২৫ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩  ১৪  ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২৫ আগষ্ট (ইংৰাজী: 25 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৭তম (অধিবৰ্ষত ২৩৮তম) দিন। বছৰ শেষ হ'বলৈ ১২৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৬৬ চনৰ আজিৰ দিনটোতে জীৱবিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হৈছিল। ১৯৩৩ চনত তেওঁ চিকিত্সা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  2. ১৮৯৭ চনৰ আজিৰ দিনটোতে আমেৰিকান ঔপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৮৬৭ চনৰ আজিৰ দিনটোতে বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত মাইকেল ফেৰাডেৰ জন্ম হৈছিল।

তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।

  1. ১৯৪২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সেনানী হেমৰাম বৰা মিলিটেৰীৰ গুলিত মৃত্যুৰ মুখত পৰে।
  2. ১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ মৃত্যু হৈছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ হ’ল অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯১৯ চনত। সম্ভৱত প্ৰথম মহাসমৰৰ পটভূমিত লিখা এইখনেই সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ।
  3. ২০১২ চনৰ আজিৰ দিনটোতে নীল আৰ্মষ্ট্ৰংৰ মৃত্যু হয়। তেখেত আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়কআছিল।

অনান্য[সম্পাদনা কৰক]

  1. ১৫২৪ চনত আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো ডা-গামাৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমণ ঘটিছিল।
  2. ১৮৮৮ আজিৰ দিনটোতেই অসমীয়া সাহিত্য বিষয়ক সংগঠন বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল।
  3. ১৯৮৬ চনৰ আজিৰ দিনটোতে কেমেৰুণত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত ১৫০০ লোকৰ মৃত্যু হয়।
  4. ১৯৬৬ চনৰ আজিৰ দিনটোতে মানৱবিহীন মহাকাশযান ‘‘অৰবিটাৰ-১’’ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল।
  5. ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চম বাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ পাইছিল।

দিৱস[সম্পাদনা কৰক]

  1. আজি উৰুগুৱেৰ স্বাধীনতা দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]