লক্ষ্মী সেহগল
লক্ষ্মী সেহগল | |
---|---|
![]() কেপ্তেইন লক্ষ্মী | |
জন্ম | লক্ষ্মী স্বামীনাথন ২৪ অক্টোবৰ, ১৯১৪ পট্টম্বি, মালৱাৰ জিলা, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ কেৰালা) |
মৃত্যু | ২৩ জুলাই, ২০১২ (৯৭ বছৰ) কানপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কুইনছ্ মেৰী কলেজ, চেন্নাই; মাদ্ৰাছ চিকিৎসা মহাবিদ্যালয় |
জনা যায় | বিপ্লৱী, মুক্তি যুঁজাৰু, মাৰ্ক্সবাদী |
দাম্পত্যসঙ্গী | পি.কে.এন. ৰাও (- ১৯৪০) প্ৰেম সেহগল (১৯৪৭- ১৯৯২, তেওঁৰ মৃত্যুৰ পৰ্যন্ত) |
সন্তান | সুভাষিণী আলী, অনিষা পুৰী |
লক্ষ্মী সেহগল (ইংৰাজী: Lakshmi Sahgal ; pronunciation (সহায়·তথ্য), জন্ম লক্ষ্মী স্বামীনাথন; ২৪ অক্টোবৰ ১৯১৪- ২৩ জুলাই ২০১২) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বিপ্লৱী, ‘আজাদ হিন্দ ফৌজ’ৰ কেপ্তেইন আৰু আজাদ হিন্দ চৰকাৰৰ মহিলা বিষয়ক মন্ত্ৰী আছিল। সেহগলক সাধাৰণতে কেপ্তেইন লক্ষ্মী বুলি উল্লেখ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৰ্মাত কাৰাবন্দী কৰা অৱস্থাত তেওঁ আজাদ হিন্দ ফৌজৰ এই পদবীত আছিল।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
১৯১৪ চনৰ ২৪ অক্টোবৰত মালাৱৰ জিলাত, বৰ্তমানৰ কেৰালাৰ অন্তৰ্গত অনক্কাৰাত জন্ম হৈছিল। দেউতাক এচ স্বামীনাথনে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। মাক এ.ভি. আম্মুকুট্টি, যাক আম্মু স্বামীনাথন বুলি বেছি ভালকৈ জনা যায়, এগৰাকী সমাজ কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী আছিল।[1] তেওঁ মৃণালিনী সাৰাভাইৰ বায়েক আছিল।[2][3]
সেহগলে চেন্নাইৰ কুইন মেৰী কলেজত অধ্যয়ন কৰিছিল।[1][4] তাৰ পিছত ‘মাদ্ৰাছ চিকিৎসা মহাবিদ্যালয়’ত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে আৰু ১৯৩৮ চনত এম.বি.বি.এচ. হয়। এবছৰ পিছত 'স্ত্ৰী আৰু প্ৰসুতিৰোগ'ত ডিপ্লোমা লয়।[5] তেওঁ চেন্নাইৰ এখন হাস্পাতালত চিকিৎসা ৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে।[1]
পাইলট পি.কে.এন. ৰাওৰ সৈতে বিবাহ ব্যৰ্থ হোৱাৰ পিছত ১৯৪০ চনত তেওঁ চিংগাপুৰলৈ যায়।[1] চিংগাপুৰত থকা অৱস্থাত তেওঁ সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ কেইজনমান সদস্যক লগ পায়।[1]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 1.4 Kolappan, B. (24 July 2012). "A fulfilling journey that began in Madras". The Hindu (Chennai, India). http://www.thehindu.com/news/cities/chennai/article3675707.ece.
- ↑ "The legacy of Mrinalini Sarabhai’s family". The Indian Express. 11 May 2018. http://indianexpress.com/article/india/mrinalini-sarabhai-ammu-swaminathan-lakshmi-sehgal-5172352/.
- ↑ Menon, Parvathi (23 July 2012). "Captain Lakshmi Sahgal (1914 - 2012) - A life of struggle". The Hindu. https://www.thehindu.com/news/national/captain-lakshmi-sahgal-1914-2012-a-life-of-struggle/article3672666.ece। আহৰণ কৰা হৈছে: 23 October 2019.
- ↑ Asha Krishnakumar (2003). "The end of a women's college?". Frontline খণ্ড 20 (08). http://www.frontline.in/static/html/fl2008/stories/20030425006013300.htm.
- ↑ "Capt Lakshmi Sehgal, chief of INA women’s regiment, passes away at 97". The Telegraph (Calcutta, India). 23 July 2012. http://www.telegraphindia.com/1120723/jsp/frontpage/story_15761639.jsp#.UA0yM2HKnMA.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত লক্ষ্মী সেহগল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Lakshmi Sehgal: A life of struggle and sacrifice - by Sambhavika Sharma
- Rediff interview 2002
- The Pioneers: The Pioneers: Dr. Lakshmi Sehgal
- Indian Express Interview: Despite differences, India is one: Captain Laxmi Sehgal
- Freedom fighter Captain Lakshmi Sahgal dies, NDTV
- Captain Lakshmi, The Economist, 4 August 2012