেণীত প্ৰৱেশ কৰে। সেইসময়ত এই শ্ৰেণীৰ শিক্ষক আছিল বিশিষ্ট পণ্ডিত “জয়গোপাল তৰ্কালঙ্কাৰ”। ১৮৩৩ চনত ‘পে ষ্টুডেন্ট’ হিচাপেও ঈশ্বৰচন্দ্ৰই ২ টকাকৈ পাই আছিল। ১৮৩৪ চনত ইংৰাজীৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰ ঈশ্বৰচন্দ্ৰই বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে ৫ টকা মূল্যৰ গ্ৰন্থ পাৰিতোষিক হিচাপে পায়। সেই বছৰেই ক্ষীৰপাই নিবাসী শত্ৰুঘ্ন ভট্টাচাৰ্যৰ কন্যা দীনময়ী দেৱীৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হয়।

১৮৩৫ চনত ইংৰাজী পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰূপে পলিটিকেল ৰিডাৰ নং ৩ আৰু ইংলিছ ৰিডাৰ নং ২ পাৰিতোষিক পায়। এই বছৰতে নৱেম্বৰ মাহত সংস্কৃত কলেজৰ পৰা ইংৰাজী শ্ৰেণী বাতিল কৰা হয়। দ্বিতীয় বৰ্ষৰ সাহিত্য পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ১৫ বছৰ বয়সত অলংকাৰ শ্ৰেণীত প্ৰৱেশ কৰে। অলংকাৰ শাস্ত্ৰ এটা অত্যন্ত কঠিন বিষয়। কিন্তু মাত্ৰ এটা বছৰৰ ভিতৰতে তেওঁ সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ আৰু ৰসগঙ্গাধৰ প্ৰভৃতি অলংকাৰ গ্ৰন্থত ব্যুৎপত্তি অৰ্জন কৰে।

১৮৩৬ চনত অলংকাৰ পাঠ শেষ কৰে। বাৰ্ষিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ৰঘুবংশম্, সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ, ৰত্নাৱলী, মালতী মাধব, উত্তৰ ৰামচৰিত, মুদ্ৰাৰাক্ষস, বিক্ৰমোৰ্বশী আৰু মৃচ্ছকটিক গ্ৰন্থ পাৰিতোষিক পাইছিল। ১৮৩৭ চনৰ মে মাহত তেখেত আৰু মদনমোহনৰ মাহেকীয়া বৃত্তি বাঢ়ি ৮ টকা হয়। এই বছৰতে ঈশ্বৰচন্দ্ৰই স্মৃতি শ্ৰেণীত ভৰ্তি হয়। সেই যুগত স্মৃতি পঢ়িব হ’লে আগেয়ে বেদান্ত আৰু ন্যায়দৰ্শন পঢ়িব লাগিছিল। কিন্তু ঈশ্বৰচন্দ্ৰৰ মেধাত সন্তুষ্ট হৈ কৰ্তৃপক্ষই তেঁওক পোণপটিয়াভাৱে স্মৃতি শ্ৰেণীত ভৰ্তি কৰে। এই পৰীক্ষাতো তেওঁ বিৰল কৃতিত্বৰ সৈতে আৰু হিন্দু ল’ কমিটিৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ত্ৰিপুৰাত জিলা জজ পণ্ডিতৰ পদ পাইও পিতৃৰ অনুৰোধত সেয়া প্ৰত্যাখ্যান কৰি বেদান্ত শ্ৰেণীত ভৰ্তি হয়। শম্ভুচন্দ্ৰ বাচস্পতি সেই সময়ত বেদান্তৰ অধ্যাপক আছিল। ১৮৩৮ চনত বেদান্ত পাঠ সমাপ্ত কৰে। এই পৰীক্ষাত তেওঁ প্ৰথম স্থান অধিকাৰ কৰি মনুসংহিতা, প্ৰবোধ চন্দ্ৰোদয়, অষ্টবিংশতত্ত্ব, দত্তক চন্দ্ৰিকা আৰু দত্তক মীমাংসা গ্ৰন্থ পাৰিতোষিক হিচাপে লাভ কৰে। সংস্কৃতত শ্ৰেষ্ঠ গদ্য ৰচনাৰ বাবে ঈশ্বৰচন্দ্ৰই ১০০ টকা পুৰস্কাৰো পাইছিল। ১৮৪০-৪১ চনত ন্যায় শ্ৰেণীত পঢ়ি নাম ভৰ্ত্তি কৰি আৰু দ্বিতীয় বাৰ্ষিক পৰীক্ষাত একাধিক বিষয়ত তেওঁ পাৰিতোষিক লাভ কৰে। ন্যায় পৰীক্ষাত প্ৰথম স্থান অৰ্জন কৰি ১০০ টকা, পদ্য ৰচনাৰ বাবে ১০০ টাকা, দেৱনাগৰী হস্তাক্ষৰৰ বাবে ৮ টকা আৰু বাংলাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰেগুলেশ্যন বিষয়ক পৰীক্ষাত ২৫ টকা – সৰ্বমুঠ ২৩৩ টকা পাৰিতোষিক লাভ কৰি আছিল।

বিদ্যাসাগৰ উপাধি লাভ[সম্পাদনা কৰক]

১৮৩৯ চনত ২২ এপ্ৰিলত ঈশ্বৰচন্দ্ৰই হিন্দু ল’ কমিটিৰ পৰীক্ষা দিয়ে। এই পৰীক্ষাতো কৃতিত্বৰ সৈতে উত্তীৰ্ণ হৈ ১৬ মে’ত ল’ কমিটিৰ পৰা যি প্ৰশংসাপত্ৰখন পায়, তাতেই প্ৰথম তেখেতৰ নামৰ সৈতে 'বিদ্যাসাগৰ' উপাধিটো ব্যৱহৃত হয়। এই প্ৰশংসাপত্ৰখন নিম্নোক্ত ধৰণৰ আছিল:

HINDOO LAW COMMITTEE OF EXAMINATION

We hereby certify that at an Examination held at the Presidency of Fort William on the 22nd Twenty-second April 1839 by the Committee appointed under the provisions of Regulation XI 1826 Issur Chandra Vidyasagar was found and declared to be qualified by his eminent knowledge of the Hindoo Law to hold the office of Hindoo Law officer in any of the Established Courts of Judicature.
H.T. Prinsep
President
J.W.J. Ousely
Member of the Committee of Examination This Certificate has been granted to the said Issur Chandra Vidyasagar under the seal of the committee. This 16th Sixteenth day of May in the year 1839 Corresponding with the 3rd Third Joistha 1761 Shukavda.
J.C.C. Sutherland

Secy To the Committee

(পুৰনি বানান অপৰিৱৰ্তিত ৰূপত দিয়া হৈছে)

সংস্কৃত কলেজত ১২ বছৰ ৫ মাহ অধ্যয়নৰ পাছত তেওঁ এই কলেজৰ পৰাও এখন প্ৰশংসাপত্ৰ লাভ কৰে। ১৮৪১ চনত ডিচেম্বৰ মাহত প্ৰাপ্ত দেৱনাগৰী আখৰত লিখিত এই সংস্কৃত প্ৰশংসাপত্ৰত কলেজৰ অধ্যাপকসকলেও ঈশ্বৰচন্দ্ৰক 'বিদ্যাসাগৰ' নামে অভিহিত কৰে। প্ৰশংসাপত্ৰখন নিম্নোক্ত ধৰণৰ আছিল:

অস্মাভিঃ শ্ৰীঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰায় প্ৰশংসাপত্ৰং দীয়তে। অসৌ কলকাতায়াং শ্ৰীযুত কোম্পানী সংস্থাপিত বিদ্যামন্দিৰে ১২ দ্বাদশ বৎসৰান্ ৫ পঞ্চমাসাংশ্চোপস্থায়াধো লিখিত শাস্ত্ৰান্য ধীতবান্ |

ব্যাকৰণম্... শ্ৰীগঙ্গাধৰ শৰ্ম্মভিঃ


কাম্যশাস্ত্ৰম্... শ্ৰীজয়গোপাল শৰ্ম্মভিঃ
অলঙ্কাৰশাস্ত্ৰম্... শ্ৰীপ্ৰেমচন্দ্ৰ শৰ্ম্মভিঃ
বেদান্তশাস্ত্ৰম্... শ্ৰীশম্ভুচন্দ্ৰ শৰ্ম্মভিঃ
ন্যায়শাস্ত্ৰম্... শ্ৰীজয়নাৰায়ণ শৰ্ম্মভিঃ
জ্যোতিঃশাস্ত্ৰম্... শ্ৰীযোগধ্যান শৰ্ম্মভিঃ
ধৰ্মশাস্ত্ৰম্... শ্ৰীশম্ভুচন্দ্ৰ শৰ্ম্মভিঃ
সুশীলতয়োপস্থিতস্বৈত স্বৈতেষু শাস্ত্ৰেষু সমীচীনা ব্যুৎপত্তিৰজনিষ্ট।
১৭৬৩ এতচ্ছকাব্দীয় সৌৰমাৰ্গশীৰ্ষস্য বিংশতি দিৱসীয়ম্।
Rasamoy Dutt. Secretary.

10 Decr 1841.

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩৫ ত প্ৰকাশিত বৰ্ণপৰিচয় গ্ৰন্থৰ ৫৩তম সংস্কৰণ। বাংলা বৰ্ণশিক্ষাৰ জগতত ১৮৫৫ চনত প্ৰকাশিত গ্ৰন্থখন দেৰশ বছৰ পাছতো আজিও সমানেই জনপ্ৰিয়।

১৮৪১ চনত সংস্কৃত মহাবিদ্যালয়ত শিক্ষা সমাপ্ত হোৱাৰ পাছত সেই বছৰতেই ২৯ ডিচেম্বৰত মাত্ৰ ২১ বছৰ বয়সত “ফ’ৰ্ট উইলিয়াম কলেজ”ৰ বাংলা বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিতৰ পদত নিয়োজিত হয়। তেতিয়া বেতন মাহেকে ৫০ টকা আছিল। ১৮৪৬ চনত ৫ এপ্ৰিল পৰ্যন্ত তেওঁ এই পদৰ দায়িত্বত আছিল। ১৮৪৬ চনত ৬ এপ্ৰিল একেই বেতন হাৰে সংস্কৃত কলেজৰ সহকাৰী সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেতিয়া তেখেতৰ বয়স ২৫ বছৰ আছিল। ১৮৪৭ চনত “সংস্কৃত প্ৰেছ ডিপজিটৰি” নামে এটা গ্ৰন্থৰ বিপনী স্থাপন কৰে। এই বছৰেই এপ্ৰিল মাহত হিন্দী বেতাল পচ্চিসী অৱলম্বনত ৰচিত তেখেতৰ প্ৰথম গ্ৰন্থ বেতাল পঞ্চবিংশতি প্ৰকাশিত হয়। বন্ধু মদনমোহন তৰ্কালঙ্কাৰৰ সম অংশীদাৰীত্বত সংস্কৃত যন্ত্ৰ নামে এটা ছপাখানাও তেওঁ স্থাপন কৰে। অন্নদামঙ্গল কাব্যৰ পাণ্ডুলিপি সংগ্ৰহৰ বাবে এই বছৰেই বিদ্যাসাগৰ নদিয়াৰ “কৃষ্ণনগৰ”লৈ আহে। তেওঁ কৃষ্ণনগৰ ৰাজবাৰীত সংৰক্ষিত মূল গ্ৰন্থৰ পাঠ অনুসৰি পৰিশোধিত আকাৰে দুই খণ্ডত অন্নদামঙ্গল সম্পাদনা কৰিছিল। এই গ্ৰন্থখন সংস্কৃত যন্ত্ৰ প্ৰেছৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। ১৮৪৭ চনত ১৬ জুলাইত কলেজ পৰিচালনাৰ কামত ছেক্ৰেটেৰী ৰসময় দত্তৰ সৈতে মতান্তৰ দেখা দিয়াত সংস্কৃত কলেজৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে।

১৮৪৯ চনত মাৰ্ছমেনৰ হিষ্ট্ৰি অৱ্‌ বেঙ্গলৰ অৱলম্বনত বাংলাৰ ইতিহাস দ্বিতীয় ভাগ গ্ৰন্থখনি ৰচনা কৰে। সেই বছৰেই ১ মাৰ্চত মাহেকে ৮০ টাকা বেতনত “ফোৰ্ট উইলিয়াম কলেজ”ত হেডৰাইটাৰ আৰু কোষাধ্যক্ষ পদত নিয়োজিত হয়। বন্ধু আৰু হিতৈষীসকলৰ সহযোগিতাত সমাজ সংস্কাৰ আন্দোলনৰ লক্ষ্য কৰি সৰ্ব্বশুভকৰী সভা স্থাপনা কৰে। ছেপ্টেম্বৰত উইলিয়াম আৰু ৰবাৰ্ট চেম্বাৰ্স ৰচিত খ্যাতিমান ইংৰাজ মণীষীসকলৰ জীৱনীৰ অৱলম্বনত তেখেতৰ লেখা জীৱনচৰিত গ্ৰন্থখন প্ৰকাশিত হয়। ১৮৫০ চনৰ আগষ্ট মাহত মদনমোহন তৰ্কালঙ্কাৰৰ সহযোগিতাত সৰ্ব্বশুভকৰী পত্ৰিকা প্ৰকাশ কৰে। ইয়াৰ প্ৰথম সংখ্যাত “বাল্যবিবাহৰ দোষ” নামেৰে এটা বাংলা প্ৰবন্ধ প্ৰকাশিত হয়। ৪ ডিচেম্বৰত ফোৰ্ট উইলিয়ামৰ কাম অব্যাহতি দি ৫ ডিচেম্বৰত সংস্কৃত কলেজত সাহিত্যৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। ১৮৫১ চনৰ ৫ জানুৱাৰীত সাহিত্যৰ অধ্যাপকৰ পদৰ বাদেও কলেজৰ অস্থায়ী ছেক্ৰেটেৰীৰ কাৰ্যভাৰো গ্ৰহণ কৰে। ২২ জানুৱাৰীত ১৫০ টকা বেতনত কলেজৰ অধ্যক্ষ পদত নিযুক্ত হয়। এই সময়ৰ পৰাই সংস্কৃত কলেজত ছেক্ৰেটেৰীৰ পদটো বিলোপ কৰা হয়। এপ্ৰিল মাহত ৰুডিমেন্টছ অৱ্‌ ন’লেজৰ অৱলম্বনত তেখেতৰ ৰচিত বোধোদয় গ্ৰন্থখন প্ৰকাশিত হয়। সংস্কৃত কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ তেওঁ বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰে। ৯ জুলাইত পূৰ্ৱৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলক সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ কৰি দিয়ে। ২৬ জুলাইত দেওবাৰৰ সাপ্তাহিক ছুটিৰ প্ৰথা প্ৰৱৰ্তিত হয়। ইয়াৰ আগে প্ৰতি অষ্টমী আৰু প্ৰতিপদ তিথিত ছুটি আছিল। ডিচেম্বৰ মাহত সংস্কৃত কলেজখন সকলো বৰ্ণৰ মানুহৰ বাবে উন্মুক্ত কৰে দিয়ে। ১৮৫২ চনৰ এপ্ৰিল ২৬ ত অনুচ্ছেদ সম্বলিত “নোটছ অন দ্য সংস্কৃত কলেজ” প্ৰস্তুত হয়। ২৮ আগষ্টৰ পৰা কলেজত প্ৰৱেশাৰ্থী ছাত্ৰসকলৰ ২ টকা দক্ষিণা দিয়াৰ প্ৰথা আৰম্ভ হয়।

১৮৫৩ চনত জন্মভূমি বীৰসিংহ গাওঁত অবৈতনিক বিদ্যালয় স্থাপন কৰে। জুন মাহত কালিদাসৰঘুবংশম্ আৰু ভাৰবিৰ কিৰাতাৰ্জ্জুনীয়ম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ছেপ্টেম্বৰ মাহত বাৰাণসীৰ সংস্কৃত কলেজেৰ অধ্যক্ষ জেমছ আৰ ভেলেনটাইন সংস্কৃত কলেজ পৰিদৰ্শন কৰি যি ৰিপৰ্ট দিয়ে, তাৰ মতামত সমালোচনা কৰি শিক্ষা সংসদত এটা বিদ্যাসাগৰে ৰিপৰ্ট দিয়ে। বাংলাৰ শিক্ষাৰ ইতিহাসত এই ৰিপৰ্ট এক যুগান্তকাৰী দলিল। এই বছৰেই তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থ ব্যাকৰণ কৌমুদী প্ৰথম আৰু দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৮৫৪ চনত ব্যাকৰণ কৌমুদী তৃতীয় ভাগ আৰু কালিদাসৰ অভিজ্ঞানশকুন্তলম্ অবলম্বনত তেখেতৰ ৰচিত শকুন্তলা প্ৰকাশিত হয়। ইয়াৰ বাদেও তত্ত্ববোধিনী পত্ৰিকা-ত বিধবা বিবাহ প্ৰচলিত হোৱা উচিতনে? শীৰ্ষক এটা প্ৰবন্ধও প্ৰকাশিত হয়।

১৮৫৫ চনত জানুৱাৰী মাহত বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এইবিষয়ক প্ৰস্তাৱ – প্ৰথম পুস্তক প্ৰকাশিত হয়। এই বছৰৰ এপ্ৰিল মাহত বাংলা নৱবৰ্ষৰ দিনা যুগান্তকাৰী বাংলা শিশুপাঠ্য বৰ্ণমালা শিক্ষাগ্ৰন্থ বৰ্ণপৰিচয় প্ৰকাশিত হয়। ১ মেত সংস্কৃত কলেজৰ অধ্যক্ষৰ পদৰ উপৰিও মাহেকে অতিৰিক্ত ২০০ টকা বেতনত দক্ষিণবঙ্গত সহকাৰী বিদ্যালয় পৰিদৰ্শকৰ পদত নিযুক্ত হয়। জুন মাহত বৰ্ণপৰিচয় গ্ৰন্থৰ দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৭ জুলাইত বাংলা শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যে সংস্কৃত কলেজৰ অধীনত সেই কলেজৰ প্ৰাতঃকালীন বিভাগত নৰ্ম্যাল স্কুল স্থাপন কৰে। এই বছৰতে দক্ষিণবঙ্গৰ ৪ জিলাত একাধিক মডেল স্কুল বা বঙ্গবিদ্যালয় স্থাপন কৰে। আগষ্ট-ছেপ্টেম্বৰত নদিয়াত ৫ খন, আগষ্ট-অক্টোবৰত বৰ্ধমানত ৫ খন, আগষ্ট-ছেপ্টেম্বৰ-নৱেম্বৰ হুগলিত ৫ খন আৰু অক্টোবৰ-ডিচেম্বৰত মেদিনীপুৰ জিলাত ৮ খন বঙ্গবিদ্যালয় স্থাপন কৰে। অক্টোবৰ মাহত বিধবা বিবাহ বিৰোধী মতৰ কণ্ঠৰোধ কৰাৰ পৰ্যাপ্ত শাস্ত্ৰীয় প্ৰমাণ সহ বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব – দ্বিতীয় পুস্তক প্ৰকাশ কৰে। বিধবা বিবাহ আইনসম্মত কৰিবলৈ ভাৰতত নিযুক্ত ব্ৰিটিছ চৰকাৰৰ নিকট বহুসাক্ষৰ সম্বলিত এক আবেদনপত্ৰও পঠিয়াই। ২৭ ডিচেম্বৰত আৰু এখন আবেদনপত্ৰ পঠিয়াই বহু বিবাহ নিবাৰণ বিধিৰ বাবে।

১৮৫৬ চনত ১৪ জানুৱাৰীত মেদিনীপুৰত পঞ্চম বঙ্গবিদ্যালয় স্থাপিত হয়। ফেব্ৰুৱাৰী মাহত ঈশ্বপৰ কাহিনীৰ অৱলম্বনত ৰচিত কথামালা প্ৰকাশিত হয়। ১৬ জুলাইত বিধবা বিবাহ আইনসম্মত হয়। এই দিনাই প্ৰকাশিত হয় তেখেতৰ স্বৰচিত গ্ৰন্থ “চৰিতাবলী”। এই বছৰৰ ৭ ডিচেম্বৰত কলকতাত প্ৰথম বিধবা বিবাহ আয়োজিত হয় ১২ চুকিয়া ষ্ট্ৰিটত বিদ্যাসাগৰৰ বন্ধু ৰাজকৃষ্ণ বন্দ্যোপাধ্যায়ৰ ঘৰত।

১৮৫৭ চনত ২৪ জানুৱাৰীত কলকাতা বিশ্ববিদ্যালয় স্থাপিত হয়। বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ফেলো মনোনীত হয় । উল্লেখ্য এই সমিতিৰ ৩৯ জন সদস্যৰ মাজত মাত্ৰ ছয় জন ভাৰতীয় আছিল। এই বছৰ নৱেম্বৰ-ডিচেম্বৰ মাহত হুগলি জিলাত ৭খন আৰু বৰ্ধমান জিলাত ১ খন বালিকা বিদ্যালয় স্থাপন কৰে। পাছৰ বছৰ জানুৱাৰীৰ পৰা মে মাহৰ মাজত হুগলিত আৰু ১৩খন, বৰ্ধমানত ১০খন, মেদিনীপুৰত ৩খন আৰু নদিয়াত এখন বালিকা বিদ্যালয় স্থাপন কৰে। ১৮৫৭ চনৰ নৱেম্বৰ মাহৰ পৰা ১৮৫৮ চনৰ মে মাহলৈ সমগ্ৰ দক্ষিণবঙ্গত বিদ্যাসাগৰে ৩৫খন বালিকা বিদ্যালয় স্থাপন কৰিছিল। মুঠ ১৩০০ ছাত্ৰীসম্বলিত এই বিদ্যালয়সমূহ চলাবৰ বাবে তেখেতৰ খৰচ হৈছিল মাহেকে ৮৪৫ টকা। ১৮৫৮ চনত ৩ নৱেম্বৰত শিক্ষা বিভাগৰ অধিকৰ্তাৰ সৈতে মতবিৰোধ হোৱাত তেওঁ সংস্কৃত কলেজৰ অধ্যক্ষৰ পদ ত্যাগ কৰে। প্ৰায় ৩৯ বছৰ বয়সত চৰকাৰৰ সৈতে তেখেতৰ সকলো সম্পৰ্ক বিছিন্ন হয়।

১৮৫৮ চনৰ ১৫ নৱেম্বৰত সোমপ্ৰকাশ নামে এখন সাপ্তাহিক পত্ৰিকা প্ৰকাশিত হয়। এই পত্ৰিকা প্ৰকাশৰ পৰিকল্পনাৰ নেপথ্যত বিদ্যাসাগৰৰ যথেষ্ট অৱদান আছিল। দেশীয় ভাষাত প্ৰকাশিত এইখনেই প্ৰথম পত্ৰিকা য’ত ৰাজনৈতিক বিষয়ে স্থান পাইছিল। ১৮৫৯ চনৰ ১ এপ্ৰিলত পাইকপাড়াৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত মুৰ্শিদাবাদ জিলাত বিদ্যাসাগৰে ইংৰাজী -বাংলা স্কুল প্ৰতিষ্ঠা কৰে। কিছুসময় তেওঁ এই প্ৰতিষ্ঠানৰ অবৈতনিক তত্ত্বাবধায়কো আছিল। ১৮৬০ চনৰ ১২ এপ্ৰিলত ভবভূতিৰ উত্তৰ ৰামচৰিত অৱলম্বনত তেখেতৰ মাত্ৰ ৪ দিনত ৰচনা কৰা বিখ্যাত গ্ৰন্থ সীতাৰ বনবাস প্ৰকাশিত হয়।

১৮৬১ চনৰ ডিচেম্বৰ মাহত হৰিশ্চন্দ্ৰ মুখোপাধ্যায়ৰ অকালপ্ৰয়াণত তেখেতৰ সম্পাদিত হিন্দু প্যাট্ৰিয়ট পত্ৰিকাৰ পৰিচালনভাৰ বিদ্যাসাগৰে গ্ৰহণ কৰে। ১৯৬২ চনত তেখেতৰ সম্পাদনাযত প্ৰকাশিত হয় বাণভট্টৰ কাদম্বৰীমাইকেল মধুসূদন দত্তই তেঁওক উৎসৰ্গ কৰে স্বৰচিত বীৰাঙ্গনা কাব্য। ১৮৬৩ চনত চৰকাৰ তেঁওক ৱাৰ্ডছ ইনষ্টিটিউশ্যনৰ পৰিদৰ্শক নিযুক্ত কৰে। উল্লেখ্য, ৮ পৰা ১৪ বছৰ বয়সৰ নাবালক জমিদাৰসকলৰ শিক্ষাদানৰ উদ্দেশ্যে ১৮৫৬ চনত এই ইনষ্টিটিউশ্যন প্ৰতিষ্ঠিত হয়। ১৮৬৪ চনত কলিকাতা ট্ৰেনিং স্কুলৰ নাম পৰিবৰ্তন কৰি কলিকাতা মেট্ৰোপলিটান ইনষ্টিটিউশ্যন ৰখা হয়। ৪ জুলাইত ইংলেণ্ডৰ “ৰয়েল এছিয়াটিক ছচাইটি”য়ে তেঁওক সাম্মানিক সদস্যৰূপে নিৰ্বাচিত কৰে।

১৮৬৬ প্ৰকাশিত হয় তেখেতৰ পৰিমাৰ্জিত আখ্যান মঞ্জৰী গ্ৰন্থৰ প্ৰথম আৰু দ্বিতীয় ভাগ। ১৮৬৭ চনত জুলাই মাহত জেষ্ঠা কন্যা হেমলতাৰ সৈতে গোপালচন্দ্ৰ সমাজপতিৰ বিবাহ হয়। এবছৰ অনাবৃষ্টিৰ কাৰণে বাংলাত তীব্ৰ অন্নসংকটে দেখা দিয়াত তেওঁ বীৰসিংহ গাঁৱত নিজ ব্যয়ে এখন অন্নসত্ৰ স্থাপন কৰে। ছয় মাহ দৈনিক ৪০০-৫০০ মানুহে এই অন্নসত্ৰৰ পৰা অন্ন, বস্ত্ৰ আৰু চিকিৎসাৰ সুযোগ পাইছিল। ১৮৬৯ চনৰ এপ্ৰিল মাহত তেখেতৰ সম্পাদনাত কালিদাসৰ মেঘদূতম্ প্ৰকাশিত হয়। ডিচেম্বৰত প্ৰকাশিত হয় উইলিয়াম শেক্সপিয়েৰ ৰচিত কমেডি অফ এৰৰছৰ অৱলম্বনত ৰচিত বাংলা গ্ৰন্থ ভ্ৰান্তিবিলাস। ১৮৭০ চনত জানুৱাৰী মাহত ডাক্তৰ [মহেন্দ্ৰলাল চৰকাৰৰ বিজ্ঞান সভাত ১০০০ টকা দান কৰে বিদ্যাসাগৰে।

১৮৭২ চনত ১৫ জুনত হিন্দু বিধবাসকলৰ সহাৰ্য্যৰ বাবে “হিন্দু ফেমিলি এনুয়িটি ফাণ্ড” নামে এটা জনহিতকৰ অৰ্থনৈতিক প্ৰতিষ্ঠান স্থাপন কৰে। ১৮৭৩ চনৰ জানুৱাৰী মাহত স্থাপিত হয় মেট্ৰোপলিটান কলেজ। সেইকালৰ এই বেচৰকাৰী কলেজখনেই বৰ্তমান কলকাতাৰ বিখ্যাত বিদ্যাসাগৰ কলেজ নামেৰে অভিহিত। এপ্ৰিল মাহত বহুবিবাহ ৰহিত হওয়া উচিত কিনা এতদ্বিষয়ক বিচাৰ (দ্বিতীয় পুস্তক) প্ৰকাশিত হয়। মে মাহত বিধবা বিবাহ বিৰোধী পণ্ডিতসকলৰ উত্তৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামেৰে ৰচনা কৰে অতি অল্প হইল আৰু আবাৰ অতি অল্প হইল নামে দুখন কিতাপ।

১৮৮০ চনত ১ জানুৱাৰীত বিদ্যাসাগৰে চিআইই উপাধি পায়। মাৰ্চত বাণভট্টৰ হৰ্ষচৰিতম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ১৮৮৪ চনত নৱেম্বৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামে ব্ৰজবিলাস গ্ৰন্থ প্ৰকাশ কৰে। ইয়াৰ বাদেও প্ৰকাশিত হয় ‘কস্যচিৎ তত্ত্বান্বেষিণঃ’ ছদ্মনামে বিধবা বিবাহ আৰু যশোহৰ হিন্দুধৰ্মৰক্ষিণীসভা গ্ৰন্থ। দ্বিতীয় সংস্কৰণত তেওঁ ইয়াৰ নামকৰণ কৰে বিনয় পত্ৰিকা

১৮৮৬ চনত অগষ্টে ‘কস্যচিৎ উপযুক্ত ভাইপোসহচৰস্য’ ছদ্মনামে ৰত্নপৰীক্ষা পুস্তক প্ৰকাশ কৰে। ১৮৮৮ চনৰ এপ্ৰিলত নিষ্কৃতিলাভ প্ৰয়াস, জুনত আখ্যান মঞ্জৰী (দ্বিতীয় ভাগ), জুলাইত পদ্যসংগ্ৰহ নামৰ সংকলন গ্ৰন্থৰ প্ৰথম ভাগ প্ৰকাশ কৰে। ১৩ আগষ্টত পত্নী দীনময়ী দেৱীৰ মৃত্যু হয়। ১৮৮৯ চনত নৱেম্বৰত প্ৰকাশ কৰে সংস্কৃত ৰচনা। ১৮৯০ চনত ১৪ এপ্ৰিল বীৰসিংহ গাঁৱত মাতৃৰ নামেৰে ভগৱতী বিদ্যালয় স্থাপন কৰে। মে মাহত নিৰ্বাচিত উদ্ভট শ্লোকসংগ্ৰহ শ্লোকমঞ্জৰী প্ৰকাশিত হয়।

অন্তিম জীৱন[সম্পাদনা কৰক]

১৮৭৫ চনৰ ৩১ মেত বিদ্যাসাগৰে নিজৰ শেষইচ্ছা (উইল) প্ৰস্তুত কৰে। লিভাৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ বিদ্যাসাগৰ ১৮৯১ চনৰ ২৯ জুলাইৰ ৰাতি ২:০৮ বজাত তেখেতৰ কলকাতাৰ বাদুড়বাগানস্থ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭১ বছৰ ১০ মাহ ৩ দিন। মৃত্যুৰ পাছত ১৮৯১ চনত ছেপ্টেম্বৰত তেখেতৰ অসমাপ্ত আত্মজীৱনী বিদ্যাসাগৰ চৰিত প্ৰকাশ কৰে পুত্ৰ নাৰায়ণচন্দ্ৰ বিদ্যাৰত্নই। ১৮৯২ চনৰ এপ্ৰিলত ৪০৮টি শ্লোকবিশিষ্ট ভূগোল খগোল বৰ্ণনম্ গ্ৰন্থখনো প্ৰকাশিত হয়। পশ্চিম ভাৰতৰ এজন চিভিলিয়ান জন লিয়ৰেৰ প্ৰস্তাৱত বিদ্যাসাগৰে পুৰাণ, সূৰ্যসিদ্ধান্ত আৰু ইউৰোপীয় মত অনুসাৰে এই ভূগোল গ্ৰন্থখন ৰচনা কৰিছিল।

সন্মান[সম্পাদনা কৰক]

স্বাধীনতাৰ পাছত, দেশত বিদ্যাসাগৰক যথোচিত শ্ৰদ্ধা জনোৱা হৈছিল। তেখেতৰ নামত তেখেতৰ জিলা পশ্চিম মেদিনীপুৰত এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয় স্থাপিত হয়। কলিকতাৰ আধুনিক স্থাপত্যৰ অন্যতম নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামে উৎসৰ্গিত হয়। সাক্ষৰতা প্ৰসাৰত তেখেতৰ ধৰ্মনিৰপেক্ষ শিক্ষাদৰ্শই গৃহীত কৰা হয়।

বিদ্যাসাগৰ ৰচিত গ্ৰন্থাবলি[সম্পাদনা কৰক]

শিক্ষামূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • বৰ্ণপৰিচয় (১ম আৰু ২য় ভাগ ; ১৮৫৫)
  • ঋজুপাঠ (১ম, ২য় আৰু ৩য় ভাগ ; ১৮৫১-৫২)
  • সংস্কৃত ব্যাকৰণেৰ উপক্ৰমণিকা (১৮৫১)
  • ব্যাকৰণ কৌমুদী (১৮৫৩)

অনুবাদ গ্ৰন্থ[সম্পাদনা কৰক]

  • হিন্দী পৰা বাংলা
    • বেতাল পঞ্চবিংশতি (১৮৪৭ ; লল্লুলাল কৃত বেতাল পচ্চীসী অবলম্বনত)
  • সংস্কৃতৰ পৰা বাংলা
    • শকুন্তলা (ডিচেম্বৰ, ১৮৫৪ ; কালিদাসৰ অভিজ্ঞানশকুন্তলম্ অবলম্বনত)
    • সীতাৰ বনবাস (১৮৬০ ; ভবভূতিৰ উত্তৰ ৰামচৰিত আৰু বাল্মীকি ৰামায়ণ-ৰ উত্তৰাকাণ্ড অবলম্বনত)
    • মহাভাৰতৰ উপক্ৰমণিকা (১৮৬০; ব্যাসদেব মূল মহাভাৰত-ৰ উপক্ৰমণিকা অংশ অৱলম্বনত)
    • বামনাখ্যানম্ (১৮৭৩ ; মধুসূদন তৰ্কপঞ্চানন ৰচিত ১১৭টি শ্লোকেৰ অনুবাদ)
  • ইংৰাজীৰ পৰা বাংলা
    • বাঙ্গালাৰ ইতিহাস (১৮৪৮ ; মাৰ্শম্যান কৃত হিষ্ট্ৰি অফ বেঙ্গল অৱলম্বনত ৰচিত)
    • জীৱনচৰিত (১৮৪৯ ; চেম্বাৰ্ছৰ বায়োগ্ৰাফিজ অৱলম্বনত ৰচিত)
    • নীতিবোধ (প্ৰথম সাতটি প্ৰস্তাৱ – ১৮৫১; ৰবাৰ্ট আৰু উইলিয়াম চেম্বাৰ্চৰ মৰাল ক্লাস বুক অৱলম্বনত ৰচিত)
    • বোধোদয় (১৮৫১; চেম্বাৰ্চৰ ৰুডিমেন্টচ অফ ন’লেজ অৱলম্বনত ৰচিত)
    • কথামালা (১৮৫৬; ঈশ্বপৰ ফেবলস অৱলম্বনত ৰচিত)
    • চৰিতাবলী (১৮৫৭; বিভিন্ন ইংৰাজী গ্ৰন্থ আৰু পত্ৰপত্ৰিকা অৱলম্বনত ৰচিত)
    • ভ্ৰান্তিবিলাস (১৮৬১; শেক্সপিয়েৰকমেডি অফ এৰৰচৰ অৱলম্বনত ৰচিত)

ইংৰাজী গ্ৰন্থ[সম্পাদনা কৰক]

  • পোয়েটিক্যাল চিলেকশনছ
  • চিলেকশনছ ফ্ৰম গোল্ডস্মিথ
  • চিলেকশনছ ফ্ৰম ইংলি্ছ লিটাৰেচাৰ

মৌলিক গ্ৰন্থ[সম্পাদনা কৰক]

  • সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্য বিষয়ক প্ৰস্তাব (১৮৫৩)
  • বিধবা বিবাহ চলিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব (১৮৫৫)
  • বহুবিবাহ ৰহিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব (১৮৭১)
  • অতি অল্প হইল (১৮৭৩)
  • আবাৰ অতি অল্প হইল (১৮৭৩)
  • ব্ৰজবিলাস (১৮৮৪)
  • ৰত্নপৰীক্ষা (১৮৮৬)
  • প্ৰভাৱতী সম্ভাষণ (সম্ববত ১৮৬৩)
  • জীৱন-চৰিত (১৮৯১ ; মৰণোত্তৰভাৱে প্ৰকাশিত)
  • শব্দমঞ্জৰী (১৮৬৪)
  • নিষ্কৃতি লাভেৰ প্ৰয়াস (১৮৮৮)
  • ভূগোল খগোল বৰ্ণনম্ (১৮৯১ ; মৰণোত্তৰভাৱে প্ৰকাশিত)

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • অন্নদামঙ্গল (১৮৪৭)
  • কিৰাতাৰ্জ্জুনীয়ম্ (১৮৫৩)
  • সৰ্বদৰ্শনসংগ্ৰহ (১৮৫৩-৫৮)
  • শিশুপালবধ (১৮৫৩)
  • কুমাৰসম্ভবম্ (১৮৬২)
  • কাদম্বৰী (১৮৬২)
  • বাল্মীকি ৰামায়ণ (১৮৬২)
  • ৰঘুবংশম্ (১৮৫৩)
  • মেঘদূতম্ (১৮৬৯)
  • উত্তৰচৰিতম্ (১৮৭২)
  • অভিজ্ঞানশকুন্তলম্ (১৮৭১)
  • হৰ্ষচৰিতম্ (১৮৮৩)
  • পদ্যসংগ্ৰহ প্ৰথম ভাগ (১৮৮৮; কৃত্তিবাসি ৰামায়ণ পৰা সংকলিত)
  • পদ্যসংগ্ৰহ দ্বিতীয় ভাগ (১৮৯০; ৰায়গুণাকৰ ভাৰতচন্দ্ৰ ৰচিত অন্নদামঙ্গল পৰা সংকলিত)

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিষয়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • অঞ্জলি বসু (সম্পাদিত); ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ : সংসদ বাঙালি চৰিতাভিধান, সাহিত্য সংসদ, কলকাতা, ১৯৭৬
  • অমৰেন্দ্ৰকুমাৰ ঘোষ; যুগপুৰুষ বিদ্যাসাগৰ : তুলিকলম, কলকাতা, ১৯৭৩
  • অমূল্যকৃষ্ণ ঘোষ; বিদ্যাসাগৰ : দ্বিতীয় সংস্কৰণ, এম চি চৰকাৰ, কলকাতা, ১৯১৭
  • অসিতকুমাৰ বন্দ্যোপাধ্যায়; বাংলা সাহিত্যে বিদ্যাসাগৰ : মণ্ডল বুক হাউস, কলকাতা, ১৯৭০
  • ইন্দ্ৰমিত্ৰ; কৰুণাসাগৰ বিদ্যাসাগৰ : আনন্দ পাবলিশাৰ্স, কলকাতা, ১৯৬৬
  • গোপাল হালদাৰ (সম্পাদিত); বিদ্যাসাগৰৰ ৰচনা সম্ভাৰ (তিনি খণ্ডত): পশ্চিমবঙ্গ নিৰক্ষৰতা দূৰীকৰণ সমিতি, কলকাতা, ১৯৭৪-৭৬
  • বদৰুদ্দিন ওমৰ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু উনিশ শতকেৰ বাঙালি সমাজ : দ্বিতীয় সংস্কৰণ, চিৰায়ত, কলকাতা, ১৯৮২
  • বিনয় ঘোষ ; বিদ্যাসাগৰ ও বাঙালি সমাজ : বেঙ্গল পাবলিচাৰ্ছ, কলকাতা, ১৩৫৪ বঙ্গাব্দ
  • বিনয় ঘোষ ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ : অনুবাদক অনিতা বসু, তথ্য আৰু বেতাৰ মন্ত্ৰক, নতুন দিল্লি, ১৯৭৫
  • ব্ৰজেন্দ্ৰকুমাৰ দে ; কৰুণাসিন্ধু বিদ্যাসাগৰ : মণ্ডল অ্যাণ্ড সন্স, কলকাতা, ১৯৭০
  • মহম্মদ আবুল হায় আনিসুজ্জামন ; বিদ্যাসাগৰ ৰচনা সংগ্ৰহ : ষ্টুডেন্টস ওয়েজ, ঢাকা, ১৯৬৮
  • যোগেন্দ্ৰনাথ গুপ্ত ; বিদ্যাসাগৰ : পঞ্চম সংস্কৰণ, কলকাতা, ১৯৪১
  • যোগীন্দ্ৰনাথ চৰকাৰ ; বিদ্যাসাগৰ : ১৯০৪
  • ৰজনীকান্ত গুপ্ত ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ : ১৮৯৩
  • ৰমাকান্ত চক্ৰবৰ্তী (সম্পাদিত) ; শতবৰ্ষ স্মৰণিকা : বিদ্যাসাগৰ কলেজ, ১৮৭২-১৯৭২ : বিদ্যাসাগৰ কলেজ, ১৯৭২
  • ৰমেশচন্দ্ৰ মজুমদাৰ ; বিদ্যাসাগৰ : বাংলা গদ্যেৰ সূচনা ও ভাৰতৰ নাৰী প্ৰগতি : জেনাৰেল প্ৰিন্টাৰ্স এণ্ড পাবলিচাৰ্ছ, কলকাতা, ১৩৭৬ বঙ্গাব্দ
  • ৰবীন্দ্ৰনাথ ঠাকুৰ ; বিদ্যাসাগৰ-চৰিত : বিশ্বভাৰতী গ্ৰন্থনবিভাগ, কলকাতা
  • ৰাধাৰমণ মিত্ৰ ; কলিকাতায় বিদ্যাসাগৰ : জিজ্ঞাসা, কলিকাতা, ১৯৪২
  • ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী ; চৰিত্ৰ কথা : কলকাতা, ১৯১৩
  • শঙ্কৰীপ্ৰসাদ বসু ; ৰসসাগৰ বিদ্যাসাগৰ : দ্বিতীয় সংস্কৰণ, দে’জ পাবলিশিং, কলকাতা, ১৯৯২
  • শঙ্খ ঘোষ ও দেৱীপ্ৰসাদ চট্টোপাধ্যায় (সম্পাদিত) ; বিদ্যাসাগৰ : ওৰিয়েন্ট, কলকাতা
  • শম্ভুচন্দ্ৰ বিদ্যাৰত্ন ; বিদ্যাসাগৰ চৰিত : কলকাতা, ১২৯৪ বঙ্গাব্দ
  • শম্ভুচন্দ্ৰ বিদ্যাৰত্ন ; বিদ্যাসাগৰ জীৱনচৰিত : কলকাতা
  • শম্ভুচন্দ্ৰ বিদ্যাৰত্ন ; বিদ্যাসাগৰ চৰিত ও ভ্ৰমনিৰাস : চিৰায়ত, কলকাতা, ১৯৯২
  • শশিভূষণ বিদ্যালঙ্কাৰ ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ : জীৱনীকোষ, ভাৰতীয় ঐতিহাসিক, কলকাতা, ১৯৩৬
  • শামসুজ্জামান মান ও সেলিম হোসেন ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ : চৰিতাভিধান : বাংলা একাডেমী, ঢাকা, ১৯৮৫
  • সুনীতিকুমাৰ চট্টোপাধ্যায়, ব্ৰজেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ও সজনীকান্ত দাস (সম্পাদিত) ; বিদ্যাসাগৰ গ্ৰন্থাবলী (তিন খণ্ডে) : বিদ্যাসাগৰ স্মৃতি সংৰক্ষণ সমিতি, কলকাতা, ১৩৪৪-৪৬ বঙ্গাব্দ
  • সন্তোষকুমাৰ অধিকাৰী ; বিদ্যাসাগৰ জীৱনপঞ্জি : সাহিত্যিকা, কলকাতা, ১৯৯২
  • সন্তোষকুমাৰ অধিকাৰী ; আধুনিক মানসিকতা ও বিদ্যাসাগৰ : বিদ্যাসাগৰ ৰিসাৰ্চ ছেন্টাৰ, কলকাতা, ১৯৮৪
  • হৰিসাধন গোস্বামী ; মাৰ্কসীয় দৃষ্টিতে বিদ্যাসাগৰ : ভাৰতী বুক ষ্টল, কলকাতা, ১৯৮৮

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "BANGLAPEDIA: Vidyasagar, Pundit Iswar Chandra". banglapedia.search.com.bd. http://banglapedia.search.com.bd/HT/V_0042.htm। আহৰণ কৰা হৈছে: 2008-12-20. 
  2. "Ishwar Chandra Vidyasagar". www.whereincity.com. http://www.whereincity.com/india/great-indians/literary-persons/ishwar-chandra.php। আহৰণ কৰা হৈছে: 2008-12-20. 
  3. "Ishwar Chandra Vidyasagar: A Profile of the Philanthropic Protagonist". www.americanchronicle.com. Archived from the original on 2013-01-17. http://archive.is/PghFm। আহৰণ কৰা হৈছে: 2008-12-20. 
  4. Lal, Mohan (2006). "Ishvarchandra Vidyasagar". The Encyclopaedia Of Indian Literature. Sahitya Akademi. পৃষ্ঠা. 4567–4569. ISBN 9788126012213. http://books.google.co.in/books?id=KnPoYxrRfc0C&pg=PA4567. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]