২৩ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
২৩ জুলাই (ইংৰাজী: 23 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৪তম (অধিবৰ্ষত ২০৫তম) দিন। বছৰ শেষ হ'বলৈ ১৬১ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৫ চনৰ আজিৰ দিনটোত স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হয়। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
- ১৮৯৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপধ্যায়ৰ জন্ম হয়।
- ১৯০৬ আজিৰ দিনটোতে বিপ্লৱী তথা স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ জন্ম হয়।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হোৱা ডেনিয়েল জেকব ৰেডক্লিফৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৭৫ চনৰ আজিৰ দিনটোতে ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ চিলাই কৰা আইজাক মেৰিট ছিংগাৰৰ মত্যু হয়।
- ১৯৯৪ বৰ্ষৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক ড॰ লীলা গগৈৰ মৃত্যু হৈছিল।
- ২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় কৌতুক অভিনেতা মেহমুদৰ মৃত্যু হয়।
ইত্যাদি[সম্পাদনা কৰক]
- ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
- ১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
- ১৯২৭ চনৰ আজিৰ দিনটোত মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
- ২০০৫ চনৰ আজিৰ দিনটোতে ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
- ১৯৩৭ চনৰ আজিৰ দিনটোতে য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
- ২০১৩ চনৰ আজিৰ দিনটোতে লক্ষীমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৩ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|