কৰ্পূৰী ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্পূৰী ঠাকুৰ

২০২৪ চনৰ ডাক টিকটত কৰ্পূৰী ঠাকুৰ
বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী
কাৰ্যকাল
২২ ডিচেম্বৰ ১৯৭০ – ২ জুন ১৯৭১
পূৰ্বসূৰী দাৰোগা প্ৰসাদ ৰায়
উত্তৰসূৰী ভোলা পাছৱান শাস্ত্ৰী
কাৰ্যকাল
২৪ জুন ১৯৭৭ – ২১ এপ্ৰিল ১৯৭৯
পূৰ্বসূৰী জগন্নাথ মিশ্ৰ
উত্তৰসূৰী ৰাম সুন্দৰ দাস
বিহাৰৰ দ্বিতীয় উপ-মুখ্যমন্ত্ৰী
কাৰ্যকাল
৫ মাৰ্চ ১৯৬৭ – ৩১ জানুৱাৰী ১৯৬৮
মুখ্যমন্ত্ৰী মহামায়া প্ৰসাদ সিনহা
পূৰ্বসূৰী অনুগ্ৰহ নাৰায়ণ সিনহা
উত্তৰসূৰী সুশীল কুমাৰ মোদী
বিহাৰৰ শিক্ষামন্ত্ৰী
কাৰ্যকাল
৫ মাৰ্চ ১৯৬৭ – ৩১ জানুৱাৰী ১৯৬৮
পূৰ্বসূৰী সত্যেন্দ্ৰ নাৰায়ণ সিনহা
উত্তৰসূৰী সতীশ প্ৰসাদ সিনহা
ব্যক্তিগত তথ্য
জন্ম ২৪ জানুৱাৰী, ১৯২৪
সমষ্টিপুৰ, বিহাৰ আৰু উৰিষ্যা প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৭ ফেব্ৰুৱাৰী, ১৯৮৮ (৬৪ বছৰ)
পাটনা, বিহাৰ, ভাৰত
ৰাজনৈতিক দল চচিয়েলিষ্ট পাৰ্টি, ভাৰতীয় ক্ৰান্তি দল, জনতা পাৰ্টি, লোক দল
পেচা স্বাধীনতা সংগ্ৰামী, শিক্ষক, ৰাজনীতিবিদ
পুৰস্কাৰ ভাৰত ৰত্ন (২০২৪)

কৰ্পূৰী ঠাকুৰ (ইংৰাজী: Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক জনপ্ৰিয়ভাবে জন নায়ক বুলি জনা যায়। ভাৰত চৰকাৰে ২০২৪ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। [1][2][3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ সমষ্টিপুৰ জিলাৰ পীতৌনঝিয়াত (বৰ্তমান কৰ্পূৰী গ্ৰাম) কৰ্পূৰী ঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গকুল ঠাকুৰ আৰু মাতৃ ৰামদুলাৰী দেৱী।[4] তেওঁলোক নাই (নাপিত) সম্প্ৰদায়ৰ আছিল।[5][6] দেউতাক গাঁৱৰ এজন কৃষক আছিল আৰু আগতে তেওঁৰ পৰম্পৰাগত বৃত্তি চুলি কটাৰ কাম কৰিছিল। ১৯৪০ চনত তেওঁ পাটনা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ মহাত্মা গান্ধী আৰু সত্যনাৰায়ণ সিনহাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[7][8] তেওঁ সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেচনত যোগদান কৰিছিল।[9] ছাত্ৰ কৰ্মী হিচাপে তেওঁ স্নাতক মহলাত শিক্ষা এৰি ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে। ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ বাবে তেওঁ ২৬ মাহ কাৰাগাৰত কটায়।[10] ভাগলপুৰৰ কেম্প জেলত ২৬ মাহ ধৰি কাৰাগাৰৰ নিৰ্যাতন ভোগ কৰি ১৯৪৫ চনত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ঠাকুৰে নিজৰ গাঁৱৰ স্কুলত শিক্ষক হিচাপে যোগদান কৰে। ১৯৫২ চনত তাজপুৰ সমষ্টিৰ পৰা চচিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বিহাৰ বিধান সভাৰ সদস্য হৈছিল। ১৯৬০ চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সাধাৰণ ধৰ্মঘটৰ সময়ত পি এণ্ড টিৰ কৰ্মচাৰীসকলক নেতৃত্ব বহন কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল। ১৯৭০ চনত তেওঁ টেলকোৰ শ্ৰমিকসকলৰ স্বাৰ্থৰক্ষাৰ কাৰ্য্যক প্ৰচাৰৰ বাবে ২৮ দিন ধৰি আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।[10]

ঠাকুৰে হিন্দী ভাষাৰ প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। বিহাৰৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ মেট্ৰিক পাঠ্যক্ৰমৰ বাবে ইংৰাজীক বাধ্যতামূলক বিষয় হিচাপে আঁতৰাই পেলাইছিল। অভিযোগ কৰা হৈছিল যে ৰাজ্যখনত ইংৰাজী মাধ্যমৰ শিক্ষাৰ মানদণ্ড নিম্ন হোৱাৰ বাবে বিহাৰী ছাত্ৰ-ছাত্ৰীসকলে ক্ষতিগ্ৰস্ত হৈছিল।[10] ১৯৭০ চনত বিহাৰৰ প্ৰথমজন অনাকংগ্ৰেছী চচিয়েলিষ্ট পাৰ্টিৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ঠাকুৰে বিহাৰৰ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিহাৰত মদ্যপানৰ সম্পূৰ্ণ নিষেধাজ্ঞাও বলবৎ কৰিছিল। তেওঁৰ শাসনকালত বিহাৰৰ পিছপৰা অঞ্চলত তেওঁৰ নামত[10] বহুতো বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰা হৈছিল।

বুলন্দশ্বহৰৰ চেত ৰাম টোমাৰ তেওঁৰ ঘনিষ্ঠ সহযোগী আছিল। এজন সমাজবাদী নেতা ঠাকুৰ জয় প্ৰকাশ নাৰায়ণৰ ঘনিষ্ঠ আছিল।[11] ভাৰতৰ জৰুৰীকালীন অৱস্থাত (১৯৭৫–৭৭) তেওঁ আৰু জনতা পাৰ্টিৰ অন্যান্য বিশিষ্ট নেতাসকলে ভাৰতীয় সমাজৰ অহিংস ৰূপান্তৰৰ লক্ষ্যৰে "সম্পূৰ্ণ বিপ্লৱ" আন্দোলনৰ নেতৃত্ব দিয়ে।

১৯৭৭ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত জনতা পাৰ্টিৰ হাতত শাসকীয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলে পৰাজয়ৰ সন্মুখীন হয়। জনতা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ (সংগঠন), চৰণ সিঙৰ ভাৰতীয় লোকদল (বিএলডি), চচিয়েলিষ্ট আৰু জনসংঘৰ হিন্দু জাতীয়তাবাদীকে ধৰি পৃথক পৃথক গোটৰ শেহতীয়া গঠবন্ধন আছিল। এই গোটসমূহে একত্ৰিত হোৱাৰ একমাত্ৰ উদ্দেশ্য আছিল দেশজোৰা জৰুৰীকালীন অৱস্থা জাপি দিয়া আৰু স্বাধীনতা কৰ্তন কৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক পৰাস্ত কৰা। চচিয়েলিষ্ট আৰু বিএলডিয়ে পিছপৰা জাতি আৰু কংগ্ৰেছ(অ) আৰু জনসংঘই উচ্চ জাতিক প্ৰতিনিধিত্ব কৰিছিল।[12][13]১৯৭৭ চনত বিহাৰ বিধান সভাৰ পৰা পদত্যাগ কৰি দেৱেন্দ্ৰ প্ৰসাদ যাদৱে ঠাকুৰক ফুলপাৰাছ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ প্ৰশস্ত কৰে। কংগ্ৰেছৰ ৰাম জয়পাল সিং যাদৱক পৰাস্ত কৰি ৬৫০০০ ভোটৰ ব্যৱধানত ঠাকুৰে জয়লাভ কৰে।[14]

জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত বিহাৰ জনতা পাৰ্টিৰ অধ্যক্ষ সত্যেন্দ্ৰ নাৰায়ণ সিনহাৰ বিৰুদ্ধে বিধায়িনী দলৰ নিৰ্বাচনত ১৪৪ৰ বিপৰীতে ৮৪ ভোটত তেওঁ জয়ী হৈ দ্বিতীয়বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয়।[15] চৰকাৰী চাকৰিত পিছপৰা জাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া মুংগেৰী লাল আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ঠাকুৰে লোৱা সিদ্ধান্তৰ বাবে দলৰ ভিতৰত আন্তঃকন্দলৰ সূচনা হয়। জনতা পাৰ্টিৰ উচ্চ বৰ্ণৰ লোকে ঠাকুৰক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই সংৰক্ষণ নীতিৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে দলিত বিধায়ককসকলক নিজৰ ফলীয়া কৰিবলৈ দলিত প্ৰাৰ্থী ৰাম সুন্দৰ দাসক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হয়। দাস আৰু ঠাকুৰ দুয়োজন চচিয়েলিষ্ট হ’লেও দাসক ঠাকুৰতকৈ অধিক মধ্যপন্থী আৰু সহযোগী বুলি গণ্য কৰা হৈছিল। সমৰ্থন হেৰুৱাত ঠাকুৰে পদত্যাগ কৰে আৰু দাস ১৯৭৯ চনৰ ২১ এপ্ৰিলত বিহাৰৰ মুখ্যমন্ত্ৰী হয়। উচ্চ বৰ্ণক চৰকাৰী চাকৰিৰ অধিক শতাংশ লাভ কৰিবলৈ অনুমতি দি সংৰক্ষণ আইন দুৰ্বল কৰা হয়। জনতা পাৰ্টিৰ অভ্যন্তৰীণ মনোমালিন্যৰ বাবে ই একাধিক ফৈদত বিভক্ত হয় যাৰ ফলত ১৯৮০ চনত কংগ্ৰেছে পুনৰ ক্ষমতালৈ আহে।[16][13][17]

১৯৭৯ চনৰ জুলাই মাহত জনতা পাৰ্টি বিভাজন হোৱাত কৰ্পূৰী ঠাকুৰে চৰণ সিং ফৈদৰ পক্ষ লয়। ১৯৮০ চনৰ নিৰ্বাচনত তেওঁ সমষ্টিপুৰ (বিধান সভা সমষ্টি)ৰ পৰা বিহাৰ বিধান সভালৈ জনতা পাৰ্টি (ধৰ্মনিৰপেক্ষ) প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। পিছলৈ তেওঁৰ দলটোৱে ভাৰতীয় লোকদললৈ নাম সলনি কৰে আৰু ১৯৮৫ চনত সোণবৰছা সমষ্টিৰ পৰা নিৰ্বাচনত বিহাৰ বিধান সভাৰ প্ৰাৰ্থী হিচাপে ঠাকুৰ নিৰ্বাচিত হয়।[18] এই বিধান সভাই কাৰ্যকাল সম্পূৰ্ণ কৰাৰ আগতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

পিছপৰা শ্ৰেণীৰ সংৰক্ষণ[সম্পাদনা কৰক]

ঠাকুৰক দীন-দৰিদ্ৰসকলৰ উন্নয়নৰ বাবে বহুতো কাৰ্যপন্থা হাতত লৈছিল।[19] ১৯৭৮ চনত কৰ্পূৰী ঠাকুৰে বিহাৰত ২৬% সংৰক্ষণৰ আৰ্হি প্ৰৱৰ্তন কৰে। চৰকাৰী চাকৰিত পিছপৰা শ্ৰেণীৰ বাবে তেওঁ এই সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰিছিল। এই স্তৰযুক্ত সংৰক্ষণ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীয়ে ১২%, অতি পিছপৰা শ্ৰেণীয়ে ৮%, মহিলাসকলে ৩% আৰু উচ্চ জাতিৰ মাজৰ পৰা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীয়ে (EBW) ৰাজ্য চৰকাৰৰ চাকৰিত ৩% সংৰক্ষণ লাভ কৰে। তেওঁ ভাৰতত প্ৰথমবাৰৰ বাবে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।[20][21]

ঠাকুৰে সংযুক্ত সমাজবাদী পাৰ্টিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক লালু প্ৰসাদ যাদৱ, ৰামবিলাস পাছৱান, দেৱেন্দ্ৰ প্ৰসাদ যাদৱ, নীতিশ কুমাৰ আদি বিশিষ্ট বিহাৰী নেতাৰ ৰাজনৈতিক গুৰু আখ্যা দিয়ে।[22] ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ৬৪ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কৰ্পূৰী ঠাকুৰৰ মৃত্যু হয়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত কৰ্পূৰী ঠাকুৰৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

১৯৮৮ চনত তেওঁৰ মৃত্যুৰ পিছত কৰ্পূৰী ঠাকুৰৰ জন্মস্থান পিতৌনঝিয়াক কৰ্পূৰী গ্ৰাম নামেৰে নামকৰণ কৰা হয়।[23] ভাৰত চৰকাৰে ২০২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে তেওঁৰ জন্মশতবাৰ্ষিকী উপলক্ষে ১০০ টকা মূল্যৰ স্মৃতি মুদ্ৰা মুকলি কৰে।[24] বাক্সাৰত অৱস্থিতজন নায়ক কৰ্পূৰী ঠাকুৰ বিধি মহাবিদ্যালয়ৰো নাম তেওঁৰ নামেৰে ৰখা হৈছে। ২০২০ চনত বিহাৰ চৰকাৰে মধেপুৰাতজন নায়ক কৰ্পূৰী ঠাকুৰ চিকিৎসা মহাবিদ্যালয় তেওঁৰ নামেৰে স্থাপন কৰে। ভাৰতৰ ডাক বিভাগে তেওঁৰ স্মৃতিত এলানি ডাক টিকট মুকলি কৰিছে।[25] ভাৰতীয় ৰেলৱেৰ দ্বাৰা দৰভংগা আৰু অমৃতসৰৰ মাজত চলি থকাজন নায়ক এক্সপ্ৰেছ ৰে'ল তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। বিহাৰ চৰকাৰেজন নায়ক কৰ্পূৰী ঠাকুৰৰ নামেৰে কেইবাখনো ষ্টেডিয়ামৰ নামকৰণ, বেছিভাগ জিলাতে কেইবাখনো কলেজ আৰু প্ৰতিমূৰ্তি স্থাপন, কৰ্পূৰী ঠাকুৰ সংগ্ৰহালয়, সমষ্টিপুৰ আৰু দৰভংগাতজন নায়ক কৰ্পূৰী ঠাকুৰ চিকিৎসালয়, বিধানসভাত তেওঁৰ ভাষণসমূহৰ প্ৰকাশ আৰু তথ্যচিত্ৰ নিৰ্মাণকে আদি কৰি বিভিন্ন কাৰ্য হাতত লৈছে। ২০২৪ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Joshi, Varenya. "Bharat Ratna for Jananayak Karpuri Thakur: Transformative Leader's Enduring Legacy" (en ভাষাত). Bru Times News. https://www.brutimes.com/news/politics/bharat-ratna-for-jananayak-karpuri-thakur-transformative-leaders-enduring-legacy। আহৰণ কৰা হৈছে: 23 January 2024. 
  2. "Former Bihar chief minister Karpoori Thakur to be awarded Bharat Ratna posthumously" (en ভাষাত). Hindustan Times. 23 January 2024. https://www.hindustantimes.com/india-news/bihar-socialist-leader-karpoori-thakur-to-be-awarded-bharat-ratna-posthumously-101706020261885.html। আহৰণ কৰা হৈছে: 23 January 2024. 
  3. "'Jan Nayak Karpoori Thakurji's Life Revolved Around Twin Pillars Of Simplicity, Social Justice': PM Modi". https://www.oneindia.com/india/jan-nayak-karpoori-thakurjis-life-revolved-around-twin-pillars-of-simplicity-social-justice-pm-3733821.html. 
  4. Singh, Aastha (24 January 2019). "Karpoori Thakur, the other Bihar CM who banned alcohol" (en-US ভাষাত). ThePrint. https://theprint.in/theprint-profile/karpoori-thakur-the-other-bihar-cm-who-banned-alcohol/182593/। আহৰণ কৰা হৈছে: 15 June 2020. 
  5. "Karpoori Thakur, former Bihar Chief Minister, conferred Bharat Ratna posthumously". https://www.indiatoday.in/india/story/former-bihar-chief-minister-karpoori-thakur-to-be-awarded-bharat-ratna-posthumously-2492709-2024-01-23। আহৰণ কৰা হৈছে: 23 January 2024. 
  6. "How Bihar’s caste survey seeks to build on the legacy of Karpoori Thakur". https://www.hindustantimes.com/india-news/karpoori-thakur-bihar-chief-minister-who-championed-social-justice-101696331907041.html। আহৰণ কৰা হৈছে: 23 January 2024. 
  7. Prasāda, R.; Ārya, J.; Kumāra, K. (1991). Karpoori, a Portrait. S.K. Publications. পৃষ্ঠা. 11. https://books.google.com/books?id=LKNAAAAAMAAJ। আহৰণ কৰা হৈছে: 23 January 2024. 
  8. Singh, S. (2015). Ruled or Misruled: Story and Destiny of Bihar. Bloomsbury Publishing. পৃষ্ঠা. 26. ISBN 978-93-85436-42-0. https://books.google.com/books?id=SVu8CgAAQBAJ&pg=PT26। আহৰণ কৰা হৈছে: 23 January 2024. "Karpoori Thakur, a Gandhian leader from an extremely backward caste of a barber or nai community from Samastipur" 
  9. "Karpoori Thakur: A Socialist Leader in the Hindi Belt". 15 August 2016. https://www.forwardpress.in/2016/08/karpoori-thakur-a-socialist-leader-in-the-hindi-belt/?amp। আহৰণ কৰা হৈছে: 11 February 2021. 
  10. 10.0 10.1 10.2 10.3 "Karpoori Thakur". FreeIndia.Org. Archived from the original on 14 March 2005. https://web.archive.org/web/20050314010924/http://www.freeindia.org/dynamic/modules.php?name=Content&pa=showpage&pid=517। আহৰণ কৰা হৈছে: 14 January 2008. 
  11. "Bihar wants Bharat Ratna for Karpoori Thakur". CNN-IBN. 14 January 2008. http://www.ibnlive.com/news/bihar-wants-bharat-ratna-for-karpoori-thakur/56466-3.html। আহৰণ কৰা হৈছে: 14 January 2008. 
  12. "Members Bioprofile". Parliament of India. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=3489&lastls=15। আহৰণ কৰা হৈছে: 8 April 2020. 
  13. 13.0 13.1 Kumar, Sanjay (2018). Post-Mandal Politics in Bihar: Changing Electoral Patterns. SAGE Publications. ISBN 9789352805860. https://books.google.com/books?id=IVxODwAAQBAJ&pg=PT48। আহৰণ কৰা হৈছে: 19 April 2020. 
  14. "Bihar CM Karpoori Thakur wins crucial by-election from Phulpuras". India Today. https://www.indiatoday.in/magazine/indiascope/story/19780115-bihar-cm-karpoori-thakur-wins-crucial-by-election-from-phulpuras-822744-2014-09-20। আহৰণ কৰা হৈছে: 27 April 2021. 
  15. Mirchandani, G.G. (2003). Bihar chief ministership battle 1977. Abhinav Publications. পৃষ্ঠা. 211. ISBN 9788170170617. https://books.google.com/books?id=5xj0g8euumQC&q=satyendra+narayan+sinha&pg=PA211। আহৰণ কৰা হৈছে: 4 June 2007. 
  16. 30 years ago in India Today Archived 2 February 2009 at the Wayback Machine (slide 3). India Today.
  17. "State mourns death of ex-CM on festival day". Daily Telegraph. 7 March 2015. https://www.telegraphindia.com/india/state-mourns-death-of-ex-cm-on-festival-day/cid/1474245. 
  18. "Bihar Assembly Election Results in 1985". https://www.elections.in/bihar/assembly-constituencies/1985-election-results.html। আহৰণ কৰা হৈছে: 15 September 2020. 
  19. Santosh Jha (2 June 2002). "The depth of Opulence". Spectrum. The Tribune. http://www.tribuneindia.com/2002/20020602/spectrum/main1.htm। আহৰণ কৰা হৈছে: 14 January 2008. 
  20. "Two-time Bihar CM Karpoori Thakur to be conferred Bharat Ratna posthumously". https://indianexpress.com/article/india/former-bihar-cm-socialist-icon-karpoori-thakur-bharat-ratna-9124253/। আহৰণ কৰা হৈছে: 23 January 2024. 
  21. "Socialist icon Karpoori Thakur awarded Bharat Ratna, a day before centenary". https://www.thehindu.com/news/national/socialist-icon-karpoori-thakur-awarded-bharat-ratna-a-day-before-centenary/article67769726.ece। আহৰণ কৰা হৈছে: 23 January 2024. 
  22. Agrarian Struggles in India After Independence. Oxford University Press, 1986. 1986. পৃষ্ঠা. 87. ISBN 0195616812. https://books.google.com/books?id=TD9uAAAAMAAJ&q=karpoori+thakur+president+of+ssp। আহৰণ কৰা হৈছে: 2 April 2021. 
  23. PTI (24 January 2024). "Karpoori Thakur's native village celebrates Centre’s decision to confer Bharat Ratna on him" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/bihar/karpoori-thakurs-native-village-celebrates-centres-decision-to-confer-bharat-ratna-on-him-2862262। আহৰণ কৰা হৈছে: 24 January 2024. 
  24. Sinha, Shishir (23 January 2024). "Amidst political tussle to own the legacy, Centre to issue commemorative coin in memory of Karpoori Thakur" (en ভাষাত). www.thehindubusinessline.com. https://www.thehindubusinessline.com/news/amidst-political-tussle-to-own-the-legacy-centre-to-issue-commemorative-coin-in-memory-of-karpoori-thakur/article67767840.ece। আহৰণ কৰা হৈছে: 24 January 2024. 
  25. "Why are JD(U), RJD rushing to claim Karpoori Thakur's legacy? Explained" (en ভাষাত). Hindustan Times. 24 January 2024. https://www.hindustantimes.com/india-news/why-are-jd-u-rjd-rushing-to-claim-karpoori-thakurs-legacy-explained-101706083316933.html। আহৰণ কৰা হৈছে: 24 January 2024. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]