হৰিশংকৰ পৰসাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হৰিশংকৰ পৰসাঈ
জন্ম ২২ আগষ্ট, ১৯২৪
জমানী, হোশাংগাবাদ, মধ্য প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১০ আগষ্ট, ১৯৯৫
জবলপুৰ, মধ্য প্ৰদেশ
পেছা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়

হৰিশংকৰ পৰসাঈ (২২ আগষ্ট, ১৯২৪ - ১০ আগষ্ট, ১৯৯৫) আছিল হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ। তেওঁৰ জন্ম মধ্যপ্ৰদেশৰ হোশাংগাবাদৰ অন্তৰ্গত জমানী নামে ঠাইত হৈছিল। তেওঁ হিন্দী সাহিত্যৰ প্ৰথম ৰচনাকাৰ যিয়ে ব্যংগক এক বিশেষ আসন দিছিল আৰু তাক হাঁহি-ধেমালীৰ মনোৰঞ্জনৰে পৰম্পৰাগত পৰিধিৰে উলিয়াই সমাজৰ ব্যাপক প্ৰশ্নৰ সৈতে বান্ধিছিল। তেওঁৰ ব্যংগ ৰচনাসমূহে আমাৰ মনত হাঁহিৰ সঞ্চাৰ কৰাৰ উপৰিও আমাক সামাজিক বাস্তবিকতাসমূহৰ সন্মুখত ঠিয় কৰাই দিয়ে, যাৰ ফলত কোনো ব্যক্তিৰ বাবে এলাগী হৈ থকাটো প্ৰায় অসম্ভৱ হৈ পৰে। তেওঁৰ ভাষা শৈলী এনেকুৱা আছিল যে পাঠকে লেখকক নিজৰ সন্মুখতেই বহি থকা বুলি অনুভৱ কৰে।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

জীৱন[সম্পাদনা কৰক]

১৮ বছৰ বয়সতে বন বিভাগত তেওঁ চাকৰি জীৱনৰ পাতনি মেলিছিল। ইয়াৰোপৰি খণ্ডবা নামে ঠাইত তেওঁ ছমাহ অধ্যাপনা কৰিছিল। দুবছৰ (১৯৪১-১৯৪৩) জবলপুৰত স্পেছ ট্ৰেইনিং কলেজৰ পৰা শিক্ষকতাৰ উপাধিও লাভ কৰে। ১৯৪২ চনত তাতেই মডেল হাইস্কুলত অধ্যাপনা কৰে। ১৯৫২ চনত তেখেতে চৰকাৰী চাকৰি বাদ দিয়ে আৰু ১৯৫৩ চনৰ পৰা ১৯৫৭ চনলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাকৰি কৰে। ১৯৫৭ চনত চাকৰি এৰি তেখেতে স্বতন্ত্ৰ লেখন কাৰ্যৰ আৰম্ভণি কৰে। জবলপুৰৰ পৰা "বসুধা" নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। কাহিনীকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰৰ উপৰিও তেওঁ ব্যংগকাৰ হিচাপে বিখ্যাত। পৰসাঈ মুখ্যতঃ এজন ব্যংগ লেখক, কিন্তু তেওঁৰ ব্যংগ কেৱল মনোৰঞ্জনৰ কাৰণে নহয়। তেওঁ নিজৰ ব্যংগৰ দ্বাৰা বাৰে বাৰে পাঠকৰ ধ্যান ব্যক্তি আৰু সমাজৰ সেই দুৰ্বলতা আৰু বিসংগতিসমূহৰ প্ৰতি আকৃষ্ট কৰিছিল যিয়ে আমাৰ জীৱনক শোচনীয় কৰিছে। তেওঁ সামাজিক আৰু ৰাজনৈতিক জীৱনত ব্যাপ্ত ভ্ৰষ্টাচাৰ তথা শোষণৰ ওপৰত গাঢ় ব্যংগ ৰচনা কৰিছিল যি হিন্দী ব্যংগ সাহিত্যত অদ্বিতীয়। পৰসাঈয়ে নিজৰ লিখনিক এক সামাজিক কৰ্মৰ ৰূপত পৰিভাষিত কৰে। তেওঁ ভাৱে যে সামাজিক অনুভৱ অবিহনে সত্য আৰু বাস্তৱিক সাহিত্য লিখা সম্ভৱ নহয়। পৰসাঈ মূলতঃ এগৰাকী ব্যংগকাৰ। সামাজিক বিসংগতিবোৰৰ প্ৰতি গভীৰ উদ্বেগ ৰখা লেখকেই প্ৰকৃত ব্যংগকাৰ হ'ব পাৰে। তেওঁৰ সমগ্ৰ সাহিত্য বৰ্তমান সময়ৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হয়।

পুছিয়ে পৰসাঈ চে[সম্পাদনা কৰক]

পৰসাঈয়ে জবলপুৰ তথা ৰায়পুৰৰ পৰা প্ৰকাশিত বাতৰি কাকত "দেশবন্ধু"ত পাঠকক প্ৰশ্নৰ উত্তৰ দিছিল। স্তম্ভৰ নাম আছিল "পুছিয়ে পৰসাঈ চে"। তেখেতে লোকৰ মাজত ইয়াৰ জৰিয়তে সামাজিক-ৰাজনৈতিক ঘটনাসমূহ প্ৰকাশ কৰিছিল। এয়া একপ্ৰকাৰৰ সহজ জন শিক্ষাৰ মাধ্যম আছিল। তেওঁৰ প্ৰশ্নোত্তৰ পঢ়িবলৈ মানুহে আশাৰে অপেক্ষা কৰিছিল।

মুখ্য ৰচনাসমূহ[সম্পাদনা কৰক]

  • কাহিনী সংগ্ৰহ: হচতে হ্যে ৰোতে হ্যে, জৈচে উনকে দিন ফিৰে, ভোলাৰাম কা জীৱ।
  • উপন্যাস: ৰাণী নাগফনী কী কহানী, তট কী খোজ, জ্বালা ঔৰ জল।
  • স্মৃতিকথা: তিৰছী ৰেখায়ে।
  • লেখা সংগ্ৰহ: তব কী বাত ঔৰ থী, ভূত কে পাঁৱ পীছে, বেইমানী কী পৰত, অপনী অপনী বীমাৰী, প্ৰেমচন্দ কে ফটে জুতে, মাটি কহে কম্হাৰ চে, কাগ ভগোড়া, আৱাৰা ভীড্ কে খতৰে, এচা ভী চোচা জাতা হ্যে, বৈষ্ণৱ কী ফিছলন, পগডণ্ডিয়ো কা জমানা, চিকায়ত মুঝে ভী হ্যে, সদাচাৰ কা তাবীজ, বিকলাংগ শ্ৰদ্ধা কা দৌৰ, তুলসীদাস চন্দন ঘীচে, হম এক উম্ৰ চে ৱাকিফ হ্যে।

সন্মান[সম্পাদনা কৰক]

"বিকলাংগ শ্ৰদ্ধা কা দৌৰ"ৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]