সমললৈ যাওক

বেংগালুৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেংগালুৰু
ಬೆಂಗಳೂರು
মহানগৰ
বেঙ্গালুৰু (Bengaluru)
ঘড়ী কাঁটাৰ দিশত ক্ৰমে: ইউ বি চিটী, ইনফ'চিছ, লালবাগ, বিধান সভা, শিৱ মূৰ্তি, বাগমানে টেক পাৰ্ক। ‌
ঘড়ী কাঁটাৰ দিশত ক্ৰমে: ইউ বি চিটী, ইনফ'চিছ, লালবাগ, বিধান সভা, শিৱ মূৰ্তি, বাগমানে টেক পাৰ্ক। ‌
উপনাম(সমূহ): 
ভাৰতৰ চিলিকন ভ্যেলী
গাৰ্ডেন চিটী
দেশ  ভাৰত
ৰাজ্য কৰ্ণাটক
Region Bayaluseemē
জিলা বাংগালোৰ আৰবান
স্থাপন ১৫৩৭
প্ৰতিস্থাপক কেম্পেগৌড়া প্ৰথম
চৰকাৰ
  ধৰণ Mayor–Council
  পৰিচালনা BBMP
  Mayor Manjunath Reddy[1]
  Commissioner G Kumar Nayak[2]
কালি
  নগৰ
৭০৯ বৰ্গকিমি (২৭৪ বৰ্গমাইল)
উচ্চতা ৯২০ মিটাৰ (৩,০২০ ফুট)
জনসংখ্যা
 (2011)[5]
  মহানগৰ
৮৪,২৫,৯৭০
  স্থান 4th
  মেট্ৰ’ 87,28,906
  মেট্ৰ ৰেংক
5th

বেংগালুৰু (পূৰ্বে বাংগালোৰ, ইংৰাজী: Bengaluru. ['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।

বেংগালুৰু দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পূব দিশত সমুদ্ৰ পৃষ্ঠৰ পৰা ৯০০ মিটাৰ (৩০০০ ফুট) উচ্চতাত অৱস্থিত। ই দাক্ষিণাত্য মালভূমি অঞ্চলৰ অন্তৰ্গত। চহৰখনৰ মাটিকালি প্ৰায় ৭০৯ বৰ্গ কিলোমিটাৰ। ২০১১১ চনৰ লোকপিয়ল অনুসৰি চহৰখনৰ মুঠ জনসংখ্যা প্ৰায় ৮৫ লাখ। জনসংখ্যাৰ হিচাপ অনুসৰি বেংগালুৰু ভাৰতৰ পঞ্চম বৃহৎ মহানগৰ আৰু বিশ্বৰ অষ্টাদশ বৃহৎ চহৰ। বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তিৰ প্ৰধান কেন্দ্ৰ হোৱা বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ জীৱিকাৰ বাবে আহে।

অৰ্থনীতি

[সম্পাদনা কৰক]

বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তি শিল্পৰ ৰাজধানী। দেশৰ তথ্য প্ৰযুক্তি শিল্পত বেংগালুৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ই ভাৰতৰ ছিলিকন উপত্যকা নামেৰে পৰিচিত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰো), ভাৰতীয় তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান ৱিপ্ৰ', ইনফ'চিছৰ দৰে প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত। এই চহৰত ২০০০ তকৈও অধিক তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান আছে। কৃষি আৰু উৎপাদন শিল্প থকাৰ উপৰিও তথ্য প্ৰযুক্তিৰ শিল্প হৈছে কৰ্ণাটকৰ অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি। ভাৰতৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট, বাংগালোৰ, হিন্দুস্তান এৰ'ন'টিক্স লিমিটেড, ভাৰত ইলেক্ট্ৰ'নিকছ্ আদি বেংগালুৰু চহৰতেই অৱস্থিত।

বেংগালুৰু চহৰখনৰ ভিতৰত কেইবাটাও বাছ টাৰ্মিনেল আছে। চহৰখনৰ ভিতৰত বি. এম. টি. চি. ৰ যথেষ্ট সংখ্যক বাছে চলাচল কৰে। এইবোৰৰ ভিতৰত শীত তাপ নিয়ন্ত্ৰীত ভলভোৰ বাছসমূহো অন্যতম। সেইসমূহৰ ভিতৰত কিছু সংখ্যক বিমানবন্দৰৰ পৰাও চহৰখনৰ বিভিন্ন প্ৰান্তলৈ যাতায়ত কৰে।

বেংগালুৰু ভাৰতীয় ৰেলৰ দক্ষিণ-পশ্চিম ৰে'লৱে মণ্ডলৰ অন্তৰ্গত। ইয়াৰ প্ৰধান ৰেল ষ্টেচন দুটা হৈছে বেংগালুৰু চিটি জংচন আৰু য়ছৱন্তপুৰ জংচন। আনহাতে ক্ষিপ্ৰ ৰেলসেৱা বাংগালোৰ মেট্ৰ' বা নাম্মা মেট্ৰ' চহৰ খনৰ যাতায়তৰ অন্যতম সুব্যৱস্থা।

বিমানপথ

[সম্পাদনা কৰক]

বেংগালুৰুৰ প্ৰধান বিমান বন্দৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ চহৰৰ মূলকেন্দ্ৰৰ পৰা প্ৰায় ৪০ কি.মি.দূৰত দেৱেনাহাল্লী নামৰ ঠাইত অৱস্থিত। ২০০৮ চনৰ পৰা এই বিমানবন্দৰ কাৰ্যক্ষম হৈছিল। এই বিমানবন্দৰ ভাৰতৰ তৃতীয় ব্যস্ততম বিমানবন্দৰ। ইয়াৰ পূৰ্বতে চহৰখনৰ পূব দিশত অৱস্থিত হাল (হিন্দুস্তান এৰোন'টিক লিমিটেড) বিমানবন্দৰৰ পৰা বিমান চলাচল কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://timesofindia.indiatimes.com/city/bengaluru/Manjunath-Reddy-is-the-new-Mayor-of-IT-City-Bengaluru/articleshow/48911572.cms
  2. "Commissioner ". Bruhat Bangalore Mahanagara Palike. Archived from the original on 11 May 2015. https://web.archive.org/web/20150511021928/http://bbmp.gov.in/commissioner আহৰণ কৰা হৈছে: 3 May 2015.
  3. K. V. Aditya Bharadwaj (28 July 2015). "Bengaluru is growing fast, but governed like a village". The Hindu (Bengaluru). http://www.thehindu.com/news/cities/bangalore/bengaluru-is-growing-fast-but-governed-like-a-village/article7473604.ece আহৰণ কৰা হৈছে: 20 August 2015.
  4. H.S. Sudhira; T.V. Ramachandra; M.H. Bala Subrahmanya (2007). "City Profile — Bangalore" (PDF). Cities (Bangalore: Environmental Information System (Centre of Ecological Sciences), Indian Institute of Science) খণ্ড 24 (5): 382. doi:10.1016/j.cities.2007.04.003. http://www.ces.iisc.ernet.in/biodiversity/pubs/ces_pubs/pubs_2007/theme4_42.pdf.
  5. "Cities with population of 1 Lakh and Above". censusindia.gov.in. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf আহৰণ কৰা হৈছে: 30 January 2014.
  6. "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3 আহৰণ কৰা হৈছে: 20 August 2015.