অৰুণা আছফ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অৰুণা আছফ আলী

অৰুণা আছফ আলী
জন্ম ১৬ জুলাই, ১৯০৯
কল্কা, পাঞ্জাৱ, বৃটিছ ভাৰত (এতিয়া হাৰিয়ানা)
মৃত্যু ২৯ জুলাই, ১৯৯৬ (৮৭ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষানুষ্ঠান Sacred Heart Convent
পেচা ভাৰতৰ মুক্তি সংগ্ৰামী, শিক্ষক

অৰুণা আছফ আলী (ইংৰাজী: Aruna Asaf Ali) (১৯০৮-১৯৯৬) ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজ কৰ্মী আছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়[1]। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৬৪ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।[2] সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰষ্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত থকাৰ লগতে দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল।[3]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

অৰুণা আছফ আলীৰ জন্ম হয় ১৯০৮ চনৰ ১৬ জুলাই তাৰিখে তেতিয়াৰ পঞ্জাৱ প্ৰদেশৰ কাল্কা নামৰ এখন গাঁৱত। তেওঁৰ পূৰ্বতে নাম আছিল অৰুণা গাংগুলী। তেওঁ আছিল এটি বঙালী পৰিয়ালৰ দুহিতা। তেওঁলোকৰ পৰিয়ালটি ব্ৰাহ্ম ধৰ্মত বিশ্বাসী আছিল। ১৯২৮ চনত তেওঁ অধিবক্তা, মুক্তি যুঁজাৰু, দেশকৰ্মী আছফ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।[3]

সংগ্ৰামী জীৱন[সম্পাদনা কৰক]

১৯৪২ চনৰ ৮ আগষ্টৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰাত অৰুণা আছফ আলীয়ে দেশবাসীক এই শেষ সংগ্ৰামটিত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই খৱৰ পোৱাৰ লগে লগে বৃটিছ চৰকাৰে মহত্মা গান্ধী, জৱাহৰলাল নেহৰু প্ৰমুখ্যে এচাম দেশনেতাক গ্ৰেপ্তাৰ কৰে আৰু লগে লগে চাৰিও ফালে বিদ্ৰোহ আৰম্ভ হয়। দেশৰ জনতাই ৰাজপথলৈ ওলাই আহি বন্দে মাতৰম, মহাত্মা গান্ধী কী জয়, বৃটিছে ভাৰত-ত্যাগ কৰক আদি ধ্বনিৰে আকাশ কঁপাই তোলে। তাৰ পিছত বহুতো নেতাই আত্মগোপন কৰিবলগীয়া হয়। আত্ম গোপন কৰা সকলৰ ভিতৰত আছিল- জয়প্ৰকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অচ্যুৎ পট্টবৰ্ধন, অৰুণা আছফ আলী আদি।[4] আত্মগোপনকাৰী সকলৰ কিছু সংখ্যকে সন্ত্ৰাসমূলক কামত লিপ্ত হয়। এই সময়চোৱাত দেশৰ বিভিন্ন স্থানত ২৭০ টা ৰেল ষ্টেচন, ৫৫০ টা পোষ্ট অফিচ, ৭০ টা পুলিচ ষ্টেচন, ৮৫ টা অন্যান্য চৰকাৰী আবাসগৃহ ক্ষতি সাধন কৰে। অনেক ঠাইত ৰেল লাইন, দলং জ্বলাই, টেলিফোন, টেলিগ্ৰাফ লাইন বিচিন্ন কৰা হয়। সেই সময়ত অসমৰ সৰুপথাৰ আৰু পানীখাইতিত ৰেল বগৰোৱাৰ উপৰিও সৰভোগ আৰু মিচামাৰীত উৰা-জাহাজ ঘাটিত অগ্নি সংযোগ কৰা হয়। সেই সময়ত অসমত আত্ম গোপন কৰা সকলৰ ভিতৰত আছিল-শংকৰ বৰুৱা, জ্যোতিপ্ৰসাদ, ব্ৰজ শৰ্মা, লক্ষ্মীপ্ৰসাদ গোস্বামী, গহণ চন্দ্ৰ গোস্বামী আদি। অৰুণা আছফ আলীয়ে আত্ম গোপন কৰি ছাটাৰা, বালিয়া, নাগপুৰ আদি ঠাইত ঘূৰি সেইবোৰ ঠাইত সমান্তৰাল চৰকাৰ গঠন কৰিবলৈ উদ্গনি দিয়ে। অৰুণা আছফ আলী অসমলৈও আহিছিল আৰু অসমত সন্ত্ৰাসবাদী কাৰ্যৰ আঁচনিৰ পৰামৰ্শ দিছিল।

অৰুণা আছফ আলী আছিল মুক্তি সংগ্ৰামৰ গুৰি ধৰোতা। বিশেষকৈ বিয়াল্লিছৰ আন্দোলনত তেওঁ সক্ৰিয় ভূমিকা লৈছিল। অৰুণা আছফ আলীয়ে ৯ আগষ্টৰ দিনা বোম্বাই (মুম্বাই) গোৱালিয়া টেংক ময়দানত ইউনিয়ন জেক নমাই আনি তাৰ ঠাইত ত্ৰিৰংগা পতাকা উৰুৱাই সংগ্ৰামী সকলৰ মাজত উদ্দীপনা বঢ়াইছিল।[4] তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেইবাবছৰো জেল জীৱন কটাবলগীয়া হৈছিল। পিছলৈ তেওঁ কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাই আৰু জাতীয় কংগ্ৰেছ ত্যগ কৰি-ছচিয়েলিষ্ট দলত যোগদান কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, তেওঁ চৰকাৰত নোসোমাই গৰীৱ জনসাধাৰণৰ লগত মিলি কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰস্কাৰেৰে সন্মানিত কৰে। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল যদিও কিছুদিনৰ পিছতে তেওঁ সেই পদবী ত্যাগ কৰে। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভান্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত হৈ পৰিছিল।[3]

পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

  1. ভাৰত ৰত্ন, (১৯৯৭)
  2. নেহৰু পুৰস্কাৰ, (১৯৫৫)
  3. লেলিন শান্তি বঁটা, (১৯৭৫)
  4. জৱাহৰলাল নেহৰু বঁটা, (১৯৯১)

মৃত্যু[সম্পাদনা কৰক]

বিয়াল্লিছৰ যুগান্তকাৰী সংগ্ৰামী অৰুণা আছফ আলীৰ মৃত্যু হয় ১৯৯৬ চনৰ ২৯ জুলাইত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pratik Daga. "Short biography of Aruna Asaf Ali". Preservearticles.com. http://www.preservearticles.com/201104235842/short-biography-of-aruna-asaf-ali.html। আহৰণ কৰা হৈছে: February 11, 2013. 
  2. "Aruna Asaf Ali, Indian Freedom Fighter". Indianetzone.com. January 15, 2009. http://www.indianetzone.com/3/aruna_asaf_ali.htm। আহৰণ কৰা হৈছে: February 11, 2013. 
  3. 3.0 3.1 3.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১২৩,১২৪. 
  4. 4.0 4.1 "Aruna Asaf Ali Biography". Iloveindia.com. http://www.iloveindia.com/indian-heroes/aruna-asaf-ali.html। আহৰণ কৰা হৈছে: February 11, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]