২৮ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২২ |
২৮ জুলাই (ইংৰাজী: 28 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৯তম (অধিবৰ্ষত ২১০তম) দিন। বছৰ শেষ হ'বলৈ ১৫৬ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে।
- ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।
- ১৯৭৯ - চৌধুৰী চৰণ সিং ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ২০০১ - ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° মামণি ৰয়ছম গোস্বামী ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ২০০৭ - মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।
- ২০১১ - লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।
- ২০১১ - ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।
- ২০১২ - উজনি অসমত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰে।
- ২০১২ - ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়।
জন্ম[সম্পাদনা কৰক]
- ১৬৩৫ - ৰবাৰ্ট হুক, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্য়াত।
- ১৯৩২ - হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
- ১৯৮৭ - পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
- ১৯৯৩ - হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৫০ - যোহান ছোষ্টিন বাখ, ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী।
- ১৯৩৯ - দেশভক্ত তৰুণ ৰাম ফুকন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা।
- ২০১৬ - মহাশ্বেতা দেৱী, পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।
দিৱস[সম্পাদনা কৰক]
- দেশভক্তি দিৱস (অসম)।
- কাব্যস্নেহ দিৱস (অসম)।
- বিশ্ব হেপাটাইটিছ দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৮ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|