১০ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
১০ আগষ্ট (ইংৰাজী: 10 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২২তম (অধিবৰ্ষত ২২৩তম) দিন। বছৰ শেষ হ'বলৈ ১৪৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৯৩ - ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিলে।
- ১৯৭৭ - আছফ হ’লৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল চনৰ এই দিনটোতে।
- ১৯৭৯ - ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৭৮২ - চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল।
- ১৮১৪ - হেনৰী নেষ্টলেই, জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা।
- ১৮৬০ - ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হয়।
- ১৮৭০ - ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯০৮ চনত।
- ১৮৯৪ - ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত-ৰত্ন বৰাহগিৰি বেংকটগিৰিৰ জন্ম হৈছিল।
- ১৯৩৮ - ফটেহ সিং ৰাথোড়, প্ৰকৃতিবিদ।
- ১৯৬০ - এণ্টনিঅ' বেণ্ডেৰাছ, স্পেইনৰ অভিনেতা আৰু গায়ক।
- ১৯৬৩ - ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী ফুলন দেৱীৰ জন্ম হৈছিল।
- ১৯৯৭ - কাইলী জেনাৰ, আমেৰিকাৰ জনপ্ৰিয় মডেল আৰু ব্য়ৱসায়ী।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯৬ - অটো লিলিয়ানথল, জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে 'ফ্লাইংমেন' হিচাপে বিখ্য়াত।
- ১৯১৫ - হেনৰী ম'জলি (ইংঃ Henry Moseley), ইংৰাজ পদাৰ্থ বিজ্ঞানী, আনৱিক সংখ্য়াৰ (ইংঃ Atomic number or Z)বাবে বিখ্য়াত।
- ১৯৪৫ - বাৰ্ট হাচিংছ গ'ডাৰ্ড, এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়।
- ২০০২ - ইউগেন অ'ডাম (ইংঃ Eugene Odum), জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী।
- ২০১০ - প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ সম্পাদক অতুল বৰদলৈৰ মৃত্যু হৈছিল।
দিৱস[সম্পাদনা কৰক]
- ইকুৱেডৰৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১০ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|