কে আৰ নাৰায়ণন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কে আৰ নাৰায়ণন
President Clinton with Indian president K. R. Narayanan (cropped).jpg
ভাৰতৰ দশম ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ১৯৯৭ – ২৫ জুলাই ২০০২
প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰাল
অটল বিহাৰী বাজপায়ী
উপ ৰাষ্ট্ৰপতি কৃষণ কান্ত
পূৰ্বসূৰী শঙ্কৰ দয়াল শৰ্মা
উত্তৰসূৰী এ পি জে আব্দুল কালাম
ভাৰতৰ নৱম উপ-ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৭ অক্টোবৰ ১৯৯২ – ২৪ জুলাই ১৯৯৭
ৰাষ্ট্ৰপতি শঙ্কৰ দয়াল শৰ্মা
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
অটল বিহাৰী বাজপায়ী
এইচ ডি দেৱেগৌড়া
ইন্দৰ কুমাৰ গুজৰাল
পূৰ্বসূৰী শঙ্কৰ দয়াল শৰ্মা
উত্তৰসূৰী কৃষণ কান্ত
লোকসভাৰ সদস্য
কাৰ্যকাল
১৯৮৪-৯২
পূৰ্বসূৰী এ কে বালান
সমষ্টি অট্টাপালাম
আমেৰিকালৈ ভাৰতীয় ৰাষ্ট্ৰদূত
কাৰ্যকাল
১৯৮০-৮৪
পূৰ্বসূৰী নানাভয় পালকিভালা
চীন দেশলৈ ভাৰতীয় ৰাষ্ট্ৰদূত
কাৰ্যকাল
৭ জুলাই ১৯৭৬ – ১১নৱেম্বৰ ১৯৭৮
উত্তৰসূৰী ৰাম সাথে
ব্যক্তিগত তথ্য
জন্ম
কোচাৰিল ৰমন নাৰায়ণণ

৪ ফেব্ৰুৱাৰী, ১৯২১
পেৰুমথানম, ট্ৰাভাংকৰ, ব্ৰিটিছশাসিত ভাৰত
(এতিয়া উঝাভুৰ, কেৰেলা, ভাৰত)
মৃত্যু ৯ নৱেম্বৰ, ২০০৫ (৮৫ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ঊষা নাৰায়ণন
সন্তান চিত্ৰা নাৰায়ণন
অমৃতা নাৰায়ণন
শিক্ষানুষ্ঠান কেৰেলা বিশ্ববিদ্যালয় (কলাৰ স্নাতক, কলাৰ স্নাতকোত্তৰ)
লণ্ডন স্কুল অৱ ইক'নমিক্স (বিজ্ঞানৰ স্নাতক)
স্বাক্ষৰ

কোচাৰিল ৰমন নাৰায়ণন (ইংৰাজী: Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।[1] ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়৷ তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল"; যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি" আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত৷[2]

অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল৷ কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই শ্ৰেণীকোঠাৰ বাহিৰত থাকিহে পাঠগ্ৰহণ কৰিছিল৷ তেনেকৈয়ে কষ্ট আৰু দৰিদ্ৰতাৰ মাজত শিক্ষালাভ কৰি নাৰায়ণনে কেৰেলা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থানসহ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিল৷ তাৰপিছত তেওঁ দিল্লীলৈ আহি সংবাদসেৱাৰ লগত জড়িত হৈ পৰে৷ তেনেতে প্ৰখ্যাত উদ্যোগপতি জে আৰ ডি টাটাৰ পৰা সহায় লাভ কৰি তেওঁ লণ্ডনৰ স্কুল অৱ ইক'নমিক্সত নামভৰ্তি কৰে৷ নাৰায়ণন ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কূতনীতিজ্ঞও আছিল৷ ইন্দিৰা গান্ধীৰ অনুৰোধত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ আহে আৰু ৰাজীৱ গান্ধীৰ কেবিনেটত স্থান লাভ কৰে৷[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

কে আৰ নাৰায়ণনৰ জন্ম হৈছিল ১৯২০ চনৰ ২৭ অক্টোবৰত, কেৰেলাৰ ট্ৰেভাংকৰৰ উঝাভুৰ নামৰ গাঁৱত৷ এটি দলিত পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনৰ পিতৃৰ নাম আছিল কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম আছিল পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা৷ সাতোটি সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থটি সন্তান৷

নাৰায়ণনে জীৱনৰ আদিশিক্ষা লাভ কৰিছিল কুৰিচিথানমত থকা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত৷ তাৰপিছত ১৯৩১ চনত উঝাভুৰত থকা "আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়"ত তেওঁ নামভৰ্তি কৰে৷

সেইসসময়ৰ ট্ৰেভাংকুৰ বিশ্ববিদ্যালয়ত (এতিয়াৰ কেৰেলা বিশ্ববিদ্যালয়) নাৰায়ণনে কলাৰ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সেয়া ১৯৪৩ চনৰ কথা৷ উল্লেখনীয় যে, ট্ৰেভাংকুৰৰ সেইখন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ ডিগ্ৰী লাভ কৰা তেঁৱেই আছিল প্ৰথমজন দলিত ছাত্ৰ৷[3]

১৯৪৪ চনত, নাৰায়ণনক জে আৰ ডি টাটাৰ তৰফৰ পৰা ১৬,০০০ টকাৰ এটি বৃত্তি প্ৰদান কৰা হয়৷ সেই বৃত্তিটোৱে তেওঁক লণ্ডন স্কুল অৱ ইক'নমিক্সত ৰাজনীতি, অৰ্থনীতি আৰু সাংবাদিকতা অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰি তোলে৷[4] ১৯৪৫ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু হেৰল্ড লাস্কিৰ অধীনত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে৷[5]

কৰ্ম-জীৱন আৰু ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

  • ইংলেণ্ডলৈ শিক্ষালাভ কৰিবলৈ যোৱাৰ আগতে নাৰায়ণন দিল্লীলৈ যায় আৰু সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷ তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী "দ্যা হিন্দু" আৰু "দ্যা টাইমছ্ অৱ ইণ্ডিয়া"ত কাম কৰে৷ মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়৷ তাৰপিছতেই তেওঁ টাটাৰ পৰা বৃত্তিটো লাভ কৰে৷
  • বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চনত ভাৰতলৈ ঘূৰি আহে৷ নাৰায়ণনৰ অধ্যাপক আৰু সেই সময়ৰ প্ৰসিদ্ধ ৰাজনৈতিক তত্ত্ববিদ হেৰল্ড লাস্কিয়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ নাৰায়ণনৰ হৈ এখনি পৰিচয়পূৰ্বক পত্ৰ প্ৰেৰণ কৰে৷
  • ভাৰতলৈ আহি নাৰায়ণনে নেহৰুক সাক্ষাৎ কৰে আৰু ভাৰতীয় বৈদেশিক সেৱাত ১৯৪৯ চনত নিযুক্তি লাভ কৰে৷
  • বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নাৰায়ণনে ৰেংগুন, টকিঅ', লণ্ডন, কানাবেৰা আদি ঠাইত কূটনীতিবিদ হিচাপে দায়িত্ব পালন কৰে৷ ১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা পদত্যাগ কৰে৷
  • পদত্যাগৰ পাছত, তেওঁ কিছুদিনৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়৷
  • ১৯৮০ চনত ইন্দিৰা গান্ধীয়ে কে.আৰ. নাৰায়ণনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰে৷ ১৯৮২ চনত ৰ'নাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে ইন্দিৰা গান্ধীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু সেই ঐতিহাসিক ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কে.আৰ. নাৰায়ণনে৷ সেই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কটোৰ কিছু উন্নত হৈছিল৷[3]
  • ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ অনুৰোধ ৰক্ষা কৰি নাৰায়ণনে ভোট ৰাজনীতিত যোগদান কৰে আৰু ১৯৮৪, ১৯৮৯ আৰু ১৯৯১ চনত সংসদলৈ নিৰ্বাচিত হয়৷
  • ২১ আগষ্ট ১৯৯২ চনত নাৰায়ণন বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়৷ ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ ভাৰতৰ নৱমজন উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে৷
  • উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৯৭ চনৰ ২৫ জুলাইত কাৰ্যালয়ত বহে৷ ভাৰতৰ উচ্চতম কাৰ্যালয়টোত বহা তেঁৱেই আছিল প্ৰথমজন দলিত৷ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি ২০০২ চনত তেওঁ সেই পদ ত্যাগ কৰে৷[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ভাৰতীয় বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বাৰ্মাত থাকোঁতে নাৰায়ণনে মা টিণ্ট টিণ্ট নামৰ এগৰাকী সমাজকৰ্মীক লগ পায়৷ ১৯৫১ চনৰ ৮ জুনত তেওঁৰ লগতেই নাৰায়ণন বিবাহপাশত আৱদ্ধ হয়৷ বিবাহৰ পাছত তেওঁৰ পত্নীয়ে পূৰ্বৰ নামটো সলাই ঊষা নামটো গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে৷ পাছলৈ তেওঁলোকৰ দুটি কন্যা সন্তান হয়৷[3]

গ্ৰন্থ[সম্পাদনা কৰক]

ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত নাৰায়ণনে একাধিক গ্ৰন্থৰ সহ-ৰচনা কৰে৷ তাৰে ভিতৰত কেইখনমান হৈছে- (১) ইণ্ডিয়া এণ্ড আমেৰিকা: এছেইছ ইন আণ্ডাৰষ্টেণ্ডিং(১৯৮৪) আৰু নন-এলাইনমেণ্ট ইন কনটেম্পৰাৰি ইণ্টাৰনেশ্যনেল ৰিলেছনছ্(১৯৮১)৷[6]

মৃত্যু[সম্পাদনা কৰক]

২০০৫ চনৰ ৯ নৱেম্বৰত, ৮৫ বছৰ বয়সত কে আৰ নাৰায়ণনে শেষনিশ্বাস ত্যাগ কৰে৷[6] তেওঁ নিয়মনিয়াত আক্ৰান্ত হৈ আছিল৷ তেওঁৰ দেহাৱসানৰ পিছত গঠিত হোৱা কে.আৰ.নাৰায়ণনৰ সংস্থাই তেওঁৰ আদৰ্শ আৰু স্মৃতি সংৰক্ষণৰ হেতু বিভিন্ন কাম কৰি আছে৷[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sh. K.R. Narayanan | Vice President of India | Government of India". https://vicepresidentofindia.nic.in/former-vice-president/sh-kr-narayanan. 
  2. "Shri K. R. Narayanan, President of India, in Conversation with N. Ram on Doordarshan and All India Radio". The Hindu. 14 August 1998. Archived from the original on 12 November 2005. https://web.archive.org/web/20051112190818/http://www.hindu.com/thehindu/nic/narayanankr.pdf। আহৰণ কৰা হৈছে: 25 October 2015. 
  3. 3.0 3.1 3.2 3.3 3.4 "K. R. Narayanan". https://www.thefamouspeople.com/profiles/k-r-narayanan-6400.php. "K. R. Narayanan". https://www.thefamouspeople.com/profiles/k-r-narayanan-6400.php. 
  4. "Science Notes and News". Current Science খণ্ড 13 (6): 168. June 1944. https://www.currentscience.ac.in/Downloads/article_id_013_06_0167_0169_0.pdf। আহৰণ কৰা হৈছে: 23 June 2019. 
  5. LSE counts K. R. Narayanan among its distinguished alumni Archived 3 February 2009 at the Wayback Machine.; his portrait has been unveiled and placed in a position of honour; B. R. Ambedkar is the only other Indian to have been similarly honoured. . Retrieved 24 February 2006."Archived copy". Archived from the original on 3 February 2009. https://web.archive.org/web/20090203125621/http://www.lse.ac.uk/collections/LSEIndia/pastAndPresent.htm। আহৰণ কৰা হৈছে: 2005-09-08. 
  6. 6.0 6.1 "Remembering KR Narayanan with 15 facts on the former President of India". August 19, 2018. https://www.indiatoday.in/education-today/gk-current-affairs/story/k-r-narayanan-349469-2016-11-09. 
  7. https://www.sunsigns.org/famousbirthdays/d/profile/k-r-narayanan/