জাকিৰ হুছেইন (ৰাজনীতিবিদ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাঃ জাকিৰ হুছেইন
ذاکِر حسین
জাকিৰ হুছেইন (ৰাজনীতিবিদ)

দপ্তৰৰ কাৰ্যকাল
১৩ মে ১৯৬৭ – ৩ মে ১৯৬৯
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
উপ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকট গিৰি
পূৰ্বসূৰী সৰ্বপল্লী ৰাধাকৃষ্ণণ
উত্তৰসূৰী বৰাহগিৰি ভেংকট গিৰি(সাময়িকী)

দপ্তৰৰ কাৰ্যকাল
১৩ মে ১৯৬২ – ১২ মে ১৯৬৭
ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ
পূৰ্বসূৰী সৰ্বপল্লী ৰাধাকৃষ্ণণ
উত্তৰসূৰী বৰাহগিৰি ভেংকটগিৰি

দপ্তৰৰ কাৰ্যকাল
৬ জুলাই ১৯৫৭ – ১১ মে ১৯৬২
মুখ্যমন্ত্ৰী কৃষ্ণ সিংহা
দীপ নাৰায়ণ সিংহা
পূৰ্বসূৰী আৰ আৰ দিবাকৰ
উত্তৰসূৰী এম এঅ আয়েংগাৰ

জন্ম ফেব্ৰুৱাৰী ৮ , ১৮৯৭
হায়দ্ৰবাদ ৰাজ্য বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ, ব্ৰিটিশ ভাৰত[1]
মৃত্যু মে' ৩ , ১৯৬৯ (৭২ বছৰ)
নতুন দিল্লী, দিল্লী, ভাৰত
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্য সঙ্গী চাহজাহান বেগম
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয়
হামবল্ডট বিশ্ববিদ্যালয়, বাৰ্লিন
ধৰ্ম ইছলাম

ডাঃ জাকিৰ হুছেইন (ইংৰাজী: Dr. Zakir Hussain) (১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল। ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। জাকিৰ হুছেইনৰ নিঃস্বাৰ্থ দেশসেৱা আৰু বিশাল প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্ম-বিভূষণ উপাধি প্ৰদান কৰি সন্মনিত কৰিছিল আৰু ১৯৬৩ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰে।[2]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

জাকিৰ হুছেইনৰ ১৮৯৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে দাক্ষিণাত্যৰ হায়দৰাবাদত এটি আফগান পৰিয়ালত জন্ম হয়। তেওঁৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ ফৰুৰখাবাদ জিলাৰ কায়মগঞ্জৰ আছিল। তেওঁৰ পিতাক এগৰাকী আইনজীৱী আছিল আৰু তেওঁ আইন-ই-দোকান সম্পৰ্কীয় আলোচনী এখনৰ সম্পাদক আছিল। মাত্ৰ ৯ বছৰ বয়সত ডাঃ হুছেইনৰ পিতাক ঢুকাইছিল। পিতাকৰ মৃত্যুৰ পিছত, তেওঁলোকৰ পৰিয়াল উত্তৰ প্ৰদেশৰ ইটোৱা নামৰ এডোখৰ ঠাইলৈ উঠি আহে আৰু তাতে তেওঁ আন তিনিজন ভায়েকৰ সৈতে স্কুলত ভৰ্তি হয়।[2]

শিক্ষা জীৱন[সম্পাদনা কৰক]

ডাঃ হুছেইনৰ প্ৰাৰম্ভিক শিক্ষা ফৰুৰখাবাদ জিলাৰ ইটোৱাৰ ইছলামীয়া হাইস্কুলৰ পৰাই লাভ কৰে। তেওঁৰ এজন গৃহ শিক্ষকে তেওঁৰ পঢ়াশুনাত সাহায় কৰিছিল,যথা সময়ত হাইস্কুলীয়া শিক্ষা শেষ কৰি, ১৯১৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হয়। উক্ত বিশ্ববিদ্যালয়ত থাকোঁতে জাকিৰে এজন জনপ্ৰিয় ছাত্ৰনেতা হিচাপে পৰিচয় দিছিল। সেইসময়তে তেওঁৰ প্ৰতিবা অনুসন্ধিত্সু মন, বাগ্মিতা, কৌতুক আৰু যুক্তিপূৰ্ণ কথা-বতৰাই লগৰীয়াসকলক মুগ্ধ কৰিছিল আৰু তেওঁলোকে তেওঁক আখ্যা দিছিল মুৰশ্বিদ (গুৰু বা পথ প্ৰদৰ্শক) বুলি।[2] সৰুৰে পৰাই তেওঁ বাতৰি কাকত পঢ়া এটা অভ্যাসত পৰিণত কৰিছিল আৰু বাতৰি কাকতৰ তাত্পৰ্য আৰু ভূমিকা সম্পৰ্কে লগৰ বন্ধু-বান্ধৱৰ আগত ব্যাখ্যা কৰিছিল। মাত্ৰ ১৬ বছৰ বয়সতে, ইটালী আৰু তুৰ্কীস্থানৰ মাজত হোৱা যুদ্ধত তুৰ্কীস্থানক তেওঁৰ সামান্য শক্তিৰে হলেও সহায় কৰিবলৈ আগবাঢ়িছিল। সকলো ছাত্ৰৰ পৰা পইছা তুলি আৰু প্ৰতি শুক্ৰবাৰে নামাজলৈ গৈ নামাজৰ শেষত তেওঁৰ মূৰৰ টুপীটো সোলোকাই তুৰ্কী সাহায্যৰ অৰ্থে বৰঙণি তুলিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই এম-এ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ইউৰোপলৈ যায় আৰু জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। তেওঁ ১৯২২ চনৰ পৰা ১৯২৬ চলৈ জাৰ্মানীত কটায় আৰু এদিন তাৰপৰাই সাহিত্য আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰি ডি. ফিল. উপাধি লাভ কৰিবলৈ সমৰ্থ হয়। তেওঁ বিদেশত কটোৱা দিবোৰত পশ্চিমৰ জীৱন যাত্ৰাৰ ঢলত নিজকে উটুৱাই নিদি--অধ্যয়নতহে বেছিভাগ সময় মগ্ন আছিল। আজৰি সময়ত প্ৰিণ্টিং আৰু কম্পজিঙৰ কামত নিজক ব্যস্ত ৰাখিছিল আৰু গালিবৰ এটা সংস্কৰণ প্ৰকাশ কৰিছিল। কলিকতা, দিল্লী, আলিগড়, এলাহাবাদ, কাইৰো আদি বিশ্ববিদ্যালয়ে তেওঁক ডি-লিট উপাধিৰে সন্মনিত কৰিছিল।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আদৰ্শ দাঙি ধৰে তেতিয়াই গান্ধীজীয়ে ডাঃ হুছেইনক বুনিয়াদী শিঙাৰ জাতীয় কমিটীৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু তেওঁ তাৰ সভাপতি নিযুক্ত হয়। ডাঃ হুছেইনেই আছিল বুনিয়াদী শিক্ষাৰ বিতং কাৰ্যসূচী প্ৰস্তুত কৰোঁতা আৰু প্ৰতিষ্ঠাতা। হেকিম আজমল খাঁ আৰু ভাতৃদ্বয় মঃ আলি চৌকত আলিৰে সৈতে লগহৈ দিল্লীত তেওঁ জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰি ১৯২৬ চনৰ পৰা ১৯৪৮ চনলৈ তাৰ উপাচাৰ্য হিচাপে কাৰ্যনিবাৰ্হ কৰিছিল। পিছত তেওঁ আচাৰ্যও নিযুক্ত হৈছিল। জামিয়া-মিলিয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য অৱদান আছিল। ইয়াৰ জৰিয়তে ছাত্ৰ সমাজক স্বাৱলম্বিতা আৰু জাতীয়তাবাদৰ শিক্ষাৰে অনুপ্ৰানিত কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰো উপৰি এই অনুষ্ঠানটিৰ স্বাৰ্থত শিক্ষক সকলে সম্পূৰ্ণ ২০ বছৰ পৰ্য্যন্ত মাহে ৮০ টকা দৰমহাত কাম কৰিছিল। ১৯৪৬ চনত এই শিক্ষানুষ্ঠানটিৰ ৰূপালী জয়ন্তী উত্সৱত পণ্ডিত জৱাহৰলাল নেহৰু, জিন্ন, কৃপালনি, লিয়াকত আলি খান আৰু ৰাজাজী প্ৰমূখ্যে নেতৃবৰ্গই যোগদান কৰি ডাঃ জাকিৰ হুছেইনে অনুষ্ঠাটিলৈ আগবঢ়াই অহা নেতৃত্বক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে। ১৯৪৮ চনত তেওঁ মৌলানা আব্দুল কালাম আজাদৰ অনুৰোধ ক্ৰমে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মনোনীত হয়। একেৰাহে ১৯৫৬ চনলৈকে তেওঁ উক্ত পদত অধিষ্ঠিত আছিল।[2]

১৯৪৮ চনত জাকিৰ হুছেইনক জৱাহৰলাল নেহৰুৱে ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ ১৯৫৭ চনলৈকে কাম কৰিছিল। এই সময়ছোৱাতে তেওঁ শিক্ষা সম্বন্ধীয় কমিটী, আয়োগ, সন্মিলন আদিৰ লগত তেওঁ ঘনিষ্ঠাভাৱে জড়িত আছিল। তেওঁ কেইবাবাৰো ৰাষ্ট্ৰীয় ছাত্ৰ সেৱা ভাৰত কমিটীৰ চেয়াৰমেন থকাৰ উপৰিও ১৯৫৫ চনৰপৰা ১৯৫৭ চনলৈকে জেনেভাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰো চেয়াৰমেন ৰূপে নিযুক্ত হৈছিল। ১৯৫৬ চনৰ পৰা ১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ইউনেস্কোৰ কাৰ্য নিৰ্বাহক সদস্য নিয়োজিত হয়। ১৯৫৭ চনৰ পৰা তেওঁ বিহাৰৰ ৰাজ্যপাল পদতো অধিষ্ঠিত হৈছিল। তেওঁ পাঁচ বছৰ কাল অতি কাৰ্যদক্ষতাৰে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াই বিহাৰৰ ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হয়। এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰাত বিশ্ববাসী আচৰিত হৈছিল।[2] জাকিৰ হুছেইনৰ ১৯৬৯ চনৰ ৩ মে'ৰ দিনা শনিবাৰে ১১:২০ বজাত মৃত্যু ঘটে।

উৰ্দু ভাষালৈ ভাঙনি গ্ৰন্থৰাজী[সম্পাদনা কৰক]

  1. কেপিটেলিজম,
  2. এডুকেচনেল ৰিকনষ্ট্ৰীকচন ইন ইণ্ডিয়া,
  3. দি ডাইনেমিক ইউনিভাৰচিটী,
  4. ৰিপাব্লিক,
  5. ফেডাৰিখ লিষ্টব নেচনেল চিষ্টেম অব ইক'নমিক্স,
  6. এলিমেণ্টছ অৱ ইক'নমিক্স,
  7. আব্বুখান কী বক্ৰি,
  8. চৰ্দাৰ বল্লভ ভাই পেটেল,

পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

  1. ভাৰত ৰত্ন (১৯৬৩),
  2. পদ্ম বিভূষণ (১৯৫৪),


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Zakir Husain, Encyclopædia Britannica Online, 12 Feb 2012, http://www.britannica.com/EBchecked/topic/277416/Zakir-Husain, r কৰা হৈছে: 13 May 2012 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৬৯. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
R. R. Diwakar
Governor of Bihar
1957–1962
পৰৱৰ্তী
Madabhushi Ananthasayanam Ayyangar
পূৰ্বৱৰ্তী
Sarvepalli Radhakrishnan
Vice President of India
1962–1967
পৰৱৰ্তী
Varahagiri Venkata Giri
President of India
1967–1969