সমললৈ যাওক

মোক্ষগুণ্ডম বিশ্বেশ্বৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ

শ্ৰী মোক্ষগুণ্ডম বিশ্বেশ্বৰায়


(নাইট কমাণ্ডাৰ অৱ ব্ৰিটিছ ইণ্ডিয়ান এম্পায়াৰ)
ভাৰত ৰত্ন
.ಶ್ರೀ.ಸರ್.ಎಂ.ವಿಶ್ವೇಶ್ವರಯ್ಯ

৩০ৰ দশকত বিশ্বেস্বৰ্য
মহীশূৰ ৰাজ্যৰ দিৱান
কাৰ্যকাল
১৯১২  ১৯১৮
ৰাজশাসক কৃষ্ণ ৰাজা ৱাদিয়াৰ পঞ্চম
পূৰ্বসূৰী টি. আনন্দ ৰাও
উত্তৰসূৰী এম. কান্তৰাজ উৰ্চ
ব্যক্তিগত তথ্য
জন্ম ১৫ ছেপ্টেম্বৰ, ১৮৬১
মুদ্দীনহল্লী,চিক্কাবাল্লাপূৰ, মহীশূৰ ৰাজ্য (বৰ্তমান কৰ্ণাটক), ব্ৰিটিছ ভাৰত
মৃত্যু ১২ এপ্ৰিল, ১৯৬২ (১০০ বছৰ)
বাংগালোৰ, মহীশূৰ ৰাজ্য, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলেজ অফ ইঞ্জিনীয়াৰিং পুণে
জীৱিকা অভিযন্তা

মোক্ষগুণ্ডম বিশ্বেশ্বৰায় (ইংৰাজী: Mokshagundam Visvesvaraya) (১৫ ছেপ্টেম্বৰ ১৮৬১ ― ১২ এপ্ৰিল ১৯৬২)[1] এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক। তেওঁ ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰৰ দেৱান আছিল। ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তেওঁৰ অতুলনীয় অৱদানৰ বাবে ৰজা জৰ্জ পঞ্চমে তেওঁক "নাইট কমাণ্ডাৰ অফ ব্ৰিটিছ এম্পযাৰ" উপাধি প্ৰদান কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ গোটেই ভাৰতত তেওঁৰ স্মৃতিত অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনোত্তৰ কালত তেওঁ এজন প্ৰসিদ্ধ অভিযন্তা আছিল। তেওঁ মহীশূৰৰ কৃষ্ণ ৰাজা সাগৰ নদী বান্ধৰ তেওঁ মুখ্য অভিযন্তা আছিল আৰু নদী বন্ধটোৰ নিৰ্মাণত তেওঁ নিঃস্বাৰ্থ অৱদান আগ বঢ়াইছিল। তদুপৰি তেওঁ হায়দৰাবাদ মহানগৰীৰ বানপানী সুৰক্ষা তন্ত্ৰৰ মুখ্য নক্সা প্ৰস্তুত কৰোঁতা আছিল।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে মহীশূৰ ৰাজ্যৰ বাংগালোৰৰ চিক্কাবাল্লাপূৰ জিলাৰ মুদ্দেনাহল্লী গাওঁত মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্ম হৈছিল।[2]তেওঁৰ পিতৃৰ নাম মোক্ষগুণ্ডম শ্ৰীনৱাস শাস্ত্ৰী আৰু মাতৃৰ নাম বেংকটলক্ষ্মম্মা।[3]মাত্ৰ ১২ বছৰ বয়সত তেওঁ পিতৃক হেৰুৱাব লগীয়া হৈছিল। তেওঁ চিক্কাবাল্লাপূৰত প্ৰাথমিক শিক্ষা আৰু বাংগালোৰত উচ্চ মাধ্যমিক শিক্ষা লাভ কৰিছিল। তাৰ পিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাংগালোৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ১৮৮১ চনত পুনেৰ বিখ্যাত কলেজ অফ ইঞ্জিনীয়াৰিঙৰ পৰা চিভিল ইঞ্জিনীয়াৰিং অধ্যয়ন কৰে।[4][5] বিশ্বেশ্বৰায় পোন প্ৰথমে মুম্বাইৰ গড়কাপ্তানী বিভাগৰ চাকৰিত যোগ দিয়ে। পিছলৈ তেওঁক ভাৰতীয় জলসিঞ্চন আয়োগত যোগ দিবলৈ নিমন্ত্ৰণ জনোৱা হয়। ডেক্কান অঞ্চলৰ জলসিঞ্চন ব্যৱস্থাত তেওঁ এক অতি জটিল তন্ত্ৰ সংস্থাপন কৰিছিল।

তেওঁ এটা স্বয়ংক্ৰিয় বান্ধৰ পানী নিয়ন্ত্ৰণ কৰে চুইচ গেট এটা নিৰ্মাণ কৰিছিল। এই গেট পোন প্ৰথমে ১৯০৩ চনত পুনেৰ ওচৰৰ খাডাকভচলা বান্ধৰ জলাশয়ত ব্যৱহাৰ কৰা হৈছিল। জলাশয়ৰ পানীৰ যোগান সৰ্বোচ্চ অৱস্থাত যোগান ধৰিবলৈ আৰু কোনো ক্ষয় ক্ষতি নকৰাকৈ সংৰক্ষণ কৰিবলৈ এই গেট ব্যৱহাৰ কৰা হৈছিল। অভূতপূৰ্ব সফলতাৰ পিছত এই গেট গোৱালীয়ৰৰ তিগৰা বান্ধ আৰু কৰ্ণাটকৰ কৃষ্ণ ৰাজা সাগৰ বান্ধত ব্যৱহাৰ কৰা হয়।

১৯০৬-০৭ চনত ভাৰত চৰকাৰে তেওঁক পানী যোগান আৰু জলনিৰ্গমণ ব্যৱস্থা অধ্যয়ন কৰিবলৈ ইডেনলৈ পঠিয়ায়। তেওঁ প্ৰস্তুত কৰা প্ৰকল্প ইডেনত সফলভাবে প্ৰয়োগ কৰা হয়।[6]

হায়দৰাবাদ নগৰৰ বানপানীৰ বাবে এটা জলনিৰ্গমণ ব্যৱস্থা প্ৰস্তুত কৰি বিশ্বেশ্বৰায় অতি জনপ্ৰিয় হৈ পৰে। বিশাখাপত্তনম বন্দৰত সাগৰৰ পৰা হোৱা খহনীয়া ৰোধ কৰিবলৈ এটা ব্যৱস্থা হাতত লৈছিল[7] কাবেৰী নদীৰ ওপৰৰ কৃষ্ণ ৰাজা সাগৰ বান্ধৰ পৰিকল্পনাৰ পৰা উদ্বোধনৰ লৈকে সকলো কাৰ্য তেওঁ নিৰীক্ষণ কৰিছিল। তেতিয়া এই বান্ধ এছিয়াৰ বৃহত্তম পানী সংৰক্ষণৰ জলাশয় আছিল।[8]

মহীশূৰ ৰাজ্যৰ দেৱান পদত থকা সময়ত তেওঁক "আধুনিক মহীশূৰৰ(বৰ্তমান কৰ্ণাটক পিতৃ" বুলি কোৱা হৈছিল। মহীশূৰ চাবোন ফেক্টৰী, দা পেৰাচাইটঅইড লেবটৰী, দা মহীশূৰ আইৰণ এণ্ড ষ্টীল ৱৰ্কচ ( বৰ্তমান বিশ্বেশ্বৰায় আইৰণ এণ্ড ষ্টীল লিমিটেড) , শ্ৰী জয়চামৰাজেন্দ্ৰ পলিটেকনিক ইনষ্টিটিউট , বাংগালোৰ কৃষি বিশ্ববিদ্যালয়, ষ্টেট বেংক অফ মহীশূৰ, ছেনচুৰী ক্লাব, মহীশূৰ বাণিজ্য কোষ, বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় কলেজ অফ ইঞ্জিনীয়াৰিং ইত্যাদি আন বিহুটো অনুষ্ঠান তেওঁৰ কাৰ্যকালতে প্ৰতিষ্ঠা কৰা হৈছিল। উদ্যোগ ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগৰ বাবে তেওঁ দেৱান হিচাপে প্ৰেৰণা যোগাইছিল। তেওঁ তিৰূমালাৰ পৰা তিৰূপতিলৈ যোৱা ৰাস্তাৰ পৰিকল্পনা আৰু নিৰ্মাণ কৰাইছিল। বিনয়, সময় ব্যৱস্থাপনা আৰু কামৰ প্ৰতি উছৰ্গিত মনোভাৱৰ বাবে তেওঁ জনাজাত আছিল।

থোৰতে কৰ্মজীৱন পৰিক্ৰমা

[সম্পাদনা কৰক]
  • মুম্বাইত সহকাৰী অভিযন্তা হিচাপে চাকৰিত যোগদান, ১৮৮৫;
  • চুকুৰ পৌৰসভাত পানী সম্পৰ্কীয় কামৰ নক্সা প্ৰস্তুতকৰণ আৰু প্ৰয়োগ, ১৮৯৪-৯৫
  • কাৰ্যবাহী অভিযন্তা, চুৰত, ১৮৮৬
  • সহকাৰী নিৰীক্ষক অভিযন্তা, পুনে ১৮৯৭-৯৯; চীন আৰু জাপান ভ্ৰমণ, ১৮৯৮
  • জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, পুনে , ১৮৯৯
  • চেনিটেৰী অভিযন্তা, মুম্বাই, আৰু চেনিটেৰী বৰ্ডৰ সদস্য, ১৯০১
  • স্বয়ংক্ৰিয় চুইচ গেটৰ উদ্ভাৱন আৰু ব্যৱহাৰ; এক নতুন জলসিঞ্চন পদ্ধতি "ব্লক পদ্ধতি"ৰ প্ৰয়োগ, ১৯০৩;চিমলাত জলসিঞ্চন আয়োগত বোম্বে চৰকাৰক প্ৰতিনিধিত্ব, ১৯০৪ ; বিশেষ কৰ্তব্য , ১৯০৫
  • অভিযন্তাৰ নিৰীক্ষক , ১৯০৭ ইজিপ্ট, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰুছীয়া ভ্ৰমণ , ১৯০৮
  • বিশেষ উপদেষ্টা অভিযন্তা, হায়দৰাবাদ , বানপানীৰ কাম কাজৰ নিৰীক্ষক, ১৯০৯
  • ব্ৰিটিছ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ, ১৯০৯
  • মহীশূৰ চৰকাৰৰ মুখ্য অভিযন্তা আৰু সচিব, ১৯০৯
  • মহীশূৰৰ দেৱান, গড়কাপ্তানী আৰু ৰেল বিভাগ, ১৯১৩
  • টাটা ষ্টীলৰ সঞ্চালকৰ বৰ্ডৰ সদস্য (Board of director), ১৯২৭-৫৫[9][10][11]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
ভাৰত ৰত্ন
নাইট কমাণ্ডাৰ অফ দা ইণ্ডিয়ান এম্পায়াৰ

বিশ্বেশ্বৰায় ১৯১১ চনত "অৰ্ডাৰ অফ ইণ্ডিয়ান এম্পায়াৰ"ৰ বাবে নিৰ্বাচিত হৈছিল।[12] মহীশূৰৰ দেৱান হৈ থাকোঁতে তেওঁৰ অৱদানৰ বাবে ১৯১৫ চনত তেওঁক নাইট কমাণ্ডাৰ অফ দা ইণ্ডিয়ান এম্পায়াৰ উপাধিৰে বিভূষিত কৰা হয়।[13] ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।[14] বিশ্বেশ্বৰায়ক লণ্ডনৰ ইনষ্টিটিউট অফ চিভিল ইঞ্জিনীয়াৰৰ সন্মানীয় সদস্য পদ আগবঢ়োৱা হৈছিল।[15] তেওঁক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ফেলশ্বিপ প্ৰদান কৰা হৈছিল। ভাৰতৰ মুঠ আঠ খন বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অফ চাইন্স(D.Sc.), ডক্টৰ অফ ল'(LL.D.), ডক্টৰ অফ লেটাৰ্ছ(D.Litt.) আদি ডিগ্ৰী প্ৰদান কৰিছে। ১৯২৩ চনৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। প্ৰজাবাণী বাতৰি কাকতৰ এক সমীক্ষা মতে তেওঁ কৰ্ণাটকৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি আছিল।

স্বীকৃৰ্তি

[সম্পাদনা কৰক]

ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ক বিভিন্ন ক্ষেত্ৰত সাধাৰণতে শিক্ষা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত সন্মান তথা স্বীকৃৰ্তি দিয়া হৈছে। কৰ্ণাটকৰ বেলগৌমৰ বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। কৰ্ণাটকৰ সৰহভাগ অভিযান্ত্ৰিক প্ৰতিষ্ঠান এই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। তদুপৰি বহুতো বিখ্যাত শিক্ষা অনুষ্ঠান যেনে বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়(বাংগালোৰ), ছাৰ এম. বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বাংগালোৰ) আৰু বিশ্বেশ্বৰায় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(নাগপুৰ) তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁ শিক্ষা গ্ৰহণ কৰা পুনেৰ কলেজ অফ ইঞ্জিনীয়াৰিঙত তেওঁৰ এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে।[16]তেওঁৰ নামেৰে বাংগালোৰত বিশ্বেশ্বৰায় ঔদ্যোগিক আৰু প্ৰযুক্তিবিদ্যা সংগ্ৰাহালয় প্ৰতিষ্ঠা কৰা হৈছে।

ভাৰতত প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ অভিযন্তা দিৱস ৰূপে পালন কৰা হয়। এই দিৱস বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, অভিযান্ত্ৰিক প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।

বিশ্বেশ্বৰায়ৰ মূৰ্তি

মুদ্দেনহল্লীৰ স্মাৰক

[সম্পাদনা কৰক]
ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ সমাধিক্ষেত্ৰ

মোক্ষগুণ্ডম বিশ্বেশ্বৰায় মেমৰিয়েল ষ্ট্ৰাটে বিশ্বেশ্বৰায়ৰ জন্মস্থান মুদ্দেনহল্লীৰ স্মৃতিক্ষেত্ৰ সমূহ পৰিচালনা কৰে। স্মৃতিক্ষেত্ৰত তেওঁৰ বঁটা, উপাধিৰ লগতে তেওঁৰ ব্যক্তিগত সামগ্ৰী সমূহ যেনে তেওঁৰ কোঠা, চচমা, কাপ, কিতাপ আৰু এটা তেওঁৰ ভিজিটিং কাৰ্ড ছপোৱা মেচিন সংৰক্ষণ কৰা হৈছে। তেওঁৰ সপোনৰ কৃষ্ণ ৰাজা সাগৰ বান্ধৰো এটা আৰ্হি ইয়াত ৰখা হৈছে। স্মৃতি ক্ষেত্ৰ খন তেওঁৰ বাসগৃহৰ কাষতে নিৰ্মাণ কৰা হৈছে। লগতে তেওঁৰ বাসগৃহটো সুন্দৰকৈ সজাই পৰাই তোলা লৈছে। স্থানীয় মানুহে তেওঁৰ বাসগৃহটোক মন্দিৰ হিচাপে জ্ঞান কৰে।[17][18]

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Sir M. Visvesvaraya | Sir MV | Karnataka Personalities. Karnataka.com (1 October 2007). Retrieved on 30 December 2013.
  2. Nath, Pandri (1987). Mokshagundam Visvesvaraya: life and work. Bharatiya Vidya Bhavan. পৃষ্ঠা. 47. http://books.google.com/books?id=pv63AAAAIAAJ.
  3. Karnataka News : Remembering Karnataka's icon – Sir. M. Vishveshvarayya. The Hindu (15 September 2010). Retrieved on 30 December 2013.
  4. Kannada Anubhava. প্ৰকাশক Bangalore: Department of Kannada, RV College of Engineering. 2010.
  5. http://www.coep.org.in
  6. Gupta, Jyoti Bhusan Das, ed (2007). Science, Technology, Imperialism and War. History of Science, Philosophy and Culture in Indian Civilization. Volume XV, Part I. Pearson Longman. পৃষ্ঠা. 247.
  7. "Visvesvaraya's services recalled". The Hindu. 16 September 2006. Archived from the original on 10 May 2011. https://web.archive.org/web/20110510083018/http://www.hindu.com/2006/09/16/stories/2006091619630300.htm আহৰণ কৰা হৈছে: 21 March 2011.
  8. Husain, Dildar (1966) An Engineering Wizard of India, Institution of Engineers (India) AP, Hyderabad.
  9. Sinha, Arindam (23 September 2014). "How a relentless R&D approach propelled Tata Steel to the zenith". The Financial Express. http://archive.financialexpress.com/news/How-a-relentless-R-D-approach-propelled-Tata-Steel-to-the-zenith/1291715 আহৰণ কৰা হৈছে: 26 July 2015.
  10. "44th Sir M Visvesvaraya Memorial Lecture by Dr. Amit Chatterjee". Advancement of Engineering in India in New Millennium: A Compilation of Memorial Lectures presented in Indian Engineering Congresses (2001–2010): 12–13. December 2012. https://www.ieindia.org/PDF_IMAGES/publication/Advancement%20of%20Engineering.pdf আহৰণ কৰা হৈছে: 26 July 2015.
  11. Mahanti, Subodh. "The Most Celebrated Indian Engineer: Mokshagundam Visvesvaraya". Vigyan Prasar Science Portal. http://www.vigyanprasar.gov.in/dream/feb2000/article1.htm আহৰণ কৰা হৈছে: 26 July 2015.
  12. সাঁচ:Londongazette
  13. সাঁচ:Londongazette
  14. "Padma Awards Directory (1954–2007)". Ministry of Home affairs. Archived from the original on 10 April 2009. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf আহৰণ কৰা হৈছে: 26 November 2010.
  15. "Welcome to Chikballapur District – Visvesvaraya". Chikballapur.nic.in. Archived from the original on 20 September 2010. https://web.archive.org/web/20100920231427/http://www.chikballapur.nic.in/visvesvaraya.html আহৰণ কৰা হৈছে: 11 August 2010.
  16. "Engineer's Day 2010 Celebrations". Today24news. 15 September 2010. http://today24news.com/india/engineers-day-2010-celebration-theme-are-hot-in-search-154185 আহৰণ কৰা হৈছে: 28 October 2011.
  17. "MV memorabilia give glimpses of a genius". DNA India. 13 August 2011. http://www.dnaindia.com/bangalore/report_mv-memorabilia-give-glimpses-of-a-genius_1575626 আহৰণ কৰা হৈছে: 28 October 2011.
  18. Kamath, Vijesh (8 September 2009). "For locals, Vivesvaraya's house is a place of worship". Deccan Herald. http://www.deccanherald.com/content/95209/for-locals-vivesvarayas-house-place.html আহৰণ কৰা হৈছে: 28 October 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]